প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ মণিপুৰী প্ৰতিবাদকাৰীৰ

সংসদৰ অধিৱেশনৰ এদিন পূৰ্বে মণিপুৰৰ ক্ষুদ্ধ আন্দোলনকাৰীসকলে জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে নতুন দিল্লীৰ সংসদৰ ভিভিআইপি নিৰাপত্তা বেষ্টনিত সন্মুখত সন্মিলিত হৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিমূৰ্তি দাহ কৰে।

প্ৰতিবাদকাৰীসকলৰ এই পদক্ষেপে নিৰাপত্তা ৰক্ষীসকলক আক্ৰমণাত্মক কৰি তোলে। নিৰাপত্তাৰক্ষীসকলে আৰক্ষীয়ে লাঠিচালনা কৰাৰ ফলত ৬ জন প্ৰতিবাদকাৰী আহত হয়।

মিলন নামৰ এগৰাকী ছাত্ৰ নেতাই কৈছে, ‘‘আৰক্ষীৰ লাঠি চালনাত আমাৰ ৬জন স্বেচ্ছাসেৱক আহত হৈছে। প্ৰধান মন্ত্ৰী মোডী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ জুমুঠি দাহ কৰাৰ বাবে আমাক মন্দিৰ মাৰ্গ আৰক্ষী থানাত আটক কৰি ৰখা হৈছে।’’

ইয়াৰ পূৰ্বে মণিপুৰৰ বিভিন্ন সংগঠনৰ স্বেচ্ছাসেৱকসকলে নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ‘‘আমাৰ নিজৰ মানুহৰ চিনাকিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই বিধেয়ক অনতিপলমে বাতিল কৰাৰ দাবী জনাইছোঁ।’’ মিলনে কৈছে।

উক্ত বিধেয়কখন ৰাজ্যসভাত উপস্থাপন কৰা হোৱা নাই।প্ৰণিধানযোগ্য যে  ৰাজ্যসভাত শাসনাধিষ্ঠ এনডিএ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নাই।