NORTHEAST NOW (Assamese)

আইডব্লিউএফ ৱৰ্ল্ড ৱেইটলিফটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে

December 10, 2021 1:37 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 10, 2021 1:39 pm

মণিপুৰৰ ভাৰোত্তোলক এছ বিন্দিয়াৰাণী দেৱীয়ে উজবেকিস্তানৰ তাচখন্দত চলি থকা ২০২১ চনৰ আইডব্লিউএফ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে।

তেওঁ মহিলাৰ ৫৫ কিলোগ্ৰাম শাখাত ক্লিন এণ্ড জাৰ্কত সোণৰ পদক জয়ী হয়।

২২ বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে ক্লিন এণ্ড জাৰ্কত ১১৪ কিলোগ্ৰাম উত্তোলন কৰি সোণৰ পদক নিশ্চিত কৰে। অৱশ্যে সামগ্ৰিকভাৱে ৫৫ কিলোগ্ৰাম শাখাত চতুৰ্থ স্থানত থাকে খেলুৱৈ গৰাকী।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (ছাই) ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত বিন্দিয়াৰাণীৰ জয় নিশ্চিত কৰিছে।

“আইডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ২০২১ত ভাৰতৰ বাবে প্ৰথম টো সোণৰ পদক। এছ. বিন্দিয়াৰাণী দেৱীয়ে মহিলাৰ ৫৫ কিলোগ্ৰাম ইভেণ্টত ১১৪ কিলোগ্ৰাম লিফ্টৰ সৈতে ক্লিন এণ্ড জাৰ্ক শ্ৰেণীত স্বৰ্ণ জয় কৰে আৰু সামগ্ৰিকভাৱে ৪ৰ্থ স্থান লাভ কৰে। বিন্দিয়াৰাণীৰ সফল প্ৰচেষ্টা। বহুত অভিনন্দন।” ছাই-এ টুইট কৰিছে।

 

ড’নাৰ মন্ত্ৰালয়ে বিদ্যৰাণীক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছে।

“সাহস, গৌৰৱ, সোণ। মহিলাৰ ৫৫ কেজি ক্লিন এণ্ড জাৰ্ক শ্ৰেণীত ১১৪ কেজিৰ সৰ্বশ্ৰেষ্ঠ লিফ্টৰ সৈতে স্বৰ্ণ পদক জয় কৰাৰ বাবে শ্ৰীমতী এছ বিন্দিয়াৰাণী দেৱীক আন্তৰিক অভিনন্দন। চেম্পিয়নলৈ অলেখ অভিবাদন।” ডনাৰ মন্ত্ৰালয়ে টুইট কৰিছে।

Related News