NORTHEAST NOW (Assamese)

মণিপুৰত ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ১৬০০০ অতিক্ৰম; মৃতকৰ সংখ্যা ১২১ গৰাকীলৈ বৃদ্ধি

October 21, 2020 6:42 am · এন ই নাও নিউজ

মণিপুৰত বিগত ২৪ ঘণ্টাত নতুনকৈ ২৮৪ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ১৬০৬২ গৰাকীলৈ বৃদ্ধি পায়।

ৰাজ্যখনৰ কোভিড নিয়ন্ত্ৰণ কক্ষই জনোৱা অনুসৰি মঙলবাৰে ৰাজ্যখনত কোভিড আক্ৰান্ত হোৱা ২৮৪ গৰাকী লোকৰ ভিতৰত ২৭৭ গৰাকী সাধাৰণ নাগৰিক আৰু ৭ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱান।

পশ্চিম ইম্ফল, পূৱ ইম্ফল, থৌবাল, জিৰিবাম, কাংগপোই, উখৰুল, কাকচিং, ন’নেই, তামেংলং, চুৰাচান্দপুৰ, সেনাপতি আৰু বিষ্ণুপুৰ জিলাত কোভিড প’জিটিভ লোক সকল ধৰা পৰে।

কোভিড প’জিটিভ হোৱা ৭ গৰাকী সাধাৰণ নাগৰিকৰ ভিতৰত চাৰিগৰাকী বহিঃৰাজ্যৰ পৰা উভতি অহা।

কোভিড প’জিটিভ হোৱা লোকসকলক ৰাজ্যখনৰ কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

আনহাতে, বিগত ২৪ ঘণ্টাত মণিপুৰত চাৰিগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

মণিপুৰত বৰ্তমানলৈ মুঠ ১২১ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

মণিপুৰত ২৪ মাৰ্চত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে ২৯ জুলাইত প্ৰথম গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছিল।

পাহাৰীয়া ৰাজ্যখনত বৰ্তমান ৩৮৮২ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে ১২০৫৯ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত আৰোগ্য হৈ উঠিছে।

Related News