NORTHEAST NOW (Assamese)

ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ তালিকাত স্থান লাভ মণিপুৰৰ ৰঞ্জিতা দেৱী আৰু মেঘালয়ৰ ৰিঅ’লাং ধাৰৰ

October 24, 2020 11:05 am · এন ই নাও নিউজ

উত্তৰ-পূবৰ ক্ৰীড়া ক্ষেত্ৰক পুনৰবাৰ গৌৰৱিত কৰি মণিপুৰৰ ৰঞ্জিতা দেৱী টেকচাম আৰু মেঘালয়ৰৰ ৰিঅ’লাং ধাৰে ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

অলপতে ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ তালিকা প্ৰকাশ পাইছিল।

ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ তালিকাত ৰঞ্জিতা দেৱী টেকচাম ৰেফাৰী হিচাপে স্থান লাভ কৰাৰ বিপৰীতে ৰিঅ’লাং ধাৰে সহযোগী ৰেফাৰী হিচাপে স্থান লাভ কৰে।

উল্লেখযোগ্য যে, ৰিঅ’লাং ধাৰে মেঘালয় আৰক্ষীত কনিষ্টবল হিচাপে কৰ্মৰত হৈ আছে।

ৰিঅ’লাং ধাৰ মেঘালয়ৰ প্ৰথমগৰাকী ফিফাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় ফুটবল ক্ষেত্ৰত দুয়োগৰাকী মহিলাৰ এই সাফল্যই মেঘালয় আৰু মণিপুৰৰ লগতে উত্তৰ-পূবক গৌৰৱিত কৰিছে।

Related News