• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি নিজ গৃহত উপস্থিত বঙাইগাঁৱৰ ছাত্ৰ মঞ্জুৰ

কেনে আছে সুৰংগনা দত্ত,আব্দুল বাতেন — তথ্য নাই চৰকাৰৰ হাতত, সীমান্ত অতিক্ৰম কৰোতে সময় লাগিছিল ১৭ ঘণ্টা, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিছে পিঠি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 3, 2022 7:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনত যুদ্ধৰ বাবে আৱদ্ধ হৈ পৰা অসমৰ বঙাইগাঁও জিলাৰ এজন ছাত্ৰ যোৱা নিশা আহি নিজ গৃহত উপস্থিত হৈছে ৷ ইউক্ৰেইনৰ পৰা আহি নিজ গৃহত উপস্থিত হোৱা ছাত্ৰজন হ’ল মঞ্জুৰ আলম ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নিকটৱৰ্তী ৫ নং ভাণ্ডাৰা গাঁৱৰ চুলতান আলীৰ পুত্ৰ মঞ্জুৰ আলমেও ইউক্ৰেইনলৈ চিকিৎসা বিজ্ঞান পঢ়িবলৈ গৈছিল ৷

উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিত এতিয়া ইউক্ৰেইনত আবদ্ধ হৈ পৰিছে বহু প্ৰবাসী লোক। এইসকল লোকৰ ভিতৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো লোক আছ ৷ আছে বঙাইগাঁও জিলাৰো বহু জন৷ ইয়াৰে অধিকাংশই হ’ল ইউক্ৰেইনত অধ্যয়ন কৰিবলৈ যোৱা ছাত্ৰ – ছাত্ৰী ৷ হঠাতে আৰম্ভ হোৱা যুদ্ধকলৈ এতিয়া দিশহাৰা হৈ পৰিছে প্ৰৱাসী লোকসকল ৷

Apply Now

ইতিমধ্যে ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক নিজ দেশলৈ উদ্ধাৰ কৰি অনাৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ ইপিনে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ মঞ্জুৰ আলম নিশা দিল্লীৰ পৰা বিমানেৰে আহি গুৱাহাটীত উপস্থিত হয় আৰু তাৰ পিচত নিজ গৃহলৈ আহে ৷ মঞ্জুৰ আলমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ইউক্ৰেইনৰ সীমান্তৰ পৰিৱেশ ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে ৷ সীমান্ত অতিক্ৰম কৰাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

এতিয়াও তেওঁৰ ভালেকেইজন বন্ধু সীমান্ততে আৱদ্ধ হৈ আছে ৷ সেয়ে সীমান্তত যদি ভাৰত চৰকাৰৰ দূতাবাসৰ লোক থাকে, তেতিয়াহলে সুবিধা হ’ব ৷ কাৰণ সীমান্তত কোনো পৰিৱেশ নাই ৷ সকলো একেলগে আছে বাবে সীমান্ত পাৰ হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰসকল ৷ মঞ্জুৰ আলমে জানিবলৈ দিয়া মতে তেওঁ অহালৈকে দুহেজাৰমান ছাত্ৰ – ছাত্ৰী ইউক্ৰেইনৰ পৰা আহিছে যদিও মুঠ দেশখনত ১৭ হেজাৰমান শিক্ষাৰ্থী আছে ৷ মঙলবাৰে অসমৰ সাতজন শিক্ষাৰ্থী আহিছিল আৰু বিমানত মুঠ ১৯০ গৰাকী শিক্ষাৰ্থী আছিল ৷

ইয়াৰ পূৰ্বে অহা বিমানখনত ২০০ জন শিক্ষাৰ্থী ভাৰতলৈ অহা বুলি কয় ৷ ছাত্ৰজনে চৰকাৰক তেওঁক স্বদেশলৈ অনাৰ বাবে ধন্যবাদ জনাই কয় যে দিল্লী আৰু গুৱাহাটী বিমান বন্দৰলৈ আমাক অনাৰ বাবে যিমান সহায় লাগে তাতোকৈ বেছি সহায়ৰ প্ৰয়োজন হৈ পৰিছে সীমান্তৰ ভিতৰত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলকহে ৷ কাৰণ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰা বিশ্ববিদ্যালয় চৌহদৰ পৰা সীমান্তলৈ অহা আৰু সীমান্ত অতিক্ৰম কৰাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ এইক্ষেত্ৰত শিক্ষাৰ্থীসকলক নিজ নিজ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কোনো সহায় নকৰা বুলিও কয় ৷

সীমান্তলৈকে শিক্ষাৰ্থীসকলৰ বাবে বাছৰ ব্যৱস্থা কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছিল যদিও অৱশেষত কোনো ধৰণৰ ব্যৱস্থা নকৰাত নিজাববীয়াকৈ বাছৰ ব্যৱস্থা কৰি আঠ ঘণ্টা যাত্ৰা কৰাৰ পিচত বাছে সীমান্তৰ পৰা পাঁচ কিলোমিটাৰ দূৰৈত নমাই দিছিল ৷ ইয়াৰ পিচত তেওঁলোকে খোজকাঢ়ি সীমান্তত উপস্থিত হৈছিল ৷

সীমান্ত পাৰ হ’বলৈ ১৭ ঘণ্টা সময় লাগিছিল বুলিও তেওঁ কয় ৷ সীমান্ত পাৰ হোৱাৰ পিচত বাছেৰে বিমান বন্দৰলৈ পঠিয়াই দিছিল আৰু বিমান বন্দৰৰ পৰা ভাৰতৰ দূতাবাসৰ লোকে দিল্লীলৈ পঠিয়াইছিল ৷ ইউক্ৰেইনত থকাৰ সময়ত দুদিন হোষ্টেলৰ বাংকাৰত কটাবলগীয়া হৈছিল বুলিও কয় ছাত্ৰজনে ৷ ইপিনে নিজ গৃহত উপস্থিত হোৱা মঞ্জুৰ আলমৰ খবৰ ল’বলৈ তেওঁৰ ঘৰত উপস্থিত হয় বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিতামণি দাস ৷ তেওঁলোকে ছাত্ৰজনৰ গৃহত উপস্থিত হৈ ছাত্ৰজনে সন্মুখীন হোৱা পৰিস্থিতি আদিৰ বিষয়ে বুজ লয় ৷

ইয়াৰ বিপৰীতে কিন্তু বঙাইগাঁও চহৰৰ পাগলাস্থানৰ বীৰেন্দ্ৰ প্ৰসাদ গুপ্তাৰ পুত্ৰ স্বস্তিক ৰাজ বৰ্তমানেও নিজ গৃহত আহি উপস্থিত হ’ব পৰা নাই ৷ চিকিৎসা বিজ্ঞানৰ এমবিবিএছ পাঠ্যক্ৰম অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ গৈছিল স্বস্তিক ৰাজ ৷ ইউক্ৰেইনৰ কিয়েভ মেডিকেল কলেজত ৩ বছৰ ধৰি অধ্যয়ন কৰি আছে ছাত্ৰজনে ৷

সম্প্ৰতি যুদ্ধৰত ৰাষ্ট্ৰখনৰ পৰা স্বস্তিকে অদ্যাপি স্বদেশ(ভাৰত)লৈ উভতিব পৰা নাই ৷ স্বস্তিকৰ পিতৃ বীৰেন্দ্ৰ প্ৰসাদ গুপ্তাই জনোৱা মতে যুদ্ধৰত ৰাষ্ট্ৰ ইউক্ৰেইনৰ পৰা স্বস্তিকে বৰ্তমান হাংগেৰি লৈ গৈছে । বৰ্তমান হাংগেৰিস্থিত ভাৰতীয় দূতাবাসৰ সৈতে আছে স্বস্তিক ৷

বুধবাৰে পুৱা পিতৃৰ লগত কথা পাতিছে পুত্ৰ স্বস্তিকে ৷ জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বঙাইগাঁও জিলাৰ অভয়াপুৰী ৩ নম্বৰ ৱাৰ্ডৰ সুৰংগনা দত্ত আৰু মাজেৰআলগাৰ আব্দুল বাতেন নামৰ দুগৰাকী শিক্ষাৰ্থীও ইউক্ৰেইনত আছে ৷ তেওঁলোকৰ বিতং তথ্য এতিয়াও লাভ কৰা নাই ৷

উল্লেখ্য যে জানিব পৰা মতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ সমীপৰ ১ নং বাশবাৰী গাঁৱৰ আব্দুল ৱাহেবৰ পুত্ৰ ৰুবুল হাচানওে উচ্চশিক্ষা গ্ৰহণৰ উদ্দেশ্যে ইউক্ৰেইনলৈ গৈছিল যদিও ইতিমধ্যে সুকলমে নিজ গৃহত আহি উপস্থিত হৈছে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd