• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভিনেতা, পৰিচালক মনোজ বৰকটকীৰ সৈতে অলপ আলাপ -ৰিমলী বৰকটকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2026 9:37 pm
110
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এখন নেদেখা নদীৰ সিপাৰে” ছবিখনৰ এটি চৰিত্ৰৰে অসমীয়া ছবিজগতত ভুমুকি মৰা মনোজ বৰকটকীৰ পৰিচয় বৰ্তমান ন-কৈ দিয়াৰ প্ৰয়োজন নাই। ‘এখন নেদেখা নদীৰ সিপাৰে’ৰ পিছত ‘মিডনাইট ছং’, ‘শ্বেড’ এছেচিনছ’, ‘বিফ’ৰ স্প্ৰিং’, ‘ককাইদেউ বিন্দাছ’, ‘বাঘজান’ আদি বিভিন্ন ছবিত অভিনয় কৰা মনোজ বৰকটকী মাথোঁ এজন সুদক্ষ তথা সুদৰ্শন অভিনেতাই নহয়, এজন পৰিচালকো। তেওঁৰ দ্বাৰা পৰিচালিত ‘দাই’ আৰু ‘মনন’ নামৰ চুটি ছবি দুখনে দৰ্শকৰ লগতে সমালোচকৰো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মুম্বাইক নিজৰ কৰ্মস্থলী কৰি লোৱা মনোজ বৰকটকীৰ সৈতে আজিৰ এই চিনেমাৰ কথন।

ৰিমলী: আপুনি নিজকে কি বুলি পৰিচয় দিবলৈ ভালপায়? কোনটো পৰিচয় মনৰ ওচৰৰ?

Apply Now

মনোজ: মই যিহেতু এজন অভিনেতা প্ৰথম, গতিকেই নিজকে অভিনেতা বুলি চিনাকি দিবলৈকে ভালপাম। এই পৰিচয়েই মোৰ মনৰ ওচৰৰ।

ৰিমলী: যিহেতু কলাৰ দৃশ্য-শ্ৰাব্য মাধ্যম ৰূপে আটাইতকৈ অধিক প্ৰভাৱশালী মাধ্যম বুলি চিনেমাক জনা যায়, মানুহৰ বাবে, সমাজৰ বাবে এই কলাৰ অৱদানৰ গুৰুত্ব কিমান বুলি ভাবে?

মনোজ: হয়, আজিৰ বিশ্বায়ণৰ যুগত চিনেমা অতি শক্তিশালী গণমাধ্যম ৰূপে পৰিগণিত হৈছে। চিনেমাই সমাজত বা মানুহৰ মাজত প্ৰত্যক্ষ প্ৰভাৱ খুব কমেইহে পেলায়। সমাজনীতি, ৰাজনীতি, অৰ্থনীতি কিম্বা ব্যক্তিগত জীৱন— এই সকলোবোৰকে সাঙুৰি চিনেমাই এখন দাপোনৰ দৰে কাম কৰে। অৱশ্যে ব্যক্তিকেন্দ্ৰিকভাৱেও ই প্ৰভাৱ পেলায়। মোৰ চকুৰ আগতে “থ্ৰী ইডিয়টছ” চিনেমাখন চাই, নিজৰ অধ্যয়ন বাদ দি অভিনেতা হোৱাৰ হাবিয়াসৰ কথা নিজ ঘৰত মুকলিকৈ কোৱা ল’ৰাও পাইছোঁ। আনহাতে, ‘অপুৰ সংসাৰ’, ‘মেঘে ঢাকা তাৰা’ আদি চলচ্চিত্ৰই চিনেমাৰ যোগেদি কাব্য-সাহিত্যক তুলি ধৰিছে। আমাৰ ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ চিনেমায়ো এক ধাৰাৰ সৃষ্টি কৰি, সমাজক ভবাই তুলিবলৈ সক্ষম হৈছিল। ‘কবীৰ সিং’, ‘এনিমেল’ আদিৰ দৰে চিনেমাই অৱশ্যে ঋণাত্মক প্ৰভাৱো পেলোৱা দেখা যায়। আচলতে ছবিখনৰ পৰা সমাজ আৰু মানুহৰ মাজলৈ কি আৰু কেনে বাৰ্তা দিব খুজিছে, সেইটো ছবি নিৰ্মাতাজনৰ ওপৰত নিৰ্ভৰ কৰে। চিনেমা এখন চালেই যে কোনোবা ভাল বা বেয়া হৈ যাব ঠিক তেনে নহয়, তথাপিও এক প্ৰভাৱ নিশ্চয় থাকে।

ৰিমলী: আপোনাৰ বাবে চিনেমা কি? চিনেমাৰ প্ৰতি এই মোহ বা প্ৰেমৰ কাৰণ কি আৰু কেতিয়া ইয়াৰ সৃষ্টি হৈছিল?

মনোজ: মোৰ বাবে আত্মপ্ৰকাশৰ এক মাধ্যম চিনেমা। এখন দেশৰ এজন নাগৰিক হিচাপে আৰু পৰিচালক হিচাপে মোৰ নিজৰ কথাখিনি কোৱাৰ এক মাধ্যম বা আহিলা হ‘ল চিনেমা। আৰু অভিনেতা হিচাপেও মই ৰূপায়ণ কৰা চৰিত্ৰসমূহৰ মাজত এই নিজা এক প্ৰাণ দিয়াৰ কথাটো বিচাৰি পাওঁ। কেমেৰাৰ “একচন” আৰু “কাট”ৰ মাজৰ সময়খিনিয়ে মোক এক প্ৰশান্তি দিয়ে। চিনেমাৰ প্ৰতি মোৰ মোহ বা এই প্ৰেম আশৈশৱ।

ৰিমলী: বৰ্তমানলৈকে নিজৰ কোনটো কাম কৰি অধিক সুখী?

মনোজ: চৰিত্ৰবোৰ ৰূপায়ণ কৰি ভালেই লাগিছে। পিছে এজন অভিনেতা ৰূপে মই নিজৰ অভিনয়ক বা কামক লৈ সম্পূৰ্ণ সন্তুষ্ট নহয়। ইয়াতকৈয়ো অধিক ভাল কৰিব পৰাৰ যেন অৱকাশ ৰৈ যায়। যিদৰে ‘বাঘজান’ ছবিখনৰ মোৰ অন্তিম দৃশ্যটো মই ভালদৰে ৰূপায়ণ কৰিব নোৱাৰিলোঁ যেন লাগে। কেতিয়াবা আকৌ শ্বুটিং কৰা সময়ত ভাল নলগা দৃশ্যটো আকৌ পৰ্দাত ভাল দেখা যায়। ন ন আৰু ভিন্নতা থকা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ ভালপাওঁ। যি ক্ষেত্ৰতেই নহওক কিয়, নতুনকৈ শিকি ভালপাওঁ। গতিকে কি কৰিব পাৰিছোঁ সেয়া দৰ্শকেহে ক’ব পাৰিব। মোৰ সকলোবোৰ চৰিত্ৰই প্ৰিয়।

ৰিমলী: অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে আৰু নিজৰ বাবে কি কি কৰিব খোজে?

মনোজ: অসমীয়া চলচ্চিত্ৰ জগতক উদ্যোগলৈ পৰ্যবসিত কৰাৰ ক্ষেত্ৰত যদিহে মই অলপ অৰিহণা যোগাব পাৰোঁ, সেয়া মোৰ বাবে পৰম সৌভাগ্যৰ কথা হ’ব। অসমীয়া চলচ্চিত্ৰৰ উদ্যোগটো এতিয়াও উদ্যোগ হৈ উঠা নাই, ই এক কুটিৰ শিল্পৰ দৰে চালুকীয়া অৱস্থাত আছে। এই শিল্পক উদ্যোগলৈ ৰূপান্তৰিত কৰাত আন সকলোৰে লগতে ময়ো কিবা অৱদান যোগাব পাৰোঁ, সেয়া মোৰ জীৱনৰ এক পৰম প্ৰাপ্তি হ’ব। উদ্যোগ হ’লে আমাৰ নিজা এক সুকীয়া পৰিচয় হ’ব, চিনেমালৈয়ো নতুনত্ব আহিব আৰু কলা-কুশলীসকলে নিৰাপত্তা পাব। নিজৰ বাবে মই আমৃত্যু অভিনয় কৰি যাব বিচাৰোঁ, চিনেমা নিৰ্মাণ কৰিব বিচাৰোঁ।

ৰিমলী: বৰ্তমান সময়ত অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ অৱস্থা কেনে বুলি ভাবে? আৰু কি কি উপাদানৰ প্ৰয়োজন আছে ইয়াক উদ্যোগ ৰূপে গঢ় দিবলৈ?

মনোজ: অসমীয়া চলচ্চিত্ৰৰ উদ্যোগ এতিয়াও গঢ় লৈ উঠা নাই বুলি পূৰ্বে উল্লেখ কৰিছোঁ। এই শিল্প বৰ্তমান সময়ত ব্যৱসায়িক দিশত অগ্ৰগামী হোৱা দেখা গৈছে। সেয়া সম্ভৱ হৈছে কাৰণ চিনেমা হলৰ সংখ্যা কিছুখিনি বাঢ়িছে। সেয়ে দৰ্শকৰ মাজত চিনেমাৰ প্ৰসাৰতা বৃদ্ধি পাইছে। কাৰিকৰী দিশত যথেষ্ট আগবঢ়া দেখা গৈছে। পিছে দুটামান দিশত বৰ দুৰ্বল হৈ আছে, যেনে— লিখন অৰ্থাৎ চিত্ৰনাট্য লিখনৰ লগতে চৰিত্ৰবোৰ নিৰ্মাণ কৰাত লেখকসকলে আৰু অলপ গুৰুত্ব দিলে ভাল হয়। দ্বিতীয় কথা হ’ল মাৰ্কেটিং আৰু প্ৰ’ম’শ্বন— এই দুটাৰ বেছ অভাৱ পৰিলক্ষিত হয়। ইয়াৰ অভাৱত বহু ভাল চিনেমাও দৰ্শকৰ ওচৰ গৈ নাপায়। আৰু এক অভাৱ হৈছে প্ৰডাকচন ডিজাইন।

ৰিমলী: বৰ্তমান কি কি কামত ব্যস্ত হৈ আছে আৰু ভৱিষ্যত পৰিকল্পনা কি?

মনোজ: বৰ্তমান মই মোৰ নতুন ছবি “ভাকুটকুট”ৰ প্ৰ‘ম’শ্বনত ব্যস্ত। ‘অনুনাদ’ৰ পিছত প্ৰায় তিনি বছৰৰ বিৰতিৰ মূৰত মোৰ এই অসমীয়া ছবিখনে মুক্তি লাভ কৰিব। বৰ আশাবাদী এই ছবিখনক লৈ। লগতে মই এখন হিন্দী ভাষাৰ ছবি “অগম্য”ত কাম কৰিছোঁ। এই ছবিখন ফ্ৰাঞ্জ কাফ্কাৰ “কাফ্কাজ কাছল”ৰ চিত্ৰ ৰূপান্তৰ। তদুপৰি তিনিখনমান মাইক্ৰ’ ড্ৰামাৰ কামত ব্যস্ত আছোঁ। লগতে পৰিচালক হিচাপে মোৰ নতুন তথা পূৰ্ণদৈৰ্ঘ্যৰ প্ৰথমখন চিনেমা “মাই ডেডছ্ হ’ম”ৰ প’ষ্ট-প্ৰডাকচনৰ কাম চলি আছে।

ৰিমলী: মুম্বাই যাত্ৰাৰ বিষয়ে কিছু কথা জনাব নেকি?

মনোজ: মই ২০১১ চনৰ শেষৰ ফালে মুম্বাই গৈছিলোঁ। তেতিয়া মোৰ বয়স ২৩ বছৰ। মুম্বাই যোৱাৰ প্ৰথম কাৰণ আছিল এখন বহল পৰিসৰত কাম কৰাৰ হেঁপাহ। অসমত সেই সময়ত নিজকে প্ৰকাশ কৰাৰ সুবিধা খুব কম যেন অনুভূত হৈছিল। মোৰ ভিন্ন ভাষাত, ভিন্ন উদ্যোগত অভিনয় কৰাৰ মন আছে। তাৰ মাজতে কম পৰিমাণে হ’লেও অসমীয়া ছবিত অভিনয় কৰাৰ সুযোগ মই পাই আছোঁ, যাৰ বাবে মই কৃতজ্ঞ। কাৰণ অসমীয়া মোৰ মাতৃভাষা, অসমখন মোৰ আপোন। মই আন্তঃৰাষ্ট্ৰীয় চিনেমাও কৰিব খোজোঁ। মই নিজকে তেনেদৰে প্ৰস্তুত কৰি আছোঁ বুলি ভাবোঁ। মোৰ মীৰা নায়াৰৰ সৈতে কাম কৰাৰ ইচ্ছা আছে।

ৰিমলী: চিনেমাৰ কোনটো ধাৰা আপোনাৰ প্ৰিয়?

মনোজ: চিনেমাৰ ধাৰাক লৈ বিশেষ কথা নাই আচলতে। সকলো ধাৰাৰ চিনেমাই ভালপাওঁ। পিছে ছায়েন্স ফিকচনৰ ধাৰাটো মোৰ বৰ এটা পচন্দৰ নহয়। মোৰ বাবে চিনেমাই কি ধৰণৰ নতুন কথা কৈছে তাক লৈহে মোৰ গুৰুত্ব সদায়। আজিকালি মই চিনেমা খুব কম চাওঁ। মাজতে মই দুবছৰ ধৰি চিনেমাৰ পৰা সম্পূৰ্ণ আঁতৰি আছিলোঁ।

ৰিমলী: অসমীয়া চিনেমা অসমতে ভালকৈ নচলে কিয় বুলি ভাবে? এই ক্ষেত্ৰত জাতীয়তাবাদী আৱেগ কিমান প্ৰযোজ্য?

মনোজ: অসমীয়া চিনেমা অসমতে নচলাৰ মূল কাৰণ হ‘ল অসমত হল নাই। দৰ্শকে চিনেমা চাবলৈয়ে নাপায় বহু ঠাইত। এতিয়া অৱশ্যে হলৰ সংখ্যা বাঢ়িছে। আৰু আন যিকোনো উদ্যোগতে সকলো চিনেমা এনেয়ো নচলে। মাত্ৰ ৫-১০% চিনেমাহে চলে। কথা হ’ল চিনেমাখন ভাল হ’ব লাগিব আৰু ভালকৈ ইয়াৰ প্ৰ’ম’শ্বন কৰিব লাগিব। চিনেমাবোৰ সৎ হ’ব লাগে। ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰমূলক চিনেমা বা যাক প্ৰপাগাণ্ডা চিনেমা বুলি কোৱা হয়, তেনে চিনেমা কৰিব নালাগে। মই পিছে অসমীয়া চিনেমাৰ অগ্ৰগতিহে দেখি আছোঁ এতিয়া।

ৰিমলী: ধন্যবাদ মনোজ বৰকটকী আমাক ইমানখিনি সময় দিয়াৰ বাবে। আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

মনোজ: ধন্যবাদ।

–ৰিমলী বৰকটকী

ই-মেইল: [email protected]

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd