মাৰ্ঘেৰিটাত ৩ লাখ টকা মূল্যৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দেশ বাহদুৰ আৰু এজনক গ্ৰেপ্তাৰ

IMG-20220310-WA0010

ফটো: নৰ্থইষ্ট নাও।

সমগ্ৰ ৰাজ্যতে অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে আৰক্ষীৰ চকুত ধুলি দি ব্যাপক ৰূপত অব্যাহত ৰাখিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সমগ্ৰ মহকুমাটোতে অবাধ হাৰত চলি থকা ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে অতি গোপনে ড্ৰাগছ সৰবৰাহ কৰা  নামদাং কলিয়ৰীৰ সমীপৰ পৰা দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন অলিম্পিক পদক বিজয়ী লাভলিনাৰ; খেলিব অংকুশিতাইয়ো

মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম দাস আৰু উপ পৰিদৰ্শক ৰাজশ্ৰী বুঢ়াগোঁ‌হাইৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে ড্ৰাগছ বিক্ৰী কৰি থকা তথ্য লাভ কৰি বিক্ৰী কৰি থকা অৱস্থাতে ড্ৰাগছ ভৰ্তি দুটা চাবোন বাকচৰ সৈতে দেশ বাহাদুৰ লামাক আৰু ২২.৪৯ গ্ৰাম সন্দেহযুক্ত হিৰ’ইনসহ ৰণি তামাঙক আটক কৰে।

উল্লেখ্য যে, দেশ বাহাদুৰ লামা হত্যা আৰু ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত পূৰ্বতে কাৰাগাৰলৈ যোৱাৰ নজিৰ আছে। আজি জব্দ কৰা ড্ৰাগছৰখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে।

উল্লেখ্য যে অঞ্চলটোৰ কুখ্যাত ড্ৰাগছ বেপাৰী দেশ বাহাদুৰ লামক ড্ৰাগছসহ আটক কৰিবলৈ ইতিপূৰ্বে কেইবাৰো আৰক্ষীয়ে অভিযান চলাইছিল যদিও সফল হ’ব পৰা নাছিল।

লগতে পঢ়ক: মোবাইল মেৰামতি দোকানৰ পৰা পঞ্জাৱ বিধানসভালৈ: প্ৰাক্তন মুখ্যমন্ত্ৰীক হৰুৱাই চমক চাফাই কৰ্মীৰ পুত্ৰৰ

দীৰ্ঘদিন ধৰি নামদাং অঞ্চলত বাহৰ পাতি অৰুণাচলৰ চাংলং, জয়ৰামপুৰ আদি অঞ্চলটোত ধৃত দেশ বাহাদুৰে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল বুলি সূত্ৰসমূহে জানিবলৈ দিয়ে।

আৰক্ষীৰ অভিযানত দেশ বাহদুৰৰ গ্ৰেপ্তাৰৰ খবৰে ৰাইজৰ মাজত যথেষ্ট সকাহ দিয়াৰ লগতে সচেতন ৰাইজে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে।