NORTHEAST NOW (Assamese)

চৰকাৰৰ দীৰ্ঘদিনীয়া অৱহেলাক লৈ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত মাৰ্ঘেৰিটা গাঁওবাসীৰ

March 9, 2025 8:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 9, 2025 7:48 pm

দীৰ্ঘকাল ধৰি সমাধান নহোৱা সমস্যা সমূহৰ বাবে হতাশ হৈ ৮৩ নং মার্ঘেৰিতা নির্বাচনী ক্ষেত্ৰৰ খুমচাই গাঁও পঞ্চায়তৰ অধীনস্থ অমৃত গাঁও, লিডুৰ বাসিন্দাসকলে পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অমৃত গাঁও প্ৰাথমিক বিদ্যালয়ত দেওবাৰে আয়োজিত এক সচেতনতা সভাৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰি গাঁওবাসীয়ে তেওঁলোকৰ স্বাস্থ্যসেৱাৰ অভাৱ, ব্যাপকভাৱে ড্ৰাগছ আৰু সুৰা সেৱন, জল জীৱন মিছনৰ অধীনত পানী যোগানৰ অভাৱ, মাটি খহনীয়া, জলসিঞ্চনৰ সমস্যা আৰু অমীমাংসিত ভূমি বিবাদ আদিৰ বিষয়ে আলোচনা কৰে।

সভাত অমৃত গাঁও, গাঁও ৰক্ষাবাহিনীৰ সচিব জন হান্সৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত চাৰিশৰো অধিক গাঁওবাসী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


জন হান্সে গভীৰ দুখ প্ৰকাশ কৰি কয় যে, স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো অমৃত গাঁও মৌলিক অধিকাৰ পৰা বঞ্চিত হৈ আহিছে।

তেওঁ মাটি খহনীয়াৰ বিধ্বংসী প্ৰভাৱৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত ১০০ বিঘাৰো অধিক কৃষি ভূমি বুঢ়াদেহিং নদীত উটুৱাই নিয়াৰ লগতে শিক্ষা ত্যাগ কৰাৰ হাৰ অধিক হোৱাৰ লগতে অপৰ্যাপ্ত শৈক্ষিক সহায়ৰ বাবে সাক্ষৰতাৰ মাত্ৰা কম হোৱাৰ বাবেও উদ্বেগ প্ৰকাশ কৰে।

Related News