NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ চিৰো গাঁৱৰ পৰা সন্ধানহীন ১৭ বছৰীয়া যুৱক; পৰিয়ালৰ এজাহাৰ

October 1, 2018 6:42 pm · মানস প্ৰতিম গগৈ
Updated: October 1, 2018 7:01 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত মাকুম পথাৰ চিৰো গাঁৱৰ পৰা যোৱা ২ দিন ধৰি নিৰুদ্দেশ হৈ থকা এজন যুৱকৰ আজি পৰ্যন্ত কোনো সন্ধান ওলোৱা নাই।

সন্ধানহীন যুৱকজনক মাৰ্ঘেৰিটাৰ চিৰো গাঁৱৰ বাসিন্দা কমল মেছৰ পুত্ৰ দেৱজিৎ মেছ (১৭) বুলি জানিব পৰা গৈছে।

যোৱা ৩০ চেপ্তেম্বৰত যুৱকজনৰ পৰিয়ালৰ লোকে মাৰ্ঘেৰিটা থানাত দাখিল কৰা এজাহাৰ ভিত্তিত জানিব পৰা মতে, যোৱা ২৯ চেপ্তেম্বৰৰ বিয়লী ৩.১০ মান বজাত ইণ্টাৰচিটি ট্ৰেইনযোগে নাহৰকটীয়ালৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা দেৱজিতৰ কোনো খবৰ নাই।

অতি দুখীয়া পৰিয়ালৰ যুৱকজন এনেদৰে হঠাতে নিৰুদ্দেশ হৈ পৰাত তেওঁৰ পৰিয়ালটো হতাশাত ভাগি পৰিছে। সেয়ে কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে ৮০১১৭৬১৫৭১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে কাতৰ আহ্বান জনাইছে।

Related News