Interim Budget 2024: বাজেটত কৃষি মন্ত্ৰালয়ৰ বাবে আৱণ্টন সৰ্বনিম্ন ১.২৭ লাখ কোটি টকা; সাংসদ-মন্ত্ৰীৰ দৰমহাৰ বাবে কিমান?

বৃহস্পতিবাৰে প্ৰতিৰক্ষা, শিক্ষা, আন্তঃগাঁথনি, কৃষি আদি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ বাবে অন্তৱৰ্তীকালীন বাজেটত লাখ লাখ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাংসদ-মন্ত্ৰীৰ দৰমহা আৰু ভাট্টাৰ বাবেও কোটি কোটি টকা আবণ্টন দিছে।

বাজেটৰ তথ্য অনুসৰি সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন ৰাজ্যপালৰ দৰমহা আৰু ভাট্টা আৰু ৰাজ্যিক অতিথিৰ মনোৰঞ্জনৰ বাবে ১২৪৯ কোটি টকা আবণ্টন দিয়া হৈছে।

বাজেটৰ তথ্য অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দৰমহা আৰু খৰচৰ বাবে ৮৩২.৮১ কোটি টকা আবণ্টন দিয়া হৈছে। যোৱা বিত্তীয় বৰ্ষত এই আবণ্টন আছিল ১২৮৯.২৯ কোটি টকা। যোৱা বছৰৰ তুলনাত এই বিত্তীয় বৰ্ষত মন্ত্ৰীৰ বাবে আবণ্টন যথেষ্ট হ্ৰাস পাইছে।

লগতে পঢ়কঃ কেন্দ্ৰীয় বাজেটত কৰ্মসংস্থান মুকলি, মূল্যবৃদ্ধি হ্ৰাসৰ কোনো প্ৰস্তাৱ নাইঃ ডি ৱাই এফ আই

 ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ৰ বাবে ২০০ কোটি টকা আবণ্টন দিয়া হৈছে। যোৱা বিত্তীয় বৰ্ষত এই আবণ্টন আছিল ২৯৯.৩০ কোটি টকা। ইয়াৰ উপৰিও এই বিত্তীয় বৰ্ষত প্ৰধান বৈজ্ঞানিক সচিবালয়ৰ বাবে ৭৬.২ কোটি টকা আবণ্টন দিয়া হৈছে।

সেইদৰে, কেবিনেট সচিবালয়ৰ বাবে ৭০ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে এক ডাঙৰ অংশ ৰাসায়নিক অস্ত্ৰ সন্মিলনত ব্যয় কৰা হ’ব।

ইপিনে, প্ৰতিবেদন অনুসৰি ভাৰতৰ মুঠ ৰাজহ ব্যয় ২০২৪-২৫ বিত্তীয় বৰ্ষত ১১ শতাংশ বৃদ্ধি পাই ১১.১১ লাখ কোটি টকা হৈছে। যিটো আমাৰ জিডিপিৰ ৩.৪ শতাংশ।

লগতে পঢ়কঃ ভাৰতীয় শিবিৰত মোক্ষম আঘাতঃ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ছামি, অনিশ্চিত জাদেজাও

কেন্দ্ৰীয় বিত্তমন্ত্ৰী  নিৰ্মলা সীতাৰমনে কয় যে বিগত চাৰি বছৰত ভাৰতৰ ৰাজহ ব্যয় প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। আৰু এইবাৰৰ অন্তৱৰ্তীকালীন বাজেটত সৰ্বাধিক আৱণ্টন প্ৰতিৰক্ষা খণ্ডলৈ কৰা হৈছে। আৰু সৰ্বনিম্ন ধন কৃষিৰ বাবে ব্যয় কৰা হ’ব।

বাজেটৰ তথ্য অনুসৰি এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাবে আৱণ্টন ৬.১ লাখ কোটি টকা। ইফালে, গড়কাপ্তানী আৰু পৰিবহণ মন্ত্ৰালয়ৰ বাবে আৱণ্টন ২.৭৮ লাখ কোটি টকা। ৰে’লৱেৰ বাবে ২.৫৫ কোটি টকা আৱণ্টন দিয়া হৈছে।

আনহাতে, গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ বাবে এইবাৰৰ বাজেট আৱণ্টন ২.১৩ লাখ কোটি টকা। ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বাবে আৱণ্টন ২.০৩ লাখ কোটি।

লগতে পঢ়কঃ কৰ্ণাটকৰ সাংসদৰ ভাষ্যত পৃথক দাক্ষিণাত্যৰ প্ৰসংগ! বিজেপিৰ তীব্ৰ আক্ৰমণ, শিৱকুমাৰে দিলে স্পষ্টীকৰণ

ইপিনে, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বাবে আৱণ্টন ১.৭৭ লাখ কোটি টকা আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ বাবে আৱণ্টন ১.৬৮ লাখ কোটি টকা। সেইদৰে, যোগাযোগ মন্ত্ৰালয়ৰ বাবে ১.৩৭ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে। কিন্তু কৃষি মন্ত্ৰালয়ৰ বাবে সৰ্বনিম্ন – মাত্ৰ ১.২৭ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে।