NORTHEAST NOW (Assamese)

প্ৰাতঃকৃতই কাল হ’ল; গৌৰীসাগৰত জেঠায়েকৰ ঘৰত ফুৰিবলৈ আহি মৃত্যুক সাবটিলে যুৱকে

November 14, 2018 9:38 pm · ৰাজীৱ দত্ত

শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক ন-পুখুৰীৰৰ সমীপৰ ভটীয়াপাৰত আজি পুৱা এজন যুৱকৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। নিহত যুৱকজনক মৰিগাওঁ জিলাৰ মিকিৰভেটা অঞ্চলৰ মণ্টু বৰা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে দুদিন পূৰ্বে ভটীয়াপাৰৰ জেঠায়েকৰ ঘৰত ফুৰিবলৈ অহা মিকিৰভেটাৰ নবীন বৰাৰ পুত্ৰ মণ্টু বৰাই আজি পুৱা প্ৰায় ৬ মান বজাত জেঠায়েকৰ ঘৰৰ কাষেৰে বৈ যোৱা মেছিজানৰ এ টি ৰোডৰ সংলগ্ন বেজবৰুৱা পুলত প্ৰাতঃকৃত কৰিবলৈ বুলি যাওঁতে জানটোত হঠাতে পিছলি পৰে।

সেই সময়তে এ টি ৰোডেৰে পুৱা প্ৰাতঃ ভ্ৰমণলৈ বুলি অহা এজন স্থানীয় ব্যক্তিয়ে ঘটনাটো প্ৰত্যক্ষ কৰি যুৱকজনৰ জেঠায়েকৰ ঘৰত খবৰ দিয়াৰ লগতে জয়সাগৰ আৰক্ষীক খবৰ দিয়ে।

ঘটনাৰ খবৰ পাই জয়সাগৰ আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত নাও, জাল আদিৰে যুৱকজনক উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলাইছিল যদিও সফল নহ’ল। পিছত দুৰ্য্যোগ প্ৰশমন বিভাগৰ উদ্ধাৰকাৰী দলে যুৱকজনৰ মৃতদেহ মেছিজানটোৰ বুকুৰ পৰা উদ্ধাৰ কৰে।

যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related News