স্বামীয়ে পত্নীৰ সন্মতি নোহোৱাকৈ কৰা যৌন সম্পৰ্ক আৰু মিছা প্ৰতিশ্ৰুতি দি কৰা যৌন সম্পৰ্ক : নতুন আইন মতে কি ধৰণৰ শাস্তি হ’ব অপৰাধীৰ?

১ জুলাইৰ পৰা দেশত বলৱৎ কৰা হৈছে তিনিখনকৈ ফৌজাদাৰী আইন। পুৰণি ভাৰতীয় দণ্ডবিধি আইনৰ সলনি অনা হৈছে এই তিনিখন আইন। এতিয়াৰে পৰা নতুন আইন অনুসৰি অপৰাধমূলক গোচৰ নিষ্পত্তি কৰা হ’ব। যোৱা বছৰ সংসদৰ দুয়োটা সদনে গৃহীত হৈছিল এই তিনিখন আইনৰ বিধেয়ক।

উল্লেখ্য যে পূৰ্বৰ দণ্ডবিধি আইনত মুঠ ৫১১টা ধাৰা আছিল, কিন্তু এতিয়া তাৰ ঠাইত ৩৫৮ টা ধাৰা আছে। আনহাতে চি আৰ পি চিত আছিল  ৪৮৪টা ধাৰা, এতিয়া ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতাত ৫৩১টা ধাৰা আৰু ভাৰতীয় প্ৰমাণ আইনত ১৬৬টা ধাৰা আছে।

উল্লেখ্য যে নাৰী নিৰ্যাতনকে ধৰি বিভিন্ন ক্ষেত্ৰত এই আইন সংশোধন কৰা হৈছে।

আগতে ধৰ্ষণৰ অভিযোগ ৩৭৫ ধাৰাত দাখিল কৰা হৈছিল, এতিয়া সেই ধাৰা হ’ব ৬৩। নতুন আইণৰ ৬৪ৰ পৰা ৭০ ধাৰাত ধৰ্ষণৰ শাস্তিৰ কথা উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বে আই পি চিৰ ৩৭৫ নং ধাৰাত ধৰ্ষণৰ বিষয়ে আছিল আৰু শাস্তিৰ বাবে ৩৭৬ নং ধাৰা আছিল। আই পি চিৰ ৩৭৬ ধাৰা অনুসৰি ধৰ্ষণৰ অভিযোগ প্ৰমাণিত হ’লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছিল, নতুন আইনখনেও ৬৪ নং ধাৰাত একে শাস্তিৰ ব্যৱস্থা কৰিছে।

নাবালক ধৰ্ষণৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদান কৰা হৈছে নতুন আইনত। নতুন আইন মতে, যদিহে ভুক্তভোগীৰ বয়স ১৮ বছৰৰ তলৰ হয় তেন্তে দলবদ্ধ ধৰ্ষণৰ লগত জড়িত যিকোনো ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিব পাৰি। ইয়াৰ পূৰ্বে এই আইনত ১২ বছৰৰ তলৰ নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ সৰ্বোচ্চ শাস্তি আছিল মৃত্যুদণ্ড আৰু ১২ বছৰৰ ওপৰৰ নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযুক্তৰ শাস্তি আছিল যাৱজ্জীৱন কাৰাদণ্ড।

উল্লেখ্য যে বৈবাহিক ধৰ্ষণ(মেৰিটেল ৰেপ)ৰ বিষয়টোক লৈ বহু বছৰ ধৰি বিতৰ্ক চলি আহিছে। নিৰ্ভয়া ধৰ্ষণ গোচৰৰ পিছত ন্যায়াধীশ ভাৰ্মা কমিটীয়েও বৈবাহিক ধৰ্ষণৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবী জনায়।

যদিও নতুন আইনখনত বৈবাহিক ধৰ্ষণৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও ইয়াত কোৱা হৈছে যে যদি কোনো পুৰুষে পত্নীৰ সৈতে বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে পত্নীৰ বয়স ১৮ বছৰৰ ওপৰত হ’লে ইয়াক ধৰ্ষণ হিচাপে গণ্য কৰা নহয়। অৰ্থাৎ নাবালক পত্নীৰ সৈতে জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ।

নতুনআইনত মতে বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে কৰা যৌন সম্পৰ্কক অপৰাধমূলক বুলি গণ্য কৰা হয়। ইয়াৰ শাস্তি ১০ বছৰ পৰ্যন্ত হ’ব পাৰে।

নতুন আইনখনৰ ৬৯ নং ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে বিবাহ, কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দি কোনো মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে ইয়াক অপৰাধ বুলি গণ্য কৰা হ’ব। ইয়াৰ বাবে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে। কাৰাদণ্ড আৰু জৰিমনা দুয়োটাও আৰোপ কৰিব পাৰি।

যদি কোনো ব্যক্তিয়ে নিজৰ পৰিচয় লুকুৱাই ৰাখি বিবাহ কৰে তেন্তে তেওঁক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰো নিৰ্দেশ দিয়া হ’ব।