• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Breaking News যোৰহাটত ভয়ংকৰ ঘটনা: গণপ্ৰহাৰত নিহত আছু নেতা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 29, 2021 5:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ গণপ্ৰহাৰৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যকে।

যোৰহাটৰ মাজমজিয়াত আজি বিয়লিৰ ভাগত গণপ্ৰহাৰত নিহত হৈছে এগৰাকী স্থানীয় আছু নেতা ।

নিহত ছাত্ৰ নেতা গৰাকীৰ নাম অনিমেষ ভূঞা।

জানিব পৰা মতে আজি বিয়লিৰ ভাগত এজন লোকে মদ খাই দুৰ্ঘটনাত পতিত হোৱাত লোক জনক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে অনিমেষ আৰু তেওঁৰ লগত থকা আন তিনি জন বন্ধুক একাংশ লোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

অনিমেষ আৰু আন তিনি জন যুৱকৰ বাবেই লোক জন দুৰ্ঘটনাত পতিত হোৱা বুলি অভিযোগ কৰিয়েই একাংশ লোকে তেওঁলোকক গণপ্ৰহাৰ কৰে।

Apply Now

যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ পৰা নিৰ্মল চাৰিআলি পৰ্যন্ত প্ৰায় ২০-২৫ মিনিট ধৰি যুৱক কেইজনক গণপ্ৰহাৰ কৰা হয়।

ফলত লগে লগে মৃত্যু ঘটে আছু নেতা অনিমেষ ভূঞাৰ। 

নিহত ছাত্ৰ অনিমেষ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল।

ঘটনাটোত অনিমেষৰ লগত থকা এটা বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাও আহত হয়।

আহত আনসকলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই।

যুৱককেইজনৰ ঘৰ গোলাঘাটত।

গোলাঘাটৰ পৰা বিশেষ কামত তেওঁলোক যোৰহাটলৈ গৈছিল।

আৰক্ষীয়ে ভিডিঅ’ ফুটেজৰ ওপৰত ভিত্তি কৰি এতিয়ালৈকে ছজন লোকক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

ছাত্ৰ নেতা জনৰ লগতে আন তিনিজন যুৱকক প্ৰায় ৫০ জন লোকে গণপ্ৰহাৰ কৰিছিল।

তাৰ ভিডিঅ’ ফুটেজো এতিয়া ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

ইমানৰ পিছতো আৰক্ষীয়ে মাত্ৰ কেইজনমান লোককহে আটক কৰিবলৈ সক্ষম হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত জড়িত থকাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ।

যোৰহাট আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজন ক্ৰমে বিতুপন দাস, সুভাষ বৰা, বিক্ৰম দাস, অবিনাশ বৰা, দেৱ দাস আৰু মোহন দাস।
বৰ্তমান যোৰহাট আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

সোমবাৰে বিয়লি যোৰহাটত সংঘটিত হোৱা নিৰ্মম গণপ্ৰহাৰৰ ঘটনাই সমগ্ৰ অসম জোকাৰিছে।

একাংশ উন্মত্ত লোকৰ আক্ৰমণত গোলাঘাটৰ ছাত্ৰ নেতা অবিনাশ ভূঞাই কৰুণ মৃত্যুক সাৱতিবলগীয়া হৈছে।
গুৰুতৰভাৱে আহত হৈছে আন দুজন যুৱক।

দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলি যুৱক তিনিজনৰ ওপৰত একাংশ দুৰ্বৃত্ত জঁপিয়াই পৰিছিল।
অতি নিৰ্মমভাৱে তেওঁলোকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল।

সদৌ অসম ছাত্ৰ সন্থাই যোৰহাটৰ এই কাণ্ডৰ উচিত তদন্ত বিচাৰিছে। আছুৱে লগতে ঘটনাৰ মূল অভিযুক্তক সোনকালে কৰায়ত্ব কৰাৰ দাবী তুলিছে।

ইপিনে অবিনাশ ভূঞাৰ মৃতদেহ তেওঁৰ দেৰগাঁৱৰ ঘৰলৈ অনা হৈছে।

মৃতদেহ আহি পোৱাৰ লগে লগে দেৰগাঁৱতো এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

একাংশই অসম আৰক্ষীৰ ব্যৰ্থতাৰ অভিযোগ আনি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd