• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানাহৰ বুকুত শ শ বিঘা শস্যভূমি, ঘৰ-দুৱাৰ; নিমিষতে জাহ যাব পাৰে এখন প্ৰাথমিক বিদ্যালয়

ইয়াছিন আলী by ইয়াছিন আলী
October 27, 2020 7:19 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

262
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫ নং বাশবাৰীত আই নৈৰ কৰাল গ্ৰাসত শ শ বিঘা শস্যভূমিৰ লগতে বহু কেইটা ঘৰ-বাৰী জাহ গৈছে।

নদীৰ এটা পাৰ একেৰাহে তিনি-চাৰি বছৰ ধৰি ভঙাৰ ফলত অঞ্চলটোত কাল ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই।

স্থানীয় ৰাইজে বাৰম্বাৰ বিধায়ক আব্দুল হাই নাগৰীক জনোৱাৰ পিছতো তিনি-চাৰি বছৰত কোনো সমাধান উলিয়াব পৰা নাই আনকি ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল’বলৈও সময় পোৱা নাই।

ৰাইজৰ অভিযোগ মতে নিৰ্বাচনৰ আগত আহি এশ এবুৰি প্ৰতিশ্ৰুতি দি যায় আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেখেতৰ মুখখন এবাৰ চাবৰ বাবে আগন্তুক নিৰ্বাচন লৈ অপেক্ষা কৰিব লাগে।

বিধায়কজনে লকডাউন আৰু বানপানীৰ সময়তো নিৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে।

গৰাখহনীয়াগ্ৰস্ত ৰাইজৰ কাষত এবাৰো নহাৰ বাবে আৱেগিক ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনক গৰাখহনীয়া ৰোধৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

ইফালে সাংসদ আব্দুল খালেকক চিনি নাপায় বুলি কয় একাংশ লোকে। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত উক্ত অঞ্চলৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ সাংসদজনৰ বিৰুদ্ধে।

উল্লেখ্য যে, অৱশেষত উপায়ন্তৰ হৈ ৰাইজে নিজৰ পকেটৰ পইচা আৰু ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি গৰাখহনীয়া ৰোধৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে যদিওঁ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।

ৰাইজৰ ইমান দুৰ্দশাৰ সময়তো ৰাইজৰ কাষত থিয় নিদিয়াত ধিক্কাৰ জনাইছে বিভিন্ন জনে।

ইফালে উক্ত সমষ্টিটোৰে নাম্বাৰপাৰা বাংলাপাৰাতো মানাহৰ একে ৰূপ, বিধ্বস্ত হৈছে কৃষি ভূমিৰ লগতে বহু কেইটা ঘৰ-দুৱাৰ।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা ৩য় খণ্ড উত্তৰ পশ্চিম প্ৰাথমিক বিদ্যালয়খনো গৰাখহনীয়াৰ কৱলত পৰাৰ উপক্ৰম ঘটিছে।

বিদ্যালয়খন দুই এদিনৰ ভিতৰতে মানাহৰ বুকুত জাহ যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

এই ক্ষেত্ৰত বিধায়ক আব্দুল হাই নাগৰীক অৱগত কৰা হৈছিল যদিওঁ কোনো গুৰুত্ব নিদি নিদ্ৰামগ্ন হৈ আছে বুলি ৰাইজে অভিযোগ কৰে। অনুতি পলমে জিলা প্ৰশাসনৰ ফালৰ পৰা বিদ্যালয় খন ৰক্ষা কৰাৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনায় ।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd