• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন আমছু নেতা ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত শিৱসাগৰত ৮ সহস্ৰাধিকৰ ঐক্য সেনা অসমত যোগদান

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , August 26, 2018 11:49 pm

3 min read

প্ৰাক্তন আমছু নেতা ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত শিৱসাগৰত ৮ সহস্ৰাধিকৰ ঐক্য সেনা অসমত যোগদান
108
VIEWS
Share on FacebookShare on Twitter

অজি শিৱসাগৰ চহৰৰ সমীপৰ ১ নং চাউলকৰা গাঁৱৰ শাস্ত্ৰীজী খেলপথাৰত আজি ঐক্য সেনা অসমৰ যোগদান সমাৰোহ অনুষ্ঠিত হয়। উজনি অসমৰ আটাইকেইখন জিলাৰ প্ৰায় ৮ সহস্ৰাধীক যুৱক-যুৱতীয়ে বিশিষ্ট যুৱনেতা ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত ঐক্য সেনা অসমত যোগদান কৰে।

পুৱা পতাকা উত্তোলন, বৃক্ষ ৰোপণ, বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হোৱা এই যোগদান অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা নেকিবুৰ জামান, খোৱাং মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ চাজমিনা আখতাৰ, বিশিষ্ট লেখক জিতেন্দ্ৰ নাথ শৰ্ম্মা, জ্যেষ্ঠ সাংবাদিক গিৰিন্দ্ৰ শইকীয়া, ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ মহন্ত, কাৰ্য্যকৰি সভাপতি দেৱজ্যোতি শৰ্ম্মা, মূখ্য সম্পাদক শ্বহিদুল ইছলাম, কমল কুমাৰকে ধৰি বহুটো গণ্য-মাণ্য ব্যক্তি।

সঞ্জীৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সমাৰোহত নেকিবুৰ জামানে কয় যে, ঐক্য সেনা অসম নামৰ সংগঠনটো অসমৰ জাতীয় জীৱনৰ লগত আৰু জাতীয় সমস্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ বহু সংগঠনৰ দৰে কোনো ৰাজনৈতিক প্ৰভাৱ যাতে এই সংগঠনত নপৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায় নেতৃত্ববৃন্দক। তেওঁ কয় অসমীয়া এটা জাতি ই ধৰ্ম নহয়। অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি জাতিটোৰ উন্নতিৰ বাবে আগবাঢ়িব যাবলৈ এই মঞৰ পৰাই তেওঁ সংগঠনটোক আহ্বান জনায়।

অসমৰ সকলো জাতি জনগোষ্ঠীৰ সমবিকাশৰ পৰিবেশ গঠন কৰা, অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰে ঘোষনা কৰা, নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰক সৈমান কৰোৱা, উচ্চতৰ মাধ্যমিকলৈ শিক্ষা ব্যৱস্থা বিনামূলীয়া কৰাৰ দাবী জনোৱা, চাহ মজদুৰ সকলৰ মজুৰি বৃদ্ধিৰ দাবী, সংখ্যালঘুৰ উন্নয়নৰ বাবে ৱাৰ্কাফ বৰ্ডৰ সম্পতি বেদখল মুক্ত কৰাৰ দাবীক মূল উদ্দেশ্য হিচাপে লৈ গঠিত হৈছে ঐক্য সেনা অসম নামৰ সংগঠনটোৰ।

অসমত বহু পূৰ্বে  এই সংগঠনটোৰ জন্ম হৈছে যদিও শিৱসাগৰত ইয়াৰ প্ৰভাৱ নাছিল। কিন্তু আজি ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত ৮ সহস্ৰাধিক যুৱক যুৱতীয়ে যোগদান কৰাত উজনি অসমত সংগঠনটোৱে এক গতি লাভ কৰিলে আৰু এক শক্তিশালী সংগঠন হিচাপে অসমত অতি সোনকালে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে সভাত উপস্থিত সকলে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত সমগ্ৰ শিৱসাগৰ জিলাৰ কেইবা সহস্ৰাধিক নেতা কৰ্মীয়ে আমছুৰ পৰা পদত্যাগ কৰিছিল। শিৱসাগৰত প্ৰথম অৱস্থাত প্ৰভাৱ নথকা আমছুৱে ফৰিদ ইছলাম হাজৰীকাৰ সবল নেতৃত্বত কম সময়তে এক শক্তিশালী সংগঠন হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ পদবীক লৈ আৰম্ভ হোৱা খোৱা কামোৰা ৰাজনীতিৰ বাবে এইজন নেতাই আমছু ত্যাগ কৰি এতিয়া ঐক্য সেনা অসমত যোগদান কৰিছে। আজিৰ সভাত ফৰিদ ইছলাম হাজৰীকাক ঐক্য সেনা অসম ৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে বাবলু বেনেটক শিৱসাগৰ জিলাৰ মুখ্য সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd