বিশ আগষ্টত জাৰি কৰা এখন বিশেষ জাননীত কোৱা হৈছে যে ‘ভাষা শিকোৱাটো কেৱল ভাষা শিক্ষকৰেই নহয়, বিদ্যালয়ৰ আন শিক্ষকৰো দায়িত্ব।’ অৰ্থাৎ গণিত, বিজ্ঞান, সমাজ বিজ্ঞানৰ শিক্ষকসকলেও হিন্দী শিক্ষকৰ ভূমিকা পালন কৰিব লাগিব। ভাৰতীয় শিক্ষাৰ ইতিহাসত এয়া এক অভূতপূৰ্ব পদক্ষেপ। প্ৰথমবাৰৰ বাবে হয়টো ভাৰতত আন বিষয়ৰ শিক্ষকক হিন্দী পাঠদানৰ দায়িত্ব দিয়া হৈছে।
উল্লেখ্য যে নেচনেল এডুকেশ্যন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্তৰ্গত। শেহতীয়াকৈ প্ৰকাশিত বিজ্ঞপ্তিটোত কেইবাটাও নিৰ্দেশনা সন্নিবিষ্ট কৰা হৈছে যিয়ে জনজাতীয় লোকৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয়ক অস্বীকাৰ কৰি হিন্দীৰ আধিপত্যহে তেঁওলোকৰ ওপৰত জাপি দিব বিচাৰিছে। যাক লৈ সচেতন ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে।

স্বতন্ত্ৰ ৰাষ্ট্ৰীয় সংবাদগোষ্ঠী দ্য ৱায়াৰে যেতিয়া নেচনেল এডুকেশ্যন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছক জাননী জাৰি কৰাৰ পূৰ্বে জনজাতীয় সম্প্ৰদায়, শিক্ষক বা ভাষা বিশেষজ্ঞৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা হৈছে নেকি সেই বিষয়ে সুধিছিল, তাৰ উত্তৰত তেতিয়া এই সমগ্ৰ কাৰ্যক সংস্থাটোৱে ‘এয়া এক চলি থকা প্ৰক্ৰিয়া’ বুলি অভিহিত কৰিছিল।
ছাত্ৰ-ছাত্ৰীসকলে হিন্দী শিকিবলৈ অসুবিধা পাইছে বুলি কোনো অধ্যয়ন কৰা হৈছিল নেকি বা তথ্য উপলব্ধ আছেনে বুলি সোধাত ‘হিন্দী বিষয়ৰ ফলাফল পৰ্যালোচনা কৰাৰ পাছত ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল’ বুলি নেচনেল এডুকেশ্যন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছে উত্তৰ দিয়ে।
অৰ্থাৎ নেচনেল এডুকেশ্যন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ–এ কোনজন বিশেষজ্ঞৰ পৰামৰ্শ লৈছিল বা কি তথ্য অধ্যয়ন কৰা হৈছিল সেয়া স্পষ্ট কৰাৰ পৰা বিৰত থাকে।
উল্লেখ্য যে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক নিজৰ পৰিবেশত গুণগত, সৰ্বাংগীন শিক্ষা প্ৰদানৰ বাবে ১৯৯৭-৯৮ চনত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছিল। এই বিদ্যালয়সমূহৰ মূল নীতি আছিল জনজাতীয় শিশুসকলক তেওঁলোকৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয় ৰক্ষা কৰি আধুনিক শিক্ষা প্ৰদান কৰা।
জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশতে এই পৰ্যন্ত মুঠ ৭২২খন বিদ্যালয়ৰ অনুমোদন দিয়া হৈছে, ইয়াৰে ৪৮৫খন বিদ্যালয় বৰ্তমান কাৰ্যক্ষম হৈ আছে।
জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকেয়ে ২০২৫ চনৰ ৬ ফেব্ৰুৱাৰীত লোকসভাত দিয়া এক বিবৃতি অনুসৰি দেশৰ মুঠ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একলব্য বিদ্যালয়ৰ অনুমোদন দিয়া হৈছিল। লাডাখ আৰু মেঘালয়ৰ বাহিৰে বাকী এতিয়াও ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই বিদ্যালয়সমূহ কাৰ্যক্ষম হৈ আছে।
স্মৰ্তব্য যে শেহতীয়াকৈ দিয়া হিন্দী পাঠদানৰ জাননীৰ উপৰিও হিন্দী ভাষাত কবিতা, বিতৰ্ক, ৰচনা লিখা, আৰু হাতৰ আখৰ প্ৰতিযোগিতা আয়োজন কৰাৰ নিৰ্দেশনাও দিয়া হৈছে।
ভাষা বিশেষজ্ঞসকলে আশংকা কৰে যে ইয়াৰ ফলত হিন্দী ভাষাত দুৰ্বল আদিবাসী ছাত্ৰ-ছাত্ৰীৰ মাজত হীনমন্যতাৰ ভাৱ সৃষ্টি কৰি তেওঁলোকৰ সৃষ্টিশীলতাক এই সিদ্ধান্তই স্তব্ধ কৰিব পাৰে।
যেতিয়া দ্য ৱায়াৰে নেচনেল এডুকেশ্যন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছক হিন্দীক মাতৃভাষা বুলি গণ্য নকৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই জাননী বৈষম্যমূলক নহ‘বনে বুলি প্ৰশ্ন কৰে তেতিয়া তাৰ উত্তৰত এই জাননী কেৱল হিন্দী পঢ়োৱা বিদ্যালয়সমূহৰ বাবেহে বাধ্যতামূলক বুলি সংস্থাটোৱে জানিবলৈ দিয়ে।
কিন্তু প্ৰকৃত সত্যটো হ’ল ইয়াৰ সম্পূৰ্ণ বিপৰীত। কাৰণ সকলো বিদ্যালয়লৈ জাননী প্ৰেৰণ কৰা হৈছে, অৰ্থাৎ সকলো একলব্য আদৰ্শ বিদ্যালয়ে এই নিয়ম কাৰ্যকৰী কৰিব লাগিব।

সামাজিক ন্যায়ৰ পৰিৱৰ্তে শৈক্ষিক অন্যায়?
এফালে কেন্দ্রীয় চৰকাৰে জনগোষ্ঠীয় সংস্কৃতি ৰক্ষাৰ প্রতিশ্রুতি দিছে যদিও আনফালে লাডাখৰ পৰা মধ্য ভাৰতলৈকে আদিবাসীসকলৰ স্বার্থক আওকাণ কৰিছে৷ ভাৰতত আদিবাসী জনসংখ্যাই ১০৪ নিযুত অতিক্ৰম কৰিছে। ইয়াত ৭০০ৰো অধিক সুকীয়া জনগোষ্ঠী আছে, প্ৰত্যেকৰে নিজস্ব সংস্কৃতি আৰু ভাষা আছে। ইয়াৰে মাত্ৰ দুটা জনজাতীয় ভাষা (বড়ো আৰু সান্থলী) সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত।
গৱেষণাৰ পৰা দেখা গৈছে যে ভাৰতৰ প্ৰায় ২৫% শিশুৱে অপৰিচিত ভাষাত শিক্ষা গ্ৰহণৰ বাবে মধ্যমীয়াৰ পৰা গুৰুতৰ শৈক্ষিক অসুবিধাৰ সন্মুখীন হয়। মাতৃভাষা ভিত্তিক শিক্ষা কেৱল শৈক্ষিক কাৰণতে নহয়, শিশুৰ মানসিক বিকাশৰ বাবেও অতি প্ৰয়োজনীয়।
এই সমগ্ৰ বিষয়টো এখন জাননীতে সীমাবদ্ধ নহয়। কেন্দ্ৰীয় চৰকাৰে যোৱা কিছু বছৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে যিবোৰে আদিবাসী ছাত্ৰ-ছাত্ৰীৰ ওপৰত বলপূৰ্বকভাৱে হিন্দী জাপি দিবলৈ চৰকাৰে চেষ্টা কৰিছে বুলি অভিযোগ উঠিছে। উদাহৰণস্বৰূপে, ২০২৩ চনৰ বাজেটত ঘোষণাৰ পাছত একলব্য বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ দায়িত্ব নেচনেল এডুকেশ্যন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছৰ হাতত অৰ্পণ কৰা হয়। ইয়াৰ দ্বাৰা একলব্য বিদ্যালয়ত শিক্ষক আৰু অনা শৈক্ষিক কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষমতা একেটা সংস্থাৰ হাততে কেন্দ্ৰীভূত হয়।
তদুপৰি নিযুক্তি প্ৰক্ৰিয়াৰ বাবে হিন্দী ভাষাৰ জ্ঞানক বাধ্যতামূলক প্ৰয়োজনীয়তা হিচাপে গঢ়ি তোলা হৈছে। এই চৰকাৰী সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে।
কেইবাখনো ৰাজ্য আৰু স্থানীয় নেতাই হিন্দী জাপি দিয়াৰ বিৰুদ্ধে মাত মাতিছে।ডি এম কে নেতা তিৰুচি শিৱই ৰাজ্যসভাত কিয় ৰাজ্য ভাষাক আওকাণ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে নতুনকৈ নিযুক্তি পোৱা কৰ্মচাৰীসকলে ছাত্ৰ-ছাত্ৰীৰ সৈতে আঞ্চলিক ভাষা নাজানে বাবে যোগাযোগ কৰাৰ অসুবিধা পোৱা বুলি উদ্বেগ প্ৰকাশ কৰে।
শেষত চৰকাৰে তীব্ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত হিন্দী ভাষাৰ দক্ষতা সম্পৰ্কীয় নিয়মবোৰ শিথিল কৰিবলগীয়া হয়। কিন্তু ইয়াৰ দ্বাৰা হিন্দীৰ প্ৰয়োজনীয়তা নাইকিয়া কৰা নহ’ল, কিয়নো শিক্ষা মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে প্ৰশিক্ষিত স্নাতক শিক্ষক (টিজিটি) পৰীক্ষাৰ্থীসকলক ভাষা দক্ষতা শাখাত তিনিটা ভাষাত (ইংৰাজী, হিন্দী, আৰু প্ৰাৰ্থীৰ পছন্দৰ এটা আঞ্চলিক ভাষা) সংযুক্ত প্ৰদৰ্শনৰ ভিত্তিত প্ৰাৰম্ভিক লিখিত পৰীক্ষাত মূল্যায়ন কৰা হ’ব। কেৱল যোগ্যতা নিৰ্ণয়ৰ বাবে এই ত্ৰি-ভাষিক দক্ষতাৰ পৰা মুঠ ৩০ নম্বৰৰ ভাষাভিত্তিক প্ৰশ্ন আহিব। প্ৰাৰ্থীসকলে তিনিওটা ভাষাতে মিলি কমেও ১২ নম্বৰ লাভ কৰিব লাগিব।
পুৰণি নিয়ম অনুসৰি টিজিটিৰ প্ৰাৰ্থীসকলে নিৰ্বাচিত আঞ্চলিক ভাষা নিৰ্বিশেষে হিন্দী ভাষাত ন্যূনতম নম্বৰ লাভ কৰিব লাগিছিল। তদুপৰি স্নাতকোত্তৰ শিক্ষক (পিজিটি)ৰ বাবে হিন্দী ভাষাত দক্ষতাৰ প্ৰয়োজনীয়তাৰ নীতি বৰ্তমানেও প্ৰযোজ্য হৈয়েই আছে। এই শিক্ষকসকলে সাধাৰণতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে।
তদুপৰি স্থানীয় ভাষা আৰু জনজাতীয় সংস্কৃতিৰ বিশেষ জ্ঞান নথকা হিন্দীভাষী ৰাজ্যৰ শিক্ষকসকলক দক্ষিণ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছে।

এবছৰ পূৰ্বে ২০২৪ চনত তেলেংগানাৰ একলব্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰিছিল যে তেওঁলোকৰ ইংৰাজী শিক্ষকে হিন্দীত পঢ়ুৱাইছিল। পদাৰ্থ বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকীয়ে ইংৰাজী ক’বলৈ কষ্ট পোৱাৰ বাবে হিন্দী ভাষাত পঢ়ুৱাইছিল, যিটো ছাত্ৰ-ছাত্ৰীয়ে বুজিব পৰা নাছিল। ৰসায়ন বিজ্ঞানৰ শিক্ষকগৰাকীয়ে কেৱল হিন্দীতে কথা পাতিছিল আৰু ছাত্ৰ-ছাত্ৰীৰ অনুৰোধৰ পাছতো ইংৰাজী ভাষাত পঢ়োৱা নাছিল।
চি পি আই (এম)ৰ নেত্ৰী বৃন্দা কাৰাটে জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱাল ওৰামলৈ পত্ৰ লিখি কেন্দ্ৰীভূত নিযুক্তি প্ৰক্ৰিয়া প্ৰত্যাহাৰৰ দাবী জনায়। কিন্তু এই দাবী পূৰণ নহ’ল, আৰু নেচনেল এডুকেশ্যন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছৰ দ্বাৰা একলব্য বিদ্যালয়ৰ বাবে নিযুক্তি পুনৰ মুকলি কৰা হৈছে।
মাতৃভাষা ভিত্তিক শিক্ষা: এক বৈজ্ঞানিক প্ৰয়োজনীয়তা
ভাষাবিজ্ঞান আৰু শৈক্ষিক মনোবিজ্ঞানৰ মতে শিশুৰ জ্ঞান বিকাশৰ বাবে প্ৰাথমিক শ্ৰেণীত মাতৃভাষাৰ শিক্ষা অতি প্ৰয়োজনীয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত মাতৃভাষা ভিত্তিক বহুভাষিক শিক্ষাৰ পোষকতাও কৰা হৈছে। অৱশ্যে কাৰ্যক্ষেত্ৰত কেৱল হিন্দীহে জাপি দিয়া হৈছে।
অন্ধ্ৰ প্ৰদেশত ২০০৩ চনৰ পৰা চলি থকা মাতৃভাষা ভিত্তিক বহুভাষিক শিক্ষা (এমটিবি-এমএলই) কাৰ্যসূচীয়ে জনজাতীয় ভাষাত শিক্ষাৰ সফলতা প্ৰদৰ্শন কৰে। ওড়িশাতো একেধৰণৰ কাৰ্যসূচীয়ে জনজাতীয় শিশুসকলৰ বিদ্যালয়ৰ প্ৰতি আত্মবিশ্বাস বৃদ্ধি কৰিছে।
প্ৰান্তীয় শিশুৰ শিক্ষাৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা মুস্কানৰ শিক্ষাবিদ শিৱানীয়ে কয় যে, ‘এয়া আমাক একক পৰিচয়ৰ দিশে ঠেলি দিয়াৰ প্ৰয়াস। ভাষা আমাৰ পৰিচয়ৰ লগত গভীৰভাৱে জড়িত, আৰু জনজাতীয় শিশুৰ ওপৰত হিন্দী জাপি দিবলৈ চৰকাৰে কৰা প্ৰচেষ্টাই দেখুৱাইছে যে এতিয়া শিক্ষাৰ ক্ষেত্ৰতো জনজাতীয় পৰিচয়ক আক্ৰমণ কৰা হৈছে।’





