• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত মহাসাগৰত কূটনৈতিক সংকট; ভাৰতৰ দুখন বন্ধু দেশৰ মাজত বিবাদ তুংগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 12:28 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত মহাসাগৰত চাগোছ দ্বীপপুঞ্জক লৈ  ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিবাদ। এই পৰিস্থিতিত ২৭ ফেব্ৰুৱাৰীত মৰিচাছ চৰকাৰে এক বৃহৎ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে। তেওঁলোকে তাৎক্ষণিকভাৱে মালদ্বীপৰ সৈতে সকলো কূটনৈতিক সম্পৰ্ক বন্ধ কৰি দিয়ে। চাগোছ দ্বীপপুঞ্জৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত মালদ্বীপ চৰকাৰৰ বৰ্তমানৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিনে, এই দুয়োখন দেশেই ভাৰতৰ বন্ধুত্বপূৰ্ণ দেশ।

বিতৰ্কৰ মূল কাৰণ কি? মৰিচাছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে শেহতীয়াকৈ মালদ্বীপ চৰকাৰে চাগোছ দ্বীপপুঞ্জৰ ক্ষেত্ৰত নিজৰ স্থিতি সলনি কৰিছে। মালদ্বীপে এতিয়া চাগোছ দ্বীপপুঞ্জৰ ওপৰত মৰিচাছৰ সাৰ্বভৌমত্ব আৰু ইয়াৰ ভূখণ্ডৰ অখণ্ডতাক স্বীকৃতি নিদিয়ে।

Apply Now

ইয়াৰ উপৰিও শেহতীয়াকৈ মৰিচাছ আৰু ব্ৰিটেইনৰ মাজত চাগোছ দ্বীপপুঞ্জক লৈ হোৱা চুক্তিকলৈও মালদ্বীপেও আপত্তি কৰিবলৈ আৰম্ভ কৰিছে। এই কাৰণেই মৰিচাছৰ কেবিনেটে মালদ্বীপৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

মৰিচাছৰ বৈদেশিক মন্ত্ৰালয়ে কয়, ‘মৰিচাছে নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন আৰু অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতাৰ নীতিসমূহ ৰক্ষা কৰিবলৈ মৰিচাছ প্ৰতিশ্ৰুতিবদ্ধ।’

ইপিনে, মালদ্বীপৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ উপৰিও চাগোছ আৰু ডিয়েগো গাৰ্চিয়াৰ সৈতে জড়িত আন কিছুমান গুৰুত্বপূৰ্ণ আইনী আৰু কূটনৈতিক বিষয়তো মৰিচাছৰ মন্ত্ৰীসভাত আলোচনা কৰা হয়।

মন কৰিবলগীয়া যে ৫ ফেব্ৰুৱাৰীত মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৱে ৰাষ্ট্ৰৰ পৰিস্থিতিৰ ভাষণৰ পিছতে ভাৰত মহাসাগৰ অঞ্চলত কূটনৈতিক সংকট গভীৰ হৈ পৰে। সেই ভাষণত মুইজুৱে দাবী কৰে যে চাগোছ দ্বীপপুঞ্জৰ ওপৰত মালদ্বীপৰ দাবী আন কোনো দেশতকৈ শক্তিশালী। ২০২২ চনত মালদ্বীপৰ পূৰ্বৰ চৰকাৰে চাগোছৰ ওপৰত মৰিচাছৰ সাৰ্বভৌমত্ব স্বীকৃতি দিছিল। সেই স্বীকৃতি আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে মুইজুৱে। তেওঁ এই সিদ্ধান্তক মালদ্বীপৰ সামুদ্ৰিক স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় বুলি অভিহিত কৰে। একে সময়তে মালদ্বীপ চৰকাৰে চাগোছ দ্বীপপুঞ্জৰ নিয়ন্ত্ৰণ মৰিচাছলৈ হস্তান্তৰ কৰাৰ বিৰোধিতা কৰিছে।

চাগোছ দ্বীপপুঞ্জৰ সম্পূৰ্ণ অৱস্থাটো কি? চাগোছ দ্বীপপুঞ্জক লৈ হোৱা বিবাদ আধুনিক ইতিহাসৰ অন্যতম জটিল ভূ-ৰাজনৈতিক আৰু মানৱ অধিকাৰ বিষয়। ই কেৱল দুখন দেশৰ এটুকুৰা মাটিক লৈ হোৱা যুঁজ নহয়, ইয়াৰ লগত ভাৰত মহাসাগৰৰ কৌশলগত নিৰাপত্তা আৰু হাজাৰ হাজাৰ জনগোষ্ঠীয় লোকৰ স্থানচ্যুতিৰ কথা জড়িত হৈ আছে।

চাগোছ দ্বীপপুঞ্জ হৈছে ভাৰত মহাসাগৰৰ মাজভাগত অৱস্থিত ৬০টাতকৈও অধিক সৰু সৰু দ্বীপৰ এটা সমষ্টি। মৰিচাছৰ পৰা প্ৰায় ২২০০ কিলোমিটাৰ উত্তৰ-পূব আৰু মালদ্বীপৰ দক্ষিণে অৱস্থিত। ইয়াৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে ডিয়েগো গাৰ্চিয়া। ১৯৬৫ চনত মৰিচাছ আৰু চাগোছ দুয়োখন ব্ৰিটিছ উপনিবেশ আছিল। ১৯৬৮ চনত মৰিচাছে স্বাধীনতা লাভ কৰে।

কিন্তু স্বাধীনতাৰ তিনি বছৰ আগতে ১৯৬৫ চনত ব্ৰিটেইনে চাগোছ দ্বীপপুঞ্জক মৰিচাছৰ পৰা পৃথক কৰি নতুন নাম দিলে – ব্ৰিটিছ ভাৰত মহাসাগৰ ভূখণ্ড। ব্ৰিটেইনে মৰিচাছক মাত্ৰ ৩০ লাখ পাউণ্ড ক্ষতিপূৰণ দিছিল। মৰিচাছে দীৰ্ঘদিন ধৰি যুক্তি দি আহিছে যে স্বাধীনতাৰ পূৰ্বে জোৰ-জবৰদস্তি এই চুক্তি স্বাক্ষৰিত হৈছিল, যিটোৱে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছিল।

ইপিনে, ব্ৰিটেইনে ১৯৬৬ চনত ডিয়েগো গাৰ্চিয়াক ৫০ বছৰৰ বাবে (যিটো পিছলৈ বৃদ্ধি কৰা হয়) আমেৰিকাক লিজত দিছিল। এতিয়া ই আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ বিদেশী সামৰিক ঘাটি। ইৰাক আৰু আফগানিস্তানৰ যুদ্ধতো এই ঘাটি ব্যৱহাৰ কৰা হৈছিল। এই সামৰিক ঘাটি নিৰ্মাণৰ বাবে আমেৰিকাই স্থানীয় লোকক বলপূৰ্বকভাৱে স্থানচ্যুত কৰিছিল। এই প্ৰেক্ষাপটত ১৯৬৭ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত ব্ৰিটেইনে চাগোছৰ পৰা প্ৰায় ২০০০ স্থানীয়লোকক বলপূৰ্বকভাৱে আঁতৰাই মৰিচাছ আৰু ছিচেলছলৈ বিতাড়িত কৰে।

পিছলৈ ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পৰামৰ্শমূলক মতামতত ৰায় দিছিল যে মৰিচাছৰ পৰা চাগোছক পৃথক কৰাটো অবৈধ আৰু ব্ৰিটেইনে এই দ্বীপটো অতি সোনকালে এৰি যাব লাগে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদেও এই দ্বীপটো মৰিচাছক গতাই দিবলৈ ভোটদান কৰে।

কিন্তু ব্ৰিটেইনে প্ৰথমে এই কথা মানি ল’বলৈ অস্বীকাৰ কৰিছিল। যদিও শেহতীয়াকৈ ব্ৰিটেইনে চাগোছ দ্বীপপুঞ্জৰ ওপৰত মৰিচাছৰ সাৰ্বভৌমত্ব স্বীকৃতি দিবলৈ সন্মত হৈছে, তথাপিও ডিয়েগো গাৰ্চিয়া আমেৰিকাৰ সামৰিক ঘাটি হৈয়ে থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd