• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈৰ বিস্ফোৰক মন্তব্য—বেছিদিনলৈ হয়তো বিধায়ক হৈ নাথাকিম

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 25, 2021 4:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক বিস্ফোৰক মন্তব্যই এতিয়া ৰাজ্যজুৰি তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিৱসাগৰৰ বিধায়কগৰাকীয়ে তেওঁৰ ৰাজনৈতিক তথা ব্যক্তিগত জীৱনৰ বহু কথাই প্ৰকাশ কৰাৰ লগতে কৰিছে এক বিস্ফোৰক মন্তব্যও।

Apply Now

অখিল গগৈয়ে কৈছে ‘ মই হয়তো বেছিদিনলৈ বিধায়ক হৈ থাকিব নোৱাৰিম, মই অনুভৱ কৰো যে মই সঠিক ঠাইত থকা নাই। মই যিকোনো মুহূৰ্ততে পদত্যাগ কৰিব পাৰো’।

অখিল গগৈৰ এই মন্তব্য নৰ্থ ইষ্ট নাওত সম্প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে।

সাক্ষাৎকাৰটোত অখিল গগৈয়ে কৈছে—‘মোক বিভিন্ন নীতি-নিয়মৰ দ্বাৰা বান্ধি পেলোৱা হৈছে, সাম্প্ৰদায়িক আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ ক্ষেত্ৰত সোক বাধা প্ৰদান কৰা হৈছে।এনেবোৰ কাৰণতে বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে দুৰূহ হৈ পৰিছে’।

উল্লেখ্য অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই একাধিক গোচৰ তৰিছিল যদিও প্ৰমাণৰ অভাৱতে নিয়াই তেওঁক মুক্তি দিবলৈ বাধ্য হৈছে।

ইমানৰ পিছতো অখিল গগৈৰ বিৰুদ্ধে নিয়া, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অহৰহ সক্ৰিয় হৈ থকাৰ অভিযোগ উঠিছে। যিকোনো মুহূৰ্ততে নিয়াই পুনৰ অখিল গগৈক গ্ৰেপ্তাৰ কৰিব পাৰে বুলিও আশংকা ঘনীভূত হৈছে।

এই প্ৰসংগতে অখিল গগৈয়ে কয় —‘মোক পুনৰ গ্ৰেপ্তাৰ কৰাৰ আন এক ষড়যন্ত্ৰ চলিছে।কেন্দ্ৰীয় গৃহ দপ্তৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু নিয়াই সন্মিলিত ভাবে এই ষড়যন্ত্ৰ ৰচনা কৰিছে’।

২০১৯-২০২০ চনত অসমত জোকাৰণিৰ সৃষ্টি কৰা ‘কা’ বিৰোধী আন্দোলনৰ প্ৰসংগত মন্তব্য কৰি অখিল গগৈয়ে কয় যে চৰকাৰে কৌশলেৰে এই আন্দোলনক দমাই ৰাখিলে। তেওঁ ‘কা’ বিৰোধী প্ৰতিবাদক ঐতিহাসিক ফৰাচী বিপ্লৱৰ সৈতেও তুলনা কৰে।

তেওঁ কয়—‘ অসম চৰকাৰ কৌশলেৰে ‘কা’ বিৰোধী প্ৰতিবাদক দমন অথবা ধ্বংস কৰিলে।মোক গ্ৰেপ্তাৰ কৰি আন্দোলনটোৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিক নিলগাই ৰাখিলে।কৌশল প্ৰয়োগৰে চৰকাৰে ৰাজপথৰ আন্দোলনটোক খেলপথাৰৰ মাজত আৱদ্ধ কৰি পেলালে’।

‘কা’ সন্দভৰ্ত নিজৰ দৃঢ় স্থিতিৰ কথা ব্যক্ত কৰি অখিল গগৈয়ে কয়—‘মই, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে অসমত কেতিয়াও ‘কা’ কাৰ্যকৰী হ’বলৈ নিদিওঁ’।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমৰ ৰাইজ মুঠেও সুৰক্ষিত নহয় বুলি অখিল গগৈয়ে সাক্ষাৎকাৰটোত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।তেওঁ কয়—‘অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আছে।এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা এয়া কোনেও আশা কৰা নাছিল। আমি এনে এগৰাকী অপৰিপক্ক মুখ্যমন্ত্ৰী নিবিচাৰো’।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd