DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সকলো চিকিৎসা আৰু ঔষধ হ’ব বিনামূলীয়া : হিমন্ত বিশ্ব শৰ্মা

৩০ ছেপ্তম্বৰলৈ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ সকলো ছুটী বাতিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 6, 2019 10:05 am
WhatsApp Image 2019-07-06 at 9.46.23 AM

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

7.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বৃদ্ধি পোৱা জাপানীজ একফেলাইটিছৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্যৰাখি আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভাৱনৰ ই-ব্লকত এখন সংবাদ মেল আয়োজন কৰি এই ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।

শৰ্মাই সংবাদমেলত জাপানীজ এনকেফেলাইটিছ তিনিটা পৰ্য্যায়ত হয় বুলি উল্লেখ কৰি কয় যে প্রথম পৰ্যায় অৰ্থাৎ জ্বৰ হোৱা পৰ্যায়তে ইয়াক চিনাক্ত কৰিব পাৰিলে প্ৰাথমিক চিকিৎসালয়তে বেমাৰবিধৰ নিৰাময় কৰিব পৰা যায়।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যত বৃদ্ধি পোৱা জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্যৰাখি ৰাজ্য চৰকাৰে অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়সমূহৰ আই চি য়ুত জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা আৰু ঔষধ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰে।

আনহাতে, জাপানীজ এনেকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসালয়লৈ লৈ অহাৰ সময়ত যদি তেওঁলোকে চৰকাৰৰ ১০২ আৰু ১০৮ সেৱা লাভ নকৰে তেনেহ’লে অসম চৰকাৰৰ তৰফৰ পৰা ৰোগীগৰাকীক চিকিৎসালয়লৈ অনাৰ বাবে ১০০০ টকাৰ পৰিবহণ ব্যয় প্ৰদান কৰা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত ঘোষণা কৰে। চিকিৎসালয়ৰ পৰাই তাৎক্ষণিকভাৱে ধনৰাশি আক্ৰান্ত পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ সংবাদ মেলত উল্লেখ কৰে।

তদুপৰি, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ আই চি য়ুত ভৰ্তি হোৱা ৰোগীসকলকো অসম চৰকাৰে এক লাখ টকাৰ সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে। এই ক্ষেত্ৰত অসম  চৰকাৰে এটা হেল্প লাইন নম্বৰ মুকলি কৰিব বুলি উল্লেখ কৰি শৰ্মাই এই হেল্প লাইন নম্বৰত যোগাযোগ কৰিলেই ৰোগীৰ পৰিয়ালে চৰকাৰৰ সাহায্য লাভ কৰিব পাৰিব বুলি কয়।

সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ছেপ্তম্বৰৰ ৩০ তাৰিখলৈ চৰকাৰী ডাক্তৰ, নাৰ্চ তথা সকলো কৰ্মচাৰীৰ ছুটী বাতিল কৰা বুলি ঘোষণা কৰে আৰু এই সময়ছোৱাত চিকিৎসা কৰ্মচাৰীসকলে কৰ্মস্থলীত উপস্থিত থাকি দায়িত্ব পালন কৰাৰ বাবে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত কোনো লোকে কৰ্তব্যস্থলীত চিকিৎসক, কৰ্মচাৰী উপস্থিত নাই বুলি অভিযোগ উত্থাপন কৰিলে অসম চৰকাৰে সেই চিকিৎসক, কৰ্মচাৰীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিব বুলিও শৰ্মাই কয়।

তাৰোপৰি, আজিৰে পৰা নাৰ্চ, এম পি ডব্লিউ কৰ্মচাৰী, আশা কৰ্মীসকলে সংগ্ৰহ কৰা প্ৰতিটো তেজৰ নমুনাৰ বিপৰীতে চৰকাৰৰ তৰফৰ পৰা ৫  টকাকৈ সাহায্য লাভ কৰিব বুলিও তেওঁ সংবাদ মেলত ঘোষণা কৰে।

শৰ্মাই অসমৰ জনসাধাৰণক জাপানীজ এনকেফেলাইটিছ ৰোগক লৈ আতংকিত নহবলৈ অনুৰোধ কৰি এই ক্ষেত্ৰত সজগতা অৱলম্বন কৰি ৰোগবিধ নিৰ্মূল কৰাত চৰকাৰক সহায় কৰাৰ বাবে আহ্বান জনায়।

Recent News

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd