ইউক্ৰেইনৰ ড্ৰ’নে এদিন পূৰ্বে মস্কোত আক্ৰমণ কৰিছিল। যাৰ বাবে মস্কো বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াত প্ৰত্যাক্ৰমণৰ কথা কৈছে। এই পৰিস্থিতিত ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা পুটিনৰ ঘনিষ্ঠ নেতা দিমিত্ৰী মেডভেডেভে পুনৰবাৰ ‘পাৰমাণৱিক আক্ৰমণ’ৰ ভাবুকি দিছে।
তেওঁ স্পষ্ট কৰি দিয়ে যে কিয়েভৰ প্ৰত্যাক্ৰমণ সফল হ’লে মস্কোৱে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব। বৰ্তমান মেডভেডেভে পুটিন প্ৰশাসনৰ নিৰাপত্তা পৰিষদৰ ডেপুটি চেয়াৰমেনৰ পদত অধিষ্ঠিত হৈ আছে।
লগতে পঢ়ক: মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গ’ল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন; আক্ষেপ চিংলেনছানাৰ
দেওবাৰে ছ’চিয়েল মিডিয়াত তেওঁ কয় যে যদি ইউক্ৰেইনৰ আক্ৰমণৰ সন্মুখত ৰাছিয়াৰ সেনাই পিছুৱাই যাব লাগে তেন্তে ৰাছিয়াই পাৰমাণৱিক আক্ৰমণৰ পথ অনুসৰণ কৰিব লাগিব। মেডভেডেভে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এই সন্দৰ্ভত “ডিক্রী” আছে।
মেডভেডেভে কয় যে ‘’ইউক্ৰেইনে নাটোৰ সহযোগত যি আক্ৰমণ চলাই আছে, যদি ই সফল হয় আৰু তেওঁলোকে আমাৰ মাটিৰ যিকোনো অংশ দখল কৰে, তেন্তে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ডিক্রী অনুসৰি আমি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ম। তেতিয়া আন কোনো উপায় নাথাকিব। গতিকে আমাৰ শত্ৰুৱে আমাৰ যোদ্ধাসকলৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰা উচিত। তেওঁলোকে নিশ্চিত কৰিব লাগিব যে সমগ্ৰ বিশ্বতে যাতে পাৰমাণৱিক যুদ্ধ আৰম্ভ নহয়।”
উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এই ডিক্রী জাৰি কৰিছিল। এই ডিক্রী অনুসৰি ৰাছিয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলে, তাৰ প্ৰতি সঁহাৰি জনাই ৰাছিয়াৰ সেনাই গণবিধ্বংসী অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। মেডভেডেভে এই আদেশৰ কথাই উল্লেখ কৰিছে।
লগতে পঢ়ক: মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গ’ল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন; আক্ষেপ চিংলেনছানাৰ
অৱশ্যে ইয়াৰ পূৰ্বেও মেডভেডেভে কেইবাবাৰো কাল্পনিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বক্তব্য আগবঢ়াইছে। ইয়াৰ পূৰ্বে ২০২৩ চনত আমেৰিকাত গৃহযুদ্ধ আৰম্ভ হ’ব বুলিও তেওঁ কয়। ইয়াৰ পূৰ্বে তেওঁ চলি থকা যুদ্ধত ৰাছিয়াই পৰাস্ত হ’লে ‘পাৰমাণৱিক যুদ্ধ’ৰ কথা কৈছিল।
চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ আনকি আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতত হাইপাৰছ’নিক মিছাইল আক্ৰমণৰ ভাবুকিও দিছিল। এই পদক্ষেপত তেওঁ আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ ন্যায়াধীশসকলক আকাশৰ ওপৰত চকু ৰাখিবলৈ পৰামৰ্শ দিয়াৰ জৰিয়তে প্ৰচ্ছন্নভাৱে ভাবুকি দিছিল।
টেলিগ্ৰামত তেওঁ লিখিছিল, “প্ৰত্যেকেই ভগৱান আৰু মিছাইলৰ ওচৰত উত্তৰ দিব লাগিব। মই ভালদৰে কল্পনা কৰিব পাৰো যে উত্তৰ সাগৰৰ ৰুছ যুদ্ধজাহাজৰ পৰা নিক্ষেপ কৰা হাইপাৰছ’নিক মিছাইল এটাই কেনেকৈ হেগৰ আদালতৰ ভৱনত খুন্দা মাৰিব।”
লগতে পঢ়ক: চলন্ত ৰে’লতে গুলীচালনা! আৰ পি এফ জোৱানৰ গুলীত নিহত সহকাৰী উপ পৰিদৰ্শক সহ ৪ জন
শেহতীয়াকৈ ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলাইছে। জেলেনস্কিয়ে কয় যে এই আক্ৰমণৰ লক্ষ্য হৈছে ইউক্ৰেইনৰ যিবোৰ অংশ ৰাছিয়াই এতিয়ালৈকে দখল কৰি আছে সেইবোৰ পুনৰ দখল কৰা। কিন্তু এতিয়ালৈকে এই পদক্ষেপ বৰ বেছি ফলপ্ৰসূ হোৱা নাই।