• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ ৩৩ বছৰীয়া কেৰিয়াৰত ৫৭ বাৰ বদলি! আপোচহীন এই IAS বিষয়াগৰাকীক চিনি পায়নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2024 10:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ৩৩ বছৰীয়া কেৰিয়াৰত ৫৭ বাৰ বদলিৰ সন্মুখীন হৈছে। এতিয়া তেওঁৰ বয়স ৫৯ বছৰ। তথাপি একেবাৰেই দমি যোৱা নাই। বৰঞ্চ তেওঁৰ সুনাম বাঢ়িছে। ক্ষমতাসীন চৰকাৰৰ বিৰুদ্ধে বিৰক্ত হৈছে, সৰৱ হৈছে। কিন্তু আকৌ কামলৈ উভতি আহিছে। কেৰিয়াৰৰ আচল সময়খিনিৰ বেছিভাগ সময়তে তেওঁক ‘কাম নোহোৱা’ স্থানত বহোৱা হৈছে।

কিন্তু চৰকাৰে সেই অশোক খেমকাকে অৱসৰৰ পূর্বে এটা ডাঙৰ দায়িত্ব লৈ আনিলে৷ তেওঁক হাৰিয়ানা পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে। ২০২৫ চনৰ ৩০ এপ্ৰিলত অৱসৰ ল’ব বুলি কেইবাটাও সংবাদ মাধ্যমত দাবী কৰা হৈছে।

Apply Now

১৯৯১ চনৰ হাৰিয়ানাৰ কেডাৰ বিষয়াগৰাকীয়ে ২০১২ চনত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰাৰ সৈতে জড়িত ভূমি চুক্তিৰ মিউটেচন বাতিল কৰিছিল। দেশৰ প্ৰশাসনিক মহলত হুলস্থুলৰ সৃষ্টি হৈছিল। তেওঁৰ বিষয়ে কিতাপ এখন আছে। যাৰ নাম, Just Transferred: The Untold Story of Ashok Khemka।

ছচিয়েল মিডিয়াত কেইবাবাৰো ক্ষোভ প্ৰকাশ কৰিছে আই এ এছ বিষয়া অশোক খেমকাই। এবাৰ তেওঁ লিখিছিল, ‘’মই কাৰ স্বাৰ্থ ৰক্ষা কৰিম? পোনপটীয়াকৈ আপোনালোকৰ, নে আপুনি প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰাসকলৰ? হাতত ক্ষমতা আছে, সেয়ে মোক এনেকৈ ভৰিৰে মোহাৰিছা। সেইটোৱেইটো। মই আগতেও সহিছো, আৰু এবাৰ সহিয়েই নাথাকো কিয়।’’

কেতিয়াবা লিখিছে, ‘’বহুতৰ বহুত ন্যাস্ত স্বাৰ্থ তথা বাধা-বিপত্তি আওকাণ কৰি দুৰ্নীতি ৰোধ কৰিবলৈ চেষ্টা কৰিছিলো।… দুখজনক পৰিস্থিতি।’’

বিগত দশকত তেওঁক প্ৰায়ে বিভিন্ন ‘গুৰুত্বহীন’ পদত দায়িত্ব দিয়া হৈছে। প্ৰশাসনিক মহলত শুনা যায় যে গোটেই কেৰিয়াৰত তেওঁক ৬ৰ পৰা ৮ মাহৰ ভিতৰত বাৰে বাৰে বদলি কৰা হৈছে। তেওঁ নিজৰ কৰ্মক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে বাৰে বাৰে যুঁজিছিল। তেওঁ নিজৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে বাৰে বাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ বাৰ্তা দিছে।

किसके हितों की रक्षा करूँ? तुम्हारा या उनका जिनका आप प्रतिनिधित्व का दावा करते हैं?
दम्भ है हमें पैरों तले रौंदोगे। शौक से, कई बार सहा है, एक बार और सही।

— Ashok Khemka (@AshokKhemka_IAS) March 5, 2019

যোৱা বছৰো খেমকাই তেতিয়াৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰলৈ পত্ৰ লিখি ভিজিলেন্স বিভাগৰ দুৰ্নীতিৰ শিপাৰ ওচৰলৈ যোৱাৰ কথা কয়। তেওঁক বিশ্বাস কৰি দুৰ্নীতি ৰোধ কৰাৰ সুযোগ দিব লাগে বুলি আৰ্জি জনাইছিল। উল্লেখ্য যে ২০১২ চনত ডি এল এফৰ সৈতে ভাদ্ৰাৰ ভূমি চুক্তি বাতিল কৰি দিছিল তদানীত্বন ভূমি ৰাজহ বিভাগৰ আমোলা অশোক খেমকাই।

মনোহৰলাল লাল খট্টৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালত খেমকাই পৰিবহণ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু তাৰ প্ৰায় এদশক পিছত তেওঁক পৰিবহণ বিভাগলৈ ঘূৰাই অনা হৈছে। যদিও পূৰ্বৰ কাৰ্যকালত পৰিবহণ বিভাগত তেওঁ মাত্ৰ চাৰি মাহহে কাম কৰিছিল।

পৰিবহণ আয়ুক্ত হিচাপে থকা সময়ছোৱাত অশোক খেমকাই অটোম’বাইল আৰু ইলেক্ট্ৰনিক সামগ্ৰী কঢ়িয়াই অনা বৃহৎ ট্ৰাক আৰু ট্ৰেইলাৰৰ বাবে ফিটনেছ চাৰ্টিফিকেট প্ৰদান কৰিব বিচৰা নাছিল, যাৰ বাবে সেই সময়ত ট্ৰাক ধৰ্মঘটৰ সৃষ্টি হৈছিল। সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ বহু সময় লাগিছিল। এনে একাধিক পৰিস্থিতিত উপযুক্ত পদক্ষেপ ল’বলৈ তেওঁ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল।

Congratulations to my batchmates newly appointed as Secretaries to GOI! While this is an occasion for merry, it brings equal measure of despondency for one’s own self having been left behind.
Straight trees are always cut first. No regrets. With renewed resolve, I shall persist.

— Ashok Khemka (@AshokKhemka_IAS) October 19, 2022

তেওঁ একাধিক বিষয়কলৈ কোইবাবাৰো সৰৱ হৈ পৰিছে। এসময়ত বন আইনৰ অধীনত আৰৱালী পাহাৰত নিৰ্মাণ কাৰ্য কঠোৰভাৱে নিষিদ্ধ আছিল। হাৰিয়ানাৰ মনোহৰলাল খট্টৰ চৰকাৰে তাত সংশোধন কৰে। সেই সন্দৰ্ভত এখন বিধেয়ক ৰাজ্য বিধানসভাতো গৃহীত হয়। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এই পদক্ষেপক লৈ সৰৱ হৈছিল অশোক খেমকা। ৰাজহুৱাভাৱেও তেওঁ নিজৰ মতামত প্ৰকাশ কৰে। লগতে ধৰ্মৰ নামত বিভাজনৰ চেষ্টাকলৈও টুইটাৰ (বৰ্তমান এক্স)তো সৰৱ আছিল। সেই সময়তো তেওঁ বদলিৰ সন্মুখীন হৈছিল।

তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট এতিয়াও চৰ্চাত – ‘সকলোৰে আগতে পোন গছজোপাই কটা হয়।’ নতুন দায়িত্ব পোৱাৰ পিছত তেওঁ যে আকৌ কিবা ডাঙৰ পদক্ষেপ ল’ব সেয়াই সংশ্লিষ্ট মহলে অনুমান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd