NORTHEAST NOW (Assamese)

মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, চলিত বিধান সভাৰ অধ্যক্ষ দনকুপাৰ ৰয় আৰু নাই

July 28, 2019 5:04 pm · এন ই নাও নিউজ
Updated: July 28, 2019 5:39 pm
দনকুপাৰ ৰয়। ফাইল ছবি।

মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, চলিত বিধান সভাৰ অধ্যক্ষ দনকুপাৰ ৰয় আৰু নাই।

দেওবাৰে আবেলি গুৰুগ্ৰামৰ মেদান্তা মেদিচিতি হস্পিটেলত ৬৫ বছৰীয়া ৰাজনীতিকজনৰ মৃত্যু হৈছে।

আবেলি প্ৰায় ২.৫০ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক আঁকোৱালি লৈছে।

খবৰ মতে, পেটৰ অসুখৰ বাবে যোৱা ১৮ জুলাইত তেওঁক হস্পিটেলখনত ভৰ্তি কৰা হৈছিল।

কনৰাদ চাংমা চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ ইউনাইটেদ দে’মক্ৰেতিক পাৰ্টিৰ মুৰব্বী দনকুপাৰ ৰয় ৰাজ্যখনৰ সৰ্বাধিক কালৰ বিধায়ক আছিল।

১৯৮৮ চনত ইষ্ট খাছি হিলছৰ ছেলা সমষ্টিক নিৰ্দলীয়ৰূপে প্ৰতিনিধিত্ব কৰা দনকুপাৰ ৰয় মেঘালয় বিধান সভালৈ মৃত্যুৰ সময়লৈকে একেৰাহে বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছিল।

অভিজ্ঞ ৰাজনীতিকজনৰ মৃত্যুত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কনৰাদ চাংমাই গভীৰ শোক প্ৰকাশ কৰিছে।

২০১৮ চনৰ নিৰ্বাচনৰ পিছত ৰয় মেঘালয় বিধান সভাৰ অধ্যক্ষৰ পদত অধিস্থিত হৈছিল।

মেঘালয় বিধান সভাত বৰ্তমান ইউ দি পিৰ ৬গৰাকী বিধায়ক আছে। তাৰে তিনিগৰাকীয়ে কনৰাদ চাংমা চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে।

২০০৮ত ওলোমা বিধান সভা নিৰ্বাচনী ফলাফলৰ পিছত আন কিছু দলৰ সমৰ্থনত মেঘালয় প্ৰগ্ৰেছিভ এলায়েন্স গঠন কৰি দনকুপাৰ ৰয় মুখ্য মন্ত্ৰীৰ আসনত বহিছিল।

২০০৮ চনৰ ১৯ মাৰ্চৰ পৰা পৰৱৰ্তী বছৰৰ ১৮ মাৰ্চলৈকে তেওঁ সম্পূৰ্ণ এবছৰ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ পদত আছিল।

উত্তৰ-পূবত বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত যোৱা ফেব্ৰুৱাৰিত বিধেয়কখনৰ বিৰোধ কৰি দনকুপাৰ ৰয়ৰ দল ইউ দি পিয়ে বিজেপি নেতৃত্বাধীন নেদা (North East Democratic Alliance) ত্যাগ কৰিছিল।

Related News