DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বিত্ত আৰু গৃহ মন্ত্ৰীৰ সৈতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2019 8:07 am
Meghalaya-CM-750x375

কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাতৰ সময়ত কনৰাড চাংমা

1.4k
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, উপ মুখ্য মন্ত্ৰী প্ৰেছটোন টাইছং আৰু জলসম্পদ মন্ত্ৰী মিতবাহ লিংডোই নতুন দিল্লীত ভালেকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী বৰ্গৰ সৈতে হোৱা বৈঠকৰ সময়ত মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ভালেমান দিশত কেন্দ্ৰীয় চৰকাৰৰ সাহায্য বিচাৰে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই উপ মুখ্য মন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী গৰাকীৰ সৈতে মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনৰ বানপানীৰ বিষয়ে অৱগত কৰি কেন্দ্ৰৰ সহায় বিচাৰে।

চাংমাই গৃহমন্ত্ৰীগৰাকীক মেঘালয় চৰকাৰলৈ সহায়ৰ বাবে দিয়া  আশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

গৃহ মন্ত্ৰীক সাক্ষাতৰ পাছতে মেঘালয়ৰ মন্ত্ৰীৰ প্ৰতিনিধি দলটোৱে মঙলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু মেঘালয়ৰ সামগ্ৰিক বিত্তীয় স্থিতিৰ বিষয়ে অৱগত কৰি ৰাজ্যৰ ৰাজহ সংগ্ৰহ ব্যৱস্থা সম্বন্ধে আলোচনা কৰে।

মুখ্য মন্ত্ৰী চাংমাই মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া ২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ বাবে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ণৰ কাৰণে অতিৰিক্ত পুঁজি আৱন্তন দিয়াৰ বাবে অনুৰোধ জনায়।

তাৰোপৰি, চাংমাই নতুন দিল্লীত পঞ্চদশ বিত্তীয় আয়োগৰ অধ্যক্ষৰ সৈতে এখনত বৈঠকত অংশগ্ৰহণ কৰি মেঘালয়ত চলি থকা চাৰিটা বৃহৎ প্ৰকল্প ২০২০-২০২৫ চনৰ ভিতৰত কাৰ্য্যকৰী কৰাৰ বাবে ৪,৩৪০ কোটি টকাৰ সাহায্যৰ বাবে আবেদন কৰে।

উল্লেখিত চাৰিটা বৃহৎ প্ৰকল্পৰ ভিতৰত ৩৯ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে আন্তঃগাঠনিৰ উন্নয়ণ, মেঘালয়ক হাই ভেল্যু পৰ্যটন স্থান হিচাপে গঢ় দিয়া, শ্বিলঙত কেবল পৰিবহন সেৱা মুকলি আৰু ৰাজ্যখনত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰাই প্ৰধান স্থান লাভ কৰে।

বৈঠকৰ কালছোৱাত মুখ্য মন্ত্ৰীয়ে মেঘালয় চৰকাৰ মানৱ সম্পদ বিকাশ, আন্তঃগাঠনিৰ উন্নয়ণ, প্ৰাথমিক খণ্ডৰ উন্নয়ণ আদি দিশ দাঙি ধৰে।

কেন্দ্ৰীয় চৰকাকে মেঘালয়ৰ উল্লেখিত প্ৰকল্পসমূহৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়াৰ কথা কনৰাড চাংমাই বৈঠকৰ অন্তত উল্লেখ কৰে।

Recent News

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

Sharath Kamal Commonwealth Games

বাৰ্মিংহামত শৰৎ কমলৰ স্বৰ্ণিল যাত্ৰা: চিংগলছত জয়েৰে অৰ্জন তৃতীয়টো স্বৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd