• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয় উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি. পি. কটকীৰ নেতৃত্বাধীন সমিতিৰ ৪১ সংখ্যক অন্তৱৰ্তীকালীন প্ৰতিবেদনত ৰাজ্যখনত ১৩ লাখ মেট্ৰিক টনতকৈ অধিক কয়লাৰ কোনো হিচাপ নথকাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ লগতে পৰিত্যক্ত 'ৰেট-হ'ল' খনিসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো চৰকাৰৰ ব্যৰ্থতা উদঙাই দেখুৱাইছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2026 10:45 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত অবৈধ কয়লা খনন আৰু ইয়াৰ পৰিচালনাক লৈ এক ভয়ংকৰ অনিয়মৰ তথ্য পোহৰলৈ আহিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি. পি. কটকীৰ নেতৃত্বত মেঘালয় উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া এজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদনত ৰাজ্যখনৰ ১৩ লাখ মেট্ৰিক টনৰো অধিক কয়লা অন্তৰ্ধান হোৱাৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ দাখিল কৰা সমিতিৰ ৪১ সংখ্যক অন্তৱৰ্তীকালীন প্ৰতিবেদনত এই তথ্য প্ৰকাশ পোৱাৰ লগতে, ন্যায়ালয়ৰ বাৰম্বাৰ নিৰ্দেশৰ পাছতো পৰিত্যক্ত অবৈধ খনিসমূহ এতিয়াও সুৰক্ষিত কৰা হোৱা নাই বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। নিৰুদ্দেশ হোৱা এই বৃহৎ পৰিমাণৰ কয়লা আৰু অবৈধ খনন ৰোধ কৰাত চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতাৰ সন্দৰ্ভত এক বিতং তদন্তৰ আহ্বান জনাইছে সমিতিখনে।

 

Apply Now

উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশনা পালনৰ তদাৰক কৰিবলৈ ২০২২ চনৰ এপ্ৰিলত এই সমিতিখন গঠন কৰা হৈছিল। ২০১৪ চনত মেঘালয়ত ৰেট-হ’ল খনন নিষিদ্ধ কৰাৰ পাছত, ২০১৯ চনত উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞা আংশিকভাৱে সংশোধন কৰি ইতিমধ্যে খনন কৰা কয়লাসমূহৰ দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল আৰু সেয়া ক’ল ইণ্ডিয়া লিমিটেডৰ জৰিয়তে নিয়মীয়া নিলামৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰে পূৰ্বে উচ্চতম ন্যায়ালয়ত এখন শপতনামাযোগে জনাইছিল যে ৰাজ্যত ৩২,৫৬,৭১৫ মেট্ৰিক টন কয়লা মজুত আছে। কিন্তু উপায়ুক্তসকলৰ দ্বাৰা কৰা ভৌতিক পৰীক্ষণত মাত্ৰ ১৯,৫৪,২৫৮.৮১৬ মেট্ৰিক টন কয়লাহে পোৱা যায়। ফলস্বৰূপে ১৩,০২,৪৫৬.১৮৪ মেট্ৰিক টন কয়লাৰ এক বৃহৎ পাৰ্থক্য ৰৈ যায়। প্ৰতিখন ট্ৰাকত ২৫ টনকৈ কয়লা কঢ়িয়ালেও এই নিৰুদ্দেশ হোৱা কয়লাখিনি কঢ়িয়াবলৈ ৫২,০০০ খন ট্ৰাকৰ প্ৰয়োজন হ’ব। প্ৰতিদিনে ১০০ খনকৈ ট্ৰাক চলিলেও এইখিনি কয়লা কঢ়িয়াবলৈ ৫০০ দিনৰ প্ৰয়োজন হ’ব।

 

ইয়াৰ উপৰিও প্ৰতিবেদনখনত ক’ল ইণ্ডিয়াৰ নিৰ্ধাৰিত ডিপোৰ বাহিৰত অবৈধভাৱে খনন কৰা ৩৭,৪৪৯.৫৩ মেট্ৰিক টন কয়লা সন্ধানহীন হোৱাৰ বিষয়টোও সন্নিৱিষ্ট কৰা হৈছে। আৰক্ষীয়ে প্ৰথম অৱস্থাত মাত্ৰ ৪,১৪১.৮৩ মেট্ৰিক টন কয়লাৰহে গোচৰ ৰুজু কৰিছিল। যদিও চৰকাৰে পৰৱৰ্তী সময়ত সম্পূৰ্ণ পৰিমাণৰ কয়লাৰ গোচৰ ৰুজু কৰা বুলি জনাইছে, তথাপিও আৰক্ষী থানাৰ গোচৰ নম্বৰ আৰু তদন্তৰ অগ্ৰগতিৰ কোনো সবিশেষ সমিতিক প্ৰদান কৰা নাই। ইফালে, ২০২৩ চনৰ পৰা ২০২৬ চনলৈ অবৈধ কয়লা খনন আৰু পৰিবহণৰ লগত জড়িত ৬২ খন বাহন আৰু ৯২ টা সঁজুলি জব্দ কৰা হৈছিল যদিও খনি আৰু খনিজ পদাৰ্থ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইনৰ অধীনত মাত্ৰ এটা গোচৰতহে বাজেয়াপ্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

 

পৰিত্যক্ত ৰেট-হ’ল খনিসমূহৰ সুৰক্ষাক লৈয়ো সমিতিখন অসন্তুষ্ট। ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো এটাও খনিৰ মুখ বন্ধ বা বেৰ দি সুৰক্ষিত কৰা হোৱা নাই। ৰাজ্য চৰকাৰে ইয়াৰ কাৰণ হিচাপে মেঘালয়ৰ জটিল ভূমি মালিকীস্বত্ব ব্যৱস্থা আৰু দুৰ্গম অঞ্চলত বেৰসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। চেপ্টেম্বৰ মাহৰ আৰম্ভণিতে পূব জয়ন্তীয়া পাহাৰৰ শাখাইন গাঁৱত আন এক অবৈধ খননৰ ঘটনা পোহৰলৈ আহিছিল, য’ত খলিহৰিয়াট আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল যদিও সঁজুলি জব্দ কৰাৰ কোনো উল্লেখ নাছিল। ইয়াৰ উপৰিও অবৈধ খনিৰ দুৰ্ঘটনাত নিহত দুৰ্বা ৰায়ৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পাৰিপাৰ্শ্বিক পুনৰুদ্ধাৰৰ কামো লেহেমীয়া হৈ আছে।

 

অৱশ্যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ যোৱা ১৪ চেপ্টেম্বৰত বৈজ্ঞানিকভাৱে খনন কৰা কয়লা পৰিবহণৰ সংশোধিত নিয়ম জাৰি কৰিছে, য’ত অবৈধ কয়লাক বৈধ সজাই পৰিবহণ কৰা কাৰ্য ৰোধ কৰিবলৈ সমিতিৰ পৰামৰ্শসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। তথাপিও প্ৰতিবেদনখনে স্পষ্ট কৰিছে যে নিৰুদ্দেশ হোৱা কয়লা, সুৰক্ষাবিহীন পৰিত্যক্ত খনি, অসম্পূৰ্ণ আৰক্ষীৰ তদন্ত আৰু পাৰিপাৰ্শ্বিক পুনৰুদ্ধাৰৰ পলমক লৈ মূল সমস্যাসমূহ এতিয়াও অমীমাংসিত হৈ আছে। সেয়েহে সমিতিখনে এই সকলোবোৰ দিশ সামৰি দোষীক চিনাক্ত কৰিবলৈ, খনিসমূহ সুৰক্ষিত কৰিবলৈ আৰু জনসাধাৰণে নিৰাপদে অবৈধ খননৰ অভিযোগ দাখিল কৰিব পৰা ব্যৱস্থা গ্ৰহণৰ বাবে এক নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd