NORTHEAST NOW (Assamese)

মেঘালয়ত অচিনাক্ত ব্যক্তিক উলংগ কৰি প্ৰহাৰ কৰাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ

June 5, 2019 10:34 pm · এন ই নাও নিউজ

মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাত এজন অচিনাক্ত ব্যক্তিক সম্পূৰ্ণ উলংগ কৰি অতি নিৰ্মমভাৱে মাৰপিট কৰা যুৱকৰ দলটোৰ এজনক আজি মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

পশ্চিম খাছি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা মতে ব্যক্তিজনক মাৰপিট কৰা ভিডঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে।

‘গ্ৰেপ্তাৰ কৰা যুৱকজনক টেইবৰলাং মাৰৱেইন (২৪) বুলি চিনাক্ত কৰা হৈছে। তেওঁ ৰানিক’ৰ বজাৰৰ বাসিন্দা। ঘটনাটোত প্ৰায় ৪গৰাকী যুৱক জড়িত হৈ আছিল, বাকি কেইজনক বিচাৰি আমি অভিযান চলাই আছো।‘-তেওঁ কয়।

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে উক্ত ঘটনাটো ৩ জুন তাৰিখে দিনৰ প্ৰায় ১ মান বজাত সংঘটিত হৈছিল।

তেওঁ লগতে কয়, ‘আমাক ভুক্তভোগী ব্যক্তিজন সন্দেহজনক বাংলাদেশী বুলি কোৱা হৈছে। অৱশ্যে আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াবলৈ তদন্ত চলাই থকা হৈছে।‘

উল্লেখযোগ্য যে ইতিমধ্য নৰ্থ-ইষ্ট নাওত উক্ত আক্ৰমণৰ বাতৰি ভিডিঅ’সহ প্ৰকাশ পাইছে। পূৰ্বৰ বাতৰিটো পঢ়িবৰ বাবে তলৰ লিংকত ক্লিক কৰক।

মেঘালয়ত অচিনাক্ত ব্যক্তিক উলংগ কৰি নিৰ্মম প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

Related News