• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেয়ৰ-কাউন্সিলৰ বিহীনভাৱে চলি আছে গুৱাহাটী পৌৰ নিগম!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2019 10:28 pm
GMC Photo
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপডেটেড নহয় বিভাগৰ ৱেবছাইট, মেয়ৰ-কাউন্সিলৰ অবিহনে অসুবিধাৰ সন্মুখীন সাধাৰণ জনতা

আচৰিত হ’লেও সত্য যে উত্তৰ-পূবৰ একমাত্ৰ মহানগৰ গুৱাহাটীৰ পৌৰ প্ৰশাসন প্ৰায় এটা বছৰ ধৰি চলি আছে মেয়ৰ, ডেপুটী মেয়ৰ আৰু কাউন্সিলৰ নোহোৱাকৈয়ে।

Apply Now

বিজেপিৰ দখলত থকা পৌৰ নিগমৰ বিধায়িনী গোটটোৰ (Legislative Body) কাৰ্য্যকাল ২০১৮ চনৰ ৩১ জুলাইত শেষ হোৱাৰ পিছত চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰা নাই। ফলত গুৱাহাটী পৌৰ প্ৰশাসন চলি গৈছে আয়ুক্ত দেৱেশ্বৰ মালাকাৰৰ পৰিচালনাত।

প্ৰায় ১০ লাখ লোক বাস কৰা আৰু অজস্ৰ সমস্যাৰে ভাৰাক্ৰান্ত গুৱাহাটীৰ সামগ্ৰিক উন্নয়নত ই নেতিবাচক প্ৰভাৱ পেলাইছে বুলি সচেতন নাগৰিকে মত প্ৰকাশ কৰিছে।

মুঠ ২১৬.৭৯ বৰ্গ কিল’মিটাৰ এলেকা সামৰি লোৱা গুৱাহাটী পৌৰ নিগমৰ ৩১টা ৱাৰ্ডৰ প্ৰতিটোৰে ২,৩ বা ৪খনকৈ মুঠ ৯০খন এৰিয়া সভা আছে।

ৱাৰ্ডকেইটাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ যোৱা বছৰ ২৫ এপ্ৰিলত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাৰ অধ্যক্ষতাত সেই সময়ৰ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল, জিলা নিৰ্বাচনী বিষয়া চিন্ময় ফুকন আৰু ৩১টা ৱাৰ্ডৰ বাবে নিয়োজিত পঞ্জীয়ন বিষয়াসকলৰ মাজত বৈঠকো অনুষ্ঠিত হৈছিল।

নিৰ্বাচনৰ খচৰা তালিকাও বিগত বৰ্ষৰ ৫ মে’তে প্ৰকাশ পাব লগীয়া আছিল যদিও বৰ্তমানলৈকে নিৰ্বাচনেই অনুষ্ঠিত কৰিব নোৱৰাটোৱে চৰকাৰৰ হেমাহি প্ৰমাণ কৰে।

ইপিনে, এইদৰে পৌৰ নিগম চলি থকাৰ পিছতো নৰ্থ-ইষ্ট নাওৰ আগত এক দায়সৰা মন্তব্য আগ বঢ়ায় প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই।

চৰকাৰক দায়মুক্ত সজাবলৈ শৰণীয়াই কয়, “এনেকুৱা পূৰ্বেও হৈছিল, কেতিয়া কেতিয়াবা গেপ থাকিব পাৰে। চৰকাৰৰ পৰিস্থিতি আৰু সুবিধা অনুযায়ী তেওঁলোকে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনটো অনুষ্ঠিত কৰে।”

প্ৰাক্তন মেয়ৰগৰাকীয়ে ইয়াৰ ফলত জনসাধাৰণ কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হয় বুলিও স্বীকাৰ কৰি কয়, “একাদিক্ৰমে পৌৰ নিগমৰ এখন বডি থাকিলে উন্নয়নৰ বাবে ফাণ্ডসমূহ আহে আৰু উন্নয়নমূলক কামসমূহো হয়।”

তেওঁ অহা দুমাহৰ ভিতৰত সম্ভৱতঃ পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে বুলিও সম্ভাৱনা ব্যক্ত কৰে।

আনহাতে, বৰ্তমান অভিভাৱকহীন হৈ থকা গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ জনসাধাৰণে এই বিষয়টোক লৈ নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

গুৱাহাটীৰ অনিল নগৰৰ নিৱাসী তথা অঞ্চলটোৰ এজন সচেতন ব্যক্তি প্ৰশান্ত বৰ্মনে আমাৰ সাংবাদিকৰ আগত কয়, “আমাৰ বাবে অতিশয় দুৰ্ভাগ্যজনক যে মেয়ৰ অবিহনেই গুৱাহাটী পৌৰ নিগম চলি আছে। এয়ে হৈছে গুৱাহাটী পৌৰ নিগমৰ কামৰ নমুনা। মেয়ৰ অবিহনে আমিবোৰ ব’ঠাহীন নাৱৰ দৰে?”

বৰ্মনে চৰকাৰক অতি সোনকালে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনাই কয়, “বিভিন্ন ৱাৰ্ডৰ কাউন্সিলৰসমূহে সেই অঞ্চলৰ সমস্যাসমূহ মেয়ৰৰ ওচৰত দাঙি ধৰিবলৈ সুবিধা হয়। প্ৰশাসনৰ দায়িত্বত গুৱাহাটী পৌৰ নিগম থাকিলেও প্ৰশাসনিক বিষয়াসকলে সমগ্ৰ গুৱাহাটীৰ কাম-কাজ চোৱা-চিতা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে নিৰ্বাচন অনুষ্ঠিত কৰি মেয়ৰ আৰু কাউন্সিলৰসমূহ নিৰ্বাচিত কৰিলে জনসাধাৰণৰ সুবিধা হ’ব।”

আনহাতে, মহানগৰীৰ দ্বাৰকা নগৰৰ নিৱাসী বীৰচু শৰ্মায়ো এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰি কয়, “গুৱাহাটীৰ প্ৰধান সমস্যা যেনে কৃত্ৰিম বানপানী, খোৱা পানী, নলা নৰ্দমা অপৰিষ্কাৰ ইত্যাদি ভালদৰে সমাধান কৰিবৰ বাবে মেয়ৰ বা ব’ৰ্ডৰ প্ৰয়োজন। তেনে ক্ষেত্ৰত মেয়ৰ বা কাউন্সিলৰৰ অবিহনে মহানগৰবাসী বহু অসুবিধাৰ সন্মুখীন হৈছে। নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰে যদিও সম্পূৰ্ণকৈ পৰিষ্কাৰ নকৰি আধাতে এৰি থৈ যায়।”

তেওঁ আৰু কয়, “বাৰিষা কাল, গতিকে কৃত্ৰিম বানপানী ইতিমধ্যে আৰম্ভ হৈছে। গতিকে মেয়ৰ অবিহনে কেনেকৈ গুৱাহাটী পৌৰ নিগমে এই সমস্যা সমাধানত গুৰুত্ব দিব, সেই কথা ভগৱানেহে জানিব।”

ইপিনে, প্ৰধান মন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ শ্ল’গানকো আওকাণ কৰা দেখা গৈছে গুৱাহাটী পৌৰ নিগমক। কিয়নো নিগমৰ চৰকাৰী ৱেবচাইট gmc.eodbassam.in ত ২০১৭ চনৰ ৩০ মে’ত শেষৰখন জাননী আপল’ড কৰিছিল বিভাগটোৱে। ইয়াৰোপৰি, ৱেবছাইটটোত আপডেটেড তথ্য হিচাপে একো নাই বুলিয়েই ক’ব পাৰি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd