• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2025 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৩ মে’ত মেঘালয়ত হানিমুনত থকা অৱস্থাত সন্ধানহীন হৈছিল ৰাজা আৰু সোণম ৰঘুবংশী। দীঘলীয়া তালাচীৰ অন্তত ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয় যদিও তদন্তকাৰী বিষয়াই ক’তো সোণমক বিচাৰি নাপালে। ড্ৰোন, স্নিফাৰ ডগ, চিচিটিভি ফুটেজ পৰীক্ষা – কতোৱেই মিলা নাছিল যুৱতীগৰাকীৰ সন্ধান।

বৰষুণত খাৱৈত ডুব যোৱাৰ পৰা আৰম্ভ কৰি সৰবৰাহলৈকে একাধিক সম্ভাৱনা চৰ্চালৈ আহিল। ডকাইতিৰ সময়ত হত্যাৰ বিষয়টোও বাদ নপৰিল। মেঘালয় পৰ্যটনক লৈও প্ৰশ্ন উত্থাপন হ’ল। কিন্তু সকলো জল্পনা-কল্পনা আৰু সন্দেহ মিছা বুলি প্ৰমাণ কৰি স্বামীক হত্যা কৰাৰ অপৰাধত এতিয়া আৰক্ষীৰ জালত অন্তৰ্ধান হোৱা সোণম ৰঘুবংশী। অভিযোগ মতে, তেওঁৱেই ৰাজাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

Apply Now

মেঘালয় আৰক্ষীৰ ডিজি ইদাশীষা নোংৰাঙে জনোৱা মতে, এই গোচৰত সোণমকে ধৰি মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰীয়ে দাবী কৰিছে যে হানিমুনত থকা অৱস্থাত এজন পেছাদাৰী হত্যাকাৰীক নিযুক্তি দি স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল সোণমে।

কিছুদিন আগতে ৰাজা আৰু সোণমৰ বিয়া হৈছিল। মে’ মাহত হানিমুনৰ বাবে মেঘালয়লৈ আহিছিল। তাতে বিভিন্ন পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰে। যোৱা ২৩ মে’ত শেষবাৰৰ বাবে দেখা গৈছিল শ্বিলঙৰ সমীপৰ চোহৰা (চেৰাপুঞ্জী) অঞ্চলত। তেতিয়াৰ পৰাই দুয়োজন সন্ধানহীন হৈ আছিল।

নিৰুদ্দেশ হোৱা ডায়েৰীৰ আধাৰত মেঘালয় আৰক্ষীয়ে ৰাজ্যজুৰি তালাচী আৰম্ভ কৰে। অৱশেষত ২ জুনত ২৮ বছৰীয়া ৰাজাৰ মৃতদেহ এটা দ খাৱৈৰ পৰা উদ্ধাৰ কৰা হয়। পিছত তেওঁলোকে ভাড়াত লোৱা স্কুটিখন ছ’হৰিম অঞ্চলৰ পাৰ্কিং লটত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়। স্কুটাৰখনৰ চাবি তেতিয়াও সংলগ্ন হৈ আছিল।

তদন্তৰ সময়ত স্থানীয় এজন পৰ্যটক গাইডে আৰক্ষীক জনোৱা মতে, নিৰুদ্দেশৰ দিনটোত ৰাজা আৰু সোণমক আন তিনিজন লোকৰ সৈতে দেখা গৈছিল। এই উৎসৰ ভিত্তিত অধিক তদন্ত আৰম্ভ হ’ল।

তাৰপিছতে পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য। পুলিচে গম পালে যে সোণমে নিজেই হত্যাকাৰীক ভাড়াত লৈছিল। আন তিনিজন ধৃত লোকৰ সৈতেও সংস্পৰ্শত আছিল। এই চাৰিওজনে মিলি এই নৃশংস হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল।

এই ঘটনাই সমগ্ৰ মেঘালয়ত বিয়পি পৰিছে উত্তেজনা। সোণমে কিয় এই ষড়যন্ত্ৰ ৰচনা কৰিছিল তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই গোচৰত ব্যক্তিগত বিবাদ, আৰ্থিক কাৰণ বা আন কোনো উদ্দেশ্য আছে নেকি তাৰো তদন্ত চলি আছে।

এই খবৰ পোৱাৰ পিছত ৰাজা ৰঘুবংশীৰ পৰিয়ালটো স্বাভাৱিকতে স্তম্ভিত হৈ পৰিছে। দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। আৰক্ষীৰ মতে তদন্তৰ সময়ত আৰু অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd