NORTHEAST NOW (Assamese)

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অস্থায়ী তালিকাত মেঘালয়ৰ ৰুট ব্ৰীজ

March 29, 2022 5:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 29, 2022 5:43 pm

বিশ্বৰ মানচিত্ৰত উজ্বলি উঠিল মেঘালয়ৰ অপূৰ্ব লিভিং ৰুট ব্ৰীজসমূহ (root bridge)। ৰাজ্যখনৰ অতি ভিতৰুৱা ৭৫ খনকৈ গাঁৱত দেখিবলৈ পোৱা এই ৰুট ব্ৰীজসমূহক ৰাষ্ট্ৰসংঘৰ ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ৱৰ্ল্ড হেৰিটেড চাইট হিচাপে স্বীকৃতি দিছে।

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অস্থায়ী তালিকাত মেঘালয়ৰ এই ৰূপ ব্ৰীজসমূহক স্থান দিয়া হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শেহতীয়াকৈ এটা টুইটযোগে এই কথা জনাইছে।

 

উল্লেখযোগ্য যে এই ৰুট ব্ৰীজসমূহক মেঘালয়ৰ খাছীসকলে জিংকিয়েং জ্ৰি (Jingkieng Jri) বুলি কয়। সাধাৰণতে মেঘালয়ৰ দক্ষিণ অঞ্চলত এই ৰুট ব্ৰীজসমূহ পোৱা যায়।

মূলতঃ খাছী আৰু জয়ন্তীয়াসকলেই এই ৰুট ব্ৰীজসমূহ প্ৰতিপালন কৰি আহিছে। এইসমূহে ৰাজ্যখনৰ পৰিৱেশ সুৰক্ষাৰ উপৰিও পৰ্যটন, যোগাযোগৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।

১৮৪৪ চনৰ জাৰ্ণাল অৱ দ্য এছিয়াটিক চছাইটি অৱ বেংগলে চেৰাপুঞ্জী সম্পৰ্কীয় এটা টোকাত এই শিপাসমূহৰ বিষয়ে প্ৰথমবাৰ উল্লেখ কৰা হৈছিল।

ফিগ নামৰ এই উদ্ভিদৰ প্ৰজাতিৰ বিশাল শিপাৰ ঠাল ঠেঙুলিসমূহেৰে এই ৰুট ব্ৰীজসমূহৰ গঠন হৈছে। মেঘালয়ত পৃথিৱীৰ আটাইতকৈ বেছি পৰিমাণৰ বৰষুণ হয় বাবেই এই গছৰ শিপাসমূহে ঠন ধৰি উঠে।

গছৰ শিপাসমূহে সৰু সৰু নৈৰ ওপৰত থকা বাবে দুৰ্গম অঞ্চলসমূহৰ যোগাযোগৰ ক্ষেত্ৰতো সহায়ক হৈ আহিছে। একোডাল ৰুট ব্ৰীজ পঞ্চাশ মিটাৰ পৰ্যন্ত দীঘল হ’ব পাৰে।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দি ইউনেস্ক’ই কয় যে এই ৰুট ব্ৰীজসমূহে শ শ বছৰ ধৰি মানুহ আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্যতা বৰ্তাই আহিছে।

Related News