২০১৮ বৰ্ষটো অন্ত পৰিল যদিও বছৰটোত হাইস্কুল শিক্ষান্ত পৰীক্ষা বিশেষ কৃতিত্বসহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৰ দৰে আনন্দৰাম বৰুৱা বঁটা লাভ নকৰিল। আনহাতে ২০১৯ চনৰ পৰীক্ষাৰ সূচীও ইতিমধ্যে ঘোষিত হৈছে। তাৰ পিছতো ২০১৮ চনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা নোপোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কথাই চৰকাৰখনৰ বৰ্তমানৰ বিত্তীয় অৱস্থাৰ প্ৰতি সন্দেহৰ উদ্ৰেক কৰিছে।
উল্লেখযোগ্য যে ২০০৫ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক অধিক উদগনি দিয়াৰ উদ্দেশ্যে অসমৰ এজন উল্লেখযোগ্য পণ্ডিত আনন্দৰাম বৰুৱাৰ নামত বঁটা প্ৰদানৰ নিয়ম কৰিছিল।
প্ৰথম বছৰটোত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডেস্কটপ কম্পিউটাৰ প্ৰদান কৰিছিল যদিও দ্বিতীয় বছৰটোৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণসকলক লেপটপ প্ৰদান কৰিছিল। ২০১৫ চনলৈকে এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰি আহিছিল কংগ্ৰেছ চৰকাৰে। কিন্তু বৰ্তমানৰ বিজেপিৰ চৰকাৰখনে ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল ভাল কৰি অহাৰ পিছতো আৰু শিক্ষাত বিভিন্ন পৰিৱৰ্তনমুখী উন্নয়নৰ আঁচনি লোৱা বুলি দাবী কৰি আহিছে যদিও ছাত্ৰ-ছাত্ৰীৰ বাবে উদগনি সৃষ্টি কৰিব পৰা এই গুৰুত্বপূৰ্ণ আঁচনিখনকে ভালদৰে ৰূপায়ণ কৰিব পৰা নাই। তাৰোপৰি বিজেপি চৰকাৰে পূৰ্বৰ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীক লেপটপ দিয়াৰ নিয়মক সলনি কৰি আৰ্থিক বোজা কমাবলৈ কেৱল ষ্টাৰ মাৰ্ক পোৱাসকলকহে লেপটপ দিয়া আৰম্ভ কৰিলে। সেয়াও ২০১৮ বছৰৰ বাবে দিব পৰা নাই। অথচ যোৱা ছেপ্টেম্বৰ মাহতেই ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক অনলাইন পঞ্জীয়নৰ বাবে জাননী দিছিল। সেইমতে যোগ্য ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰি আজিও পাম পাম বুলি আশাৰে বাট চাই আছে।
আনহাতে বছৰটোৰ অন্তমি দিনটোত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত কয় যে এই সম্পৰ্কীয় প্ৰক্ৰিয়াটো আগ বাঢ়ি আছে আৰু নতুন বছৰটোৰ আৰম্ভণিতেই লেপটপ বিতৰণ কৰা হ’ব। অৱশ্যে তেওঁ লেপটপ যোগান ধৰাৰ বাবে পাৰ্টিৰ পৰা নিবিদা লোৱা সম্পূৰ্ণ হোৱা বুলিহে কয়। অৰ্থাৎ যদি সেয়ে সত্য হয়, কমেও আৰু ৩-৪ মাহ লাগিব ছাত্ৰ-ছাত্ৰীয়ে লেপটপ পাবলৈ। শিক্ষা মন্ত্ৰীজনে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পথত বুলি ক’লেও আচলতে চৰকাৰৰ বিত্তীয় অৱস্থাই এই বিলম্বিতাৰ প্ৰধান কাৰণ বুলি সচেতন ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
শিক্ষা মন্ত্ৰীজনে লগতে জানিবলৈ দিয়ে যে এইবাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লেপটপবোৰত অনলাইন প্ৰশিক্ষণ মড্যুল ভৰাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।