CAAৰ নিয়ম প্ৰস্তুত নহ’লেও অমুছলমান শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ বাবে তৎপৰ কেন্দ্ৰ

index-1.jpgm_-1-750x375

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ফাইল ফটো।

কেন্দ্ৰীয় চৰকাৰে এতিয়াও নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুত সম্পূৰ্ণ কৰি তুলিব পৰা নাই। তথাপি, ইয়াৰ মাজতেই দেশৰ পাঁচখন ৰাজ্যৰ ১৩খন জিলাত পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী তথা খ্ৰীষ্টানসকলক নাগৰিকত্ব দিয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাননী জাৰি কৰিছে।

নাগৰিকত্ব আইন, ১৯৫৫ তথা নাগৰিকত্ব নিয়ম, ২০০৯চনৰ অধীনত এই জাননী জাৰি কৰা হৈছে।

জাননী অনুসৰি, গুজৰাট, ছত্তীশগড়, ৰাজস্থান, হাৰিয়ানা আৰু পঞ্জাৱৰ ১৩খন জিলাত চুবুৰীয়া দেশৰ পৰা অহা শৰণাৰ্থীসকলে নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব।

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে গুজৰাটৰ মোৰবি, ৰাজকোট, পাটান আৰু বদোদৰা, ছত্তীশগড়ৰ দুৰ্গ আৰু বালোডবাজাৰ, ৰাজস্থানৰ জালোৰ, উদয়পুৰ, পালি, বাৰ্মাৰ আৰু ছিৰোহি, হাৰিয়ানাৰ ফৰিদাবাদ আৰু পঞ্জাৱৰ জলন্ধৰত পাকিস্তান,আফগানিস্তান, বাংলাদেশৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী তথা খ্ৰীষ্টানসকলে নাগৰিকত্বৰ আবেদন জনাব পাৰিব।

এই আবেদনসমূহ জিলাৰ উপায়ুক্তসকলে চালিজাৰি চাব বুলি জাননীত কোৱা হৈছে।

নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ জৰিয়তে চুবুৰীয়া দেশকেইখনৰ পৰা অহা অমুছলমান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ কথা কোৱা হৈছে।

যোৱা ২০২০চনৰ ১০ জানুৱাৰীত দেশত কা প্ৰযোজ্য হয় যদিও এই আইনৰ নিয়ম এতিয়াও প্ৰস্তুতহোৱা নাই।

উল্লেখ্য যে ২০১৯ৰ শেহৰ পিনে দেশৰ বিভিন্ন প্ৰান্তত কা-বিৰোধী আন্দোলন আৰম্ভ হৈছিল।  আইন গৃহীত হোৱাৰ এবছৰ পাছতো কেন্দ্ৰ মোদী চৰকাৰে আইনখন বলবৎ কৰিব পৰা নাই।

কেন্দ্ৰীয় চৰকাৰে সংশোধিত নাগৰিকত্ব আইন প্ৰস্তুত কৰা বলবৎ কৰাৰ বাবে চলিত বছৰৰ ৯জুলাইলৈকে সময়সীমা বৃদ্ধি কৰিছিল।