NORTHEAST NOW (Assamese)

সংশ্লিষ্ট ৰাজ্যৰ সন্মতি অবিহনে কোনো বিদেশীক প্ৰদান কৰা নহ’ব ভাৰতীয় নাগৰিকত্ব : গৃহ মন্ত্ৰ্যালয়

January 22, 2019 7:02 pm · এন ই নাও নিউজ
Updated: January 22, 2019 7:03 pm

নাগৰিকত্ব (সংশোধনী)বিধেয়কখনক লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উত্তাল হৈ থকাৰ সময়তেই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অশোক প্ৰসাদে আজি ২২ জানুৱাৰি মঙলবাৰে প্ৰকাশ কৰিছে যে সংশ্লিষ্ট ৰাজ্যৰ সন্মতি অথবা পৰামৰ্শ অবিহনে নাগৰিকত্ব (সংশোধনী ) বিধেয়কৰ অধীনত কোনো নাগৰিককেই ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা নহ’ব।

ভাৰতীয় নাগৰিকত্বৰ বাবে দাখিল কৰা প্ৰতিখন আৱেদনপত্ৰৰ ওপৰত জিলা দণ্ডাধীশে এটা অনুসন্ধান আৰম্ভ কৰিব। দণ্ডাধীশগৰাকীয়ে প্ৰতিটো গোচৰ বিশ্লেষণ কৰিব আৰু তাৰ ওপৰত ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব। ৰাজ্য চৰকাৰেও বিষয়টোৰ ওপৰত ইয়াৰ এটা অনুসন্ধান কৰিব।

লোকসভাত গৃহীত হোৱা নাগৰিকত্ব (সংশোধনী) বিধেয়কখন বৰ্তমান ৰাজ্যসভাত অপেক্ষাৰত অৱস্থাত আছে। এই বিধেয়কখনত পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা আহি ৭ বছৰ ধৰি ভাৰতত বাস কৰা অমুছলমান সংখ্যালঘূ লোকক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা ৰখা হৈছে।

এই বিধেয়কখনক উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসমত তীব্ৰ বিৰোধিতা কৰা হৈছে। খিলঞ্জীয়া দল সংগঠনসমূহে প্ৰকাশ কৰিছে যে এই বিধেয়কখনে ১৯৮৫ৰ অসম চুক্তিক নিৰৰ্থক কৰিব।

Related News