NORTHEAST NOW (Assamese)

সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ : পুনৰ আন্দোলনৰ হুংকাৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ

November 13, 2018 1:21 pm · এন ই নাও নিউজ
শিক্ষকৰ প্ৰতিবাদ। ফাইল ফটো

সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ দূৰীকৰণ সমিতিৰ প্ৰতিবেদনত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক।

ৰাজ্য চৰকাৰে আসোঁৱাহসমূহ দূৰ কৰাৰ ক্ষেত্ৰত বিগত প্ৰায় সাত মাহে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাই পুনৰ আন্দোনলত নমাৰ হুংকাৰ দিছে।

সন্থাৰ সভাপতি মুকুল কুমাৰ বৰা আৰু প্ৰধান সম্পাদক দীপেন শৰ্মাই এক বিবৃতিযোগে কয় যে এই আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে বিভাগীয়ভাৱে কেইবাবাৰো আবেদন জনোৱাৰ পিছতো ৰাজ্য চৰকাৰে নিৰ্লিপ্ত হৈ বহি থকাৰ  ফলত উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকল হতাশাগ্ৰস্ত হৈ পৰিছে।

তেওঁলোকে লগতে কয় যে বিদ্যালয় প্ৰধানসকলক গ্ৰেড পে’ ৯,১০০ টকা প্ৰদান কৰা, বিজ্ঞান শিক্ষকসকলক হাইস্কুল স্নাতক শিক্ষকৰ দৰে ৩০০ টকা বিশেষ ভাত্তা প্ৰদান কৰা, প্ৰবীণ, ৰত্ন আদি অৰ্হতা থকা হিন্দী শিক্ষকসকলক স্নাতক পৰ্যায়ৰ দৰমহা দিয়া আদি নিৰ্দেশনা থকাৰ পিছতো তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা হৈছে।

তদুপৰি, ২৫-৩০ বছৰ চাকৰিকাল সম্পূৰ্ণ কৰা জ্যেষ্ঠ শিক্ষকসকলে নৱনিযুক্ত তথা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকতকৈ কমকৈ দৰমহা পোৱা দেখা গৈছে। এনে বৈষম্যৰ ফলত অভিজ্ঞ জ্যেষ্ঠ শিক্ষকসকল মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিছে।

শিক্ষকসকলৰ এনে সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদৰ্শন কৰা চূড়ান্ত হেমাহি তথা গাফিলতিৰ প্ৰতিবাদত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাই পুনৰ আন্দোলনত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা বিবৃতিটোত কোৱা হৈছে।

যদিহে চৰকাৰে এইক্ষেত্ৰত তৎকালীনভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জানুৱাৰি মাহৰ পৰা পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাই সোমবাৰে এখ প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে।

Related News