মাজুলীত বিজেপিৰ বিজয় উৎসৱ : পঞ্চায়ত প্ৰতিনিধিক শপতবাক্য পাঠ কৰোৱালে মন্ত্ৰী চন্দন ব্ৰহ্মই

a722b9d1-9095-4093-b0d2-e2f92e57fbc6

পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত বিজেপিৰ ফলাফলক লৈ উদযাপন কৰে বিজয় উৎসৱ। মাজুলীৰ কমলাবাৰী ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এই বিজয় উৎসৱতেই নিৰ্বাচিত প্ৰতিনিধি সকলক শপত বাক্য পাঠ কৰোৱায় মন্ত্ৰী চন্দন ব্ৰহ্মই।

উল্লেখ্য যে,  এইবাৰ নিৰ্বাচনত ২০ খন পঞ্চায়তৰ ভিতৰত ১৯খনেই বিজেপিৰ মিত্ৰজোঁটে দখল কৰে। মাজুলীৰ জিলা পৰিষদৰ ৪খন আসনৰ ভিতৰত বিজেপি আৰু গণশক্তি মিত্ৰজোঁটে ৪খন আসনেই লাভ কৰিছে। আনহাতে আঞ্চলিক পৰিষদৰ আসন বিজেপিয়ে ১৯ খন, গাঁও পঞ্চায়তাৰ সভাপতি ২০ খন আসনৰ বিজেপিয়ে ১৯ খন লাভ কৰে। মাজুলীৰ সৰ্বাঙ্গিন উন্নয়ৰ হকে হকে শপত লোৱা পঞ্চায়ত প্ৰতিনিধি সকলে যাতে যাতে ৰাইজৰ আস্থা অটুত ৰাখে তাৰে কামনা কৰিছে মাজুলীবাসীয়ে।