• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন কংগ্ৰেছী সতীৰ্থক হিমন্তই সোঁৱৰাই দিলে বিজেপিৰ নীতি-আদৰ্শ

‘গৌতম ৰয় বৰাকৰ ৰজা আগতে আছিলে কিন্তু এতিয়া বিজেপিৰ কাৰ্য্যকৰ্তা হৈ থাকিব’ ৰঞ্জিত দাস

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 11, 2019 7:21 pm

2 min read

3.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন তিনিগৰাকীকৈ সতীৰ্থ কংগ্ৰেছী নেতাই দেওবাৰে বিজেপিত যোগদান কৰাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোঁৱৰালে বিজেপি দলৰ নীতি-আদৰ্শ।

ড০হিমন্ত বিশ্ব শৰ্মা নিজেও বহুবছৰ কংগ্ৰেছ কৰি অহাৰ পাছত তেওঁৰ প্ৰাক্তন সতীৰ্থক বিজেপিৰ নীতিপাঠ শিকোৱা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

‘’ভাৰতীয় জনতা পাৰ্টীত অহাৰ লগে লগে প্ৰত্যেকজন মানুহে নিজৰ কাম-কাজৰ জৰিয়তে দলটোক নতুনকৈ চিনি পাব পাৰিব।কংগ্ৰেছৰ সংস্কৃতি লৈ বিজেপিত আহিলে চলিব নোৱাৰিব, পিছত নিজে আঁতৰি দিব লাগিব।‘’

প্ৰাক্তন কংগ্ৰেছী নেতাকেইজনক উদ্দেশ্যি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত এইদৰে কয় মন্ত্ৰী হিমন্তই।

তদুপৰি, কংগ্ৰেছত পূৰ্বতে থকাসকলে বহু কিবা কিবা পালে, এতিয়া বিজেপিত তেওঁলোকে দিবহে লাগিব বুলিও হিমন্তই মন্তব্য কৰে।

‘’কংগ্ৰেছৰ পৰা যিসকলে বিজেপিত যোগদান কৰিছে, তেওঁলোকে জীৱনত সকলো পালে। যদি দিব আহিছে তেন্তে দলটোৰ লগত মিলিব পাৰিব, ল’ব আহিলে অসুবিধা হ’ব। বিজেপিত যোগদান কৰি সমাজৰ বাবে যদি কিবা দিব বিচাৰে তেন্তে তেওঁলোকৰ বাবে এইখন এখন উপযুক্ত মঞ্চ।কিবা পাম বুলি বিজেপিলৈ আহিলে এইটো ভুল ঠিকনা হ’ব,’’- হিমন্তই এইদৰে কয়।

আনহাতে, ২০২১ ত এক বৃহৎ লক্ষ্য বিজেপিয়ে লৈছে বুলি উল্লেখ কৰি হিমন্তই কয়, ‘’সেয়েহে কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰাটো এক নিৰন্তৰ প্ৰক্ৰিয়া হ’ব, আৰু আহিব। অন্য দলৰ পৰাও আহিব।‘’

ইপিনে, বিজেপিত কংগ্ৰেছী নেতাসকলক যোগদান কৰোৱাটো তেওঁৰ দায়িত্ব নহয় বুলি মন্তব্য কৰি দলৰ সভাপতি ৰঞ্জিত দাসহে তাৰ দায়িত্বত থকা বুলি হিমন্তই কয়।

তেওঁ কয়, ‘’কোন আহিব কোন যাব তাৰ হিচাপ নিকাচ কৰাটো মোৰ কাম নহয়। দলে বিবেচনা কৰি যোগদান কৰিবলৈ মাতে। ৰঞ্জিত দাসহে ইয়াৰ দায়িত্বত আছে।‘’

ইপিনে, শনিবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে পুনৰবাৰ জাতীয় কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতিৰ দায়িত্ব লোৱাক লৈ হিমন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নিবিচাৰিলে যদিও তেওঁ কয়,‘’কালি মাকে দায়িত্বভাৰ লৈছে, পুতেকে এৰি দিছে, আমি সেইবোৰত প্ৰতিক্ৰিয়া দিয়া উচিত নহয় যদিও কেতিয়াবা সেইবিলাক কাহিনীক লৈ হিন্দী চিৰিয়েল বনাব পাৰিব।‘’

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বৰাক সম্ৰাটৰূপে পৰিচিত গৌতম ৰয়ক এতিয়াৰ পৰা বিজেপিৰ এগৰাকী সাধাৰণ কাৰ্য্যকৰ্তা হিচাপেহে গণ্য কৰে।

‘’বৰাকৰ ৰজা বুলি আগতে আছিলে কিন্তু এতিয়া বিজেপিৰ সাধাৰণ কাৰ্য্যকৰ্তা হৈ থাকিব। আগতে কংগ্ৰেছৰ দিনত বৰাক সম্ৰাট বুলি লিখিছিল সেইটো বেলেগ কথা কিন্তু এতিয়া আমি সকলোৱে মিলি কাম কৰিব লাগিব।‘’

ৰঞ্জিত দাসৰ এই মন্তব্যৰ পাছতে বক্তব্য ৰাখি ন-বিজেপি গৌতম ৰয়ে কয়, ‘’মই কেতিয়াও কোৱা নাই মই বৰাকৰ ৰজা বুলি। কংগ্ৰেছ আৰু বিজেপিত যথেষ্ট পাৰ্থক্য আছে। বিজেপিত মই নিজে আহিছোঁ। সাধাৰণ সদস্য হিচাপে মই যিমান পাৰোঁ সহায় কৰিম। বিজেপি আগুৱাই যাওক।‘’

Recent News

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd