NORTHEAST NOW (Assamese)

তামুলপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শর্মাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

January 28, 2019 6:44 am · দীপক কুমাৰ পাঠক
Updated: January 28, 2019 3:09 pm

বাক্সা জিলাৰ ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ মটঙা চ’কত দেওবাৰে সন্ধিয়া প্ৰায় ৬-৩৫ বজাত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ সুৱাগপুৰত  ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ  ঘৰত সাংসদ গৰাকীৰ পৰিয়ালৰ এক বিয়াৰ আভ্যৰ্থনাৰ অনুষ্ঠানত ভাগ লবলৈ গৈছিল।

জানিব পৰা মতে, বিয়াৰ অনুষ্ঠানত ভাগ লৈ নাওকাটা-গোৰেশ্বৰ হৈ মন্ত্ৰী গৰাকী ওভটাৰ কথা আছিল যদিও নাওকাটাতো আছুকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ কৰাৰ প্ৰস্তুতি চলোৱাৰ খবৰ লাভ কৰি মন্ত্ৰী গৰাকীয়ে নাগ্ৰীজুলি-তামুলপুৰ-ৰঙিয়া পথেৰে উভতি আহে।

মন্ত্ৰী গৰাকীয়ে বিয়াৰ পৰা নাগ্ৰীজুলি-তামুলপুৰ-ৰঙিয়া পথেৰে আহি থকাৰ খবৰ পাই তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ এটি দলে তামুলপুৰৰ মটঙা চ’কত খাপ পিটি থাকে আৰু মন্ত্ৰী গৰাকীৰ কনভয় তামুলপুৰৰ মটঙা চ’ক পোৱাৰ লগে লগে আছু কৰ্মী সকলে ক’লা পতাকা দেখুৱাই নাগৰিকত্ব বিধেয়ক বাতিল কৰক, বিজেপি গ’ বেক, হিমন্ত বিশ্ব মূর্দাবাদ আদিকে ধৰি চৰকাৰ বিৰোধী শ্লোগান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।

আৰক্ষীয়ে কেইবাগৰাকী আছু সদস্যক আটক কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ যায়। ইপিনে অৰ্ধ সামৰিক বাহিনীৰ লোকে এজন পথচাৰী যুৱকক ধৰি আনি লঠীয়াই, গুৰিয়াই আটক কৰি আৰক্ষীৰ গাড়ীত তুলি লৈ যোৱা কাৰ্যই তামুলপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related News