• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সততা দেখুৱালে জুবিনে, ”হয়, এইটো মোৰ কণ্ঠ আছিল”

মোৰ একো প্ৰমাণ কৰিব লগীয়া নাই। কিন্তু মোৰ পিছত ভুকি থকা কুকুৰবোৰক মই ঘিণ কৰো : জুবিন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2019 12:14 am
Zubeen With BhupenMama
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজকে এজন ৰাজনীতিবিদৰ সৈতে পৃথক চৰিত্ৰৰ লোক হিচাপে প্ৰতীয়মান কৰিব পৰা ধৰণৰ সততাৰে আজি শিল্পী জুবিন গাৰ্গে ভাৰত ৰত্ন সম্পৰ্কীয় ‘বিতৰ্কিত’ মন্তব্যৰ অডিঅ’টোত থকা কণ্ঠটো নিজৰ বুলি স্বীকাৰ কৰে।

”হয়, এইটো মোৰে কণ্ঠ”, কোনো পলায়নৰ পথ নোলোৱাকৈ শিল্পীজনে তেওঁৰ ফেইচবুক ষ্টেটাছত কয়।

Apply Now

”মই অস্বীকাৰ নকৰো, মোৰ এইটো স্বীকাৰ কৰাৰ সাহস আছে। হয়, ময়েই তেনেকৈ কৈছিলো।” আজি গধূলি ৯ বজাত দিয়া পোষ্টটোত এইদৰে কৈ ইয়াক লৈ চলি থকা ধুঁৱলী-কুঁৱলী পৰিৱেশ আঁতৰ কৰে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’বজনে।

ইয়াৰ লগে লগে সততাৰ বাবে তেওঁক প্ৰশংসা কৰা দেখা গ’ল বহুতো পৰিপক্ব অনুৰাগীক।

চাৰিওফালে সমালোচনা উঠাৰ পিছতো আৰু কেইবাটাও গোচৰ পৰাৰ পিছতো জুবিন গাৰ্গে অডিঅ’টোৰ কণ্ঠটো নিজৰ বুলি স্বীকাৰ কৰাটোৱে আনন্দিত কৰা বুলি এওঁলোকক কমেণ্ট কৰা দেখা গৈছে।

ZubeenPost
জুবিন গাৰ্গে আজি দিয়া পোষ্টটোৰ একাংশ।

উল্লেখযোগ্য যে অডিঅ’টোৰ কণ্ঠটো নিজৰ নহয় বুলি কোৱাৰ যথেষ্ট সুযোগ থকা সত্ত্বেও শিল্পীজনে সেয়া গ্ৰহণ নকৰিলে। তাৰ পৰিৱৰ্তে কণ্ঠটোৰ গৰাকীত্ব স্বীকাৰ কৰি কিয় এইটো কোৱা হৈছে তাৰ স্পষ্ট ব্যাখ্যা দাঙি ধৰে।

“কিন্তু কিয় মই এইটো ক’লো জানে? কিয় তেওঁলোকে ৮ বছৰৰ পিছত তেওঁৰ নামটো আমাক ৰাজনৈতিকভাৱে প্ৰভাৱিত কৰিবলৈ ব্যৱহাৰ কৰিলে? এই হঠাৎ প্ৰীতি কিয়?”, পোষ্টটোত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত নমাসকলক প্ৰশ্ন কৰে।

ড০ ভূপেন হাজৰিকাৰ সৈতে উঠা নিজৰ এখন ফটোৰ সৈতে দিয়া পোষ্টটোত বিশ্ববিশ্ৰুত অসমীয়া শিল্পী ভূপেন হাজৰিকাক এই বঁটাতকৈও ডাঙৰ বুলি কয়, “He is beyond that, তেওঁ আমাৰ মাজত জীয়াই আছে”। 

তেওঁ দহ বছৰ আগতেই এই বঁটা পাব লাগিছিল বুলিও পোষ্টটোত দাবী কৰে শিল্পীজনে। “এতিয়া হঠাতে কিয় তেওঁক এই বঁটা দিয়া হ’ল? নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উঠা প্ৰতিবাদক বশ কৰিবলৈ নহয় নে?”, জুবিনৰ প্ৰশ্ন।

“ভূপেন মামা ৰাজনৈতিক হাতিয়াৰ নহয়, ভূপেন মামা এটা প্ৰতিভা।” ৰাজনৈতিক কাৰচাজিত লিপ্তসকলক এইদৰে সকীয়াই দিয়ে শিল্পীজনে। তাৰ পাছত কয়, “মই ক’ব খোজা আচল কথাটো ভূপেন মামা নহয়, ভাৰত ৰত্ন নহয়। এইটো হ’ল ইয়াৰ আঁৰত থকা ৰাজনীতি”।

তেওঁ তেওঁৰ বিৰুদ্ধে উপৰ্য্যুপৰি ষড়যন্ত্ৰ কৰি থকাসকলক উদ্দেশ্যি কয়, “মোক ধ্বংস কৰিবলৈ চলি থকা তোমালোকৰ উপৰ্য্যুপৰি ষড়যন্ত্ৰত বিৰক্ত হৈছো। মই কাকো কেতিয়াও ঠগা নাই। কাকো কেতিয়াও ধ্বংস কৰা নাই। তেতিয়া হ’লে মোক কিয় ধ্বংস কৰিবলৈ বিচাৰিছা? তোমালোক ব্যৰ্থ হ’বা। মই যথেষ্ট শক্তিশালী।”

“তোমালোকে ইয়াৰ অন্তৰালৰ (ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ) কথাখিনি বুজি পাব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে তোমালোকে মোৰ পিছত দুদিন লাগি থাকিলা আৰু ইচ্ছ্যুটো পাহৰি গ’লা। কিন্তু মই এতিয়াও এই ইচ্ছ্যুটোত আছো”, এয়া আছিল জুবিনৰ আন এটা বাক্য।,

তাৰ পিছতে ষড়যন্ত্ৰকাৰীসকলক তাচ্ছিল্য কৰি কয়, “মোৰ একো প্ৰমাণ কৰিব লগীয়া নাই। কিন্তু মোৰ পিছত ভুকি থকা কুকুৰবোৰক মই ঘিণ কৰো। মই বাঘ, মই বাঘ হৈয়ে থাকিম।”

তাৰ পিছতে আকৌ কয়, “মই খাৰঘুলিতে থাকো। তোমালোকৰ লগত কথা পাতিবলৈ মই সাজু আছো। কিন্তু তাকে নকৰি যদি মোক ঘৃণা কৰিছা, তেন্তে মোক অসম এৰি যাবলৈ দিয়া। যিকোনো ঠাইতে মোৰ বাবে ঠাই হ’ব।”

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত বাগৰি ফুৰা এটা অডিঅ’ত বিশ্বশিল্পী তথা অসম সন্তান প্ৰয়াত ভূপেন হাজৰিকাক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰত ৰত্নৰ বাবে নিৰ্বাচিত কৰাৰ পিছতে অসদাচাৰী শব্দ ব্যৱহাৰ কৰি জুবিনক উষ্মা প্ৰকাশ কৰা শুনা গৈছিল। ইয়াকে লৈ কেইবাজনো বিজেপি কৰ্মী-সমৰ্থকে থানাত গোচৰ দিছিল। লগতে বিতৰ্কৰো সূত্ৰপাত ঘটিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd