• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণ জেটলীৰ কৃপাতে প্ৰথমবাৰলৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াত থিয় দিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই

‘মই যেতিয়া ওকালতি কৰিছিলো, তেতিয়া তেওঁ মোৰ মেন্টৰ আছিল’ ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 25, 2019 7:22 am
Siddhartha And Jately
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবীণ ৰাজনীতিক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত অৰুণ জেটলীৰ কৃপাতে প্ৰথমবাৰলৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াত থিয় দিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত জেটলীৰ স্মৃতিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা সদৰী কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

Apply Now

জেটলীৰ সৈতে স্মৃতি বিজড়িত কথাৰে নিজৰ ভাষণ ৰখা মন্ত্ৰী ভট্টাচাৰ্য্যই ওকালতি জীৱনত জেটলীয়ে কৰা সহায়-সহযোগিতাৰ কথাও সোঁৱৰে।

‘’মই যেতিয়া ওকালতি কৰিছিলো, তেতিয়া তেওঁ মোৰ মেন্টৰ আছিল। ১৯৯৯ চনৰ ওচৰে পাজৰে মই অৰুণ জেটলীক নুমলীগড় তেল শোধানগৰৰ এটা গোচৰক লৈ উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে তেওঁক জড়িত কৰাইছিলো,’’-ভট্টাচাৰ্য্যই কয়।

গোচৰৰ শুনানিৰ আগদিনা ৰাতি জেটলীৰ ঘৰত গোচৰ সম্পৰ্কত আলোচনা কৰি ওলাই আহিবৰ সময়ত ভট্টাচাৰ্য্যক জেটলীয়ে মাতি নি পাছদিনা উচ্চতম ন্যায়ালয়ৰ মজিয়াত জেটলীৰ হৈ ভট্টাচাৰ্য্যক থিয় হৈ বিষয়টো উপস্থাপন কৰিবলৈ অনুৰোধ কৰিছিল।

জেটলীৰ অনুৰোধ ৰক্ষা কৰিয়েই শুনানিৰ দিনটোত ভট্টাচাৰ্য্যই বিষয়টো ন্যায়ালয়ৰ মজিয়াত তুলি ধৰিছিল আৰু জেটলী সেই সময়ত তেওঁৰ কাষতে বহি আছিল বুলি তেওঁ জনায়।

ন্যায়ালয়ৰ পৰা ওলাই অহা মুহূৰ্ততে জেটলীয়ে তেওঁৰ পকেটত থকা প্ৰিয় ‘মবব্লাগ কলম’টো ভট্টাচাৰ্য্যক উপহাৰ হিচাপে দিছিল বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে।

‘’কলমটো মোৰ পকেটত গুজি দি তেওঁ কৈছিল এইটো তোমাৰ পাৰদৰ্শিতাৰ বাবে দিছো। আজিৰ দিনটোতো সেই কলমটো লৈ মই আৱেগিক হৈ পৰিছিলো,‘’-আৱেগিক হৈ পৰা ভট্টাচাৰ্য্যই এইদৰে কয়।

সেই দিনটোত ভট্টাচাৰ্য্যই ওকালতি জীৱনত প্ৰথমবাৰলৈ উচ্চতম ন্যায়ালয়ত ভৰি দিছিল বুলি সদৰী কৰে।

আনহাতে, ভট্টাচাৰ্য্যৰ সৈতে জেটলীৰ অন্য এক ব্যক্তিগত সম্পৰ্ক জড়িত স্মৃতিৰ কথা সোঁৱৰি ভট্টাচাৰ্য্যই কয়, ‘’মই ২০১৬ত পূৱ গুৱাহাটী সমষ্টিৰ পৰা বিধানসভাৰ টিকট লাভ কৰোতে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰথমবাৰলৈ লগ পাওঁতে তেওঁ মোক জিকিম নে নিজিকিম সুধিছিল। মই তেওঁক প্ৰচাৰ চলাবলৈ আহিবৰ বাবে অনুৰোধ জনাইছিলো যদিও শাৰিৰীকভাৱে অসুস্থ থকাৰ বাবে প্ৰচাৰ কৰিবলৈ আহিব নোৱাৰিম বুলি ক’লে। সেইবছৰ তেওঁৰ গা অসুস্থ থকা বাবে কোনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা নাছিল।‘’

ভট্টাচাৰ্য্যই লগতে কয়, ‘’অৱশ্যে বিজেপিৰ ভিজন ডুক’মেন্টখন শুভাৰম্ভ কৰাৰ সময়ত তেওঁ মোৰ হৈ প্ৰচাৰ চলাইছিল। ২০ মিনিটৰ বাবে এখন সভাত ভাগ লৈছিল অশোক ব্ৰহ্মপুত্ৰ হোটেলৰ সভাকক্ষত। তেওঁ গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ উদ্যোগপতি, ব্যৱসায়ী, আৰু ভোট ক্ৰিয়েটৰৰ উপস্থিতিত ২০ মিনিটজোৰা ভাষণ ৰাখিছিল। মই জনাত ২০১৬ চনত অসমত এখনেই সভা সম্বোধন কৰিছিল।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd