NORTHEAST NOW (Assamese)

সকলোৱে মিলি যজ্ঞ আয়োজন কৰক! মহামাৰি ৰোধৰ আজৱ উপায় আৱিষ্কাৰ এইগৰাকী বিজেপি মন্ত্ৰীৰ

May 13, 2021 4:32 pm · এন ই নাও নিউজ
(মন্ত্ৰী ঊষা ঠাকুৰ, ফাইল ফটো)

কৰোণা মহামাৰিৰ দ্বিতীয় ঢৌ চলি থকাৰ মাজতে দেশে বৰ্তমান তৃতীয় ঢৌৰ আশংকাত দিন কটাইছে।

এই পৰিস্থিতিত মহামাৰি ৰোধ কৰাৰ এক আজৱ সূত্ৰ আৱিষ্কাৰ কৰিলে মধ্যপ্ৰদেশৰ এগৰাকী বিজেপি মন্ত্ৰীয়ে।

ৰাজ্যখনৰ সংস্কৃতি মন্ত্ৰী ঊষা ঠাকুৰে কয় যে একমাত্ৰ যজ্ঞ আয়োজনৰ দ্বাৰাহে মহামাৰিৰ পৰা মুক্তিলাভ কৰা সম্ভৱ।

মঙলবাৰে সাংবাদিকৰ আগত তেওঁ কয় যে পৰিৱেশ আৰু নিজক শুদ্ধিকৰণৰ বাবে এই পদক্ষেপ অত্যন্ত জৰুৰী।

”আমাৰ পূৰ্বপুৰুষসকলে মহামাৰিৰ পৰা ৰক্ষা পাবলৈ যজ্ঞ কৰিছিল। চাৰি দিন ধৰি ঠিক পুৱা ১০ বজাত সকলোৱে মিলি যদি কৰা যায়, তেনেহ’লে কৰোণাৰ তৃতীয় ঢৌৱে আমাক চুব নোৱাৰিব।”- মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ দাবী দাবী কৰে যে এয়া ধৰ্মান্ধতা নহয়, বৰঞ্চ চিকিৎসাপদ্ধতিহে।

এই চিকিৎসাপদ্ধতিক তেওঁ ‘যজ্ঞ চিকিৎসা’ হিচাপে আখ্যা দিছে।

Related News