NORTHEAST NOW (Assamese)

চামগুৰিত বায়েকৰ ঘৰত বিয়া খাবলৈ অহা কিশোৰীৰ মৃতদেহ উদ্ধাৰ পুখুৰীত

July 10, 2019 3:46 pm · ভাৰ্গব হাজৰিকা

চামগুৰিৰ লাওখোৱাৰ উত্তৰ বেলগুৰিত আজি এগৰাকী কিশোৰীৰ মৃতদেহ এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। কিশোৰী গৰাকীক ৰুমা মণ্ডল বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে কিশোৰী গৰাকীয়ে লাওখোৱাৰ পৰা উত্তৰ বেলগুৰিৰ বায়েকৰ ঘৰলৈ বিয়া খাবলৈ বুলি মঙলবাৰে অৰ্থাৎ ৯ জুলাইত আহিছিল।

দুৰ্ভাগ্যবশত আজি বায়েকৰ ঘৰৰ এটা দ’ পুখুৰীত স্থানীয় ৰাইজে কিশোৰী গৰাকীৰ মৃতদেহ স্থানীয় ৰাইজে ওপঙি থকা দেখা পায়। স্থানীয় ৰাইজে কিশোৰাগৰাকী নিশা পুখুৰীটোত পিছলি পৰি মৃত্যুক সাবটি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতি কিশোৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

Related News