বিয়াৰ দুদিন পিছতে ন-কইনাই গম পালে গিৰিয়েক তপা! তাৰ পিছত কি ঘটিল পঢ়ো আহক

78977666.cms

প্রথমে যেতিয়া কইনা চাবলৈ গৈছিল তেতিয়া ভাবী স্বামীৰ মূৰত লহপহীয়া চুলি দেখি খুব ভাল পাইছিল ভাবী পত্নীয়ে।

কিন্তু বিয়াৰ ঠিক পিছতেই স্বামীৰ চুলিৰ ৰহস্য ন-কইনাৰ সন্মুখত ফাদিল হৈ পৰে।

মূৰত লহপহীয়া চুলি থকা স্বামীৰ চুলি আচলতে সঁচা চুলি নহয়।

স্বামীয়ে ইমান দিনে উইগ পিন্ধিহে সকলোকে আঁভুৱাভাঁৰি আহিছিল। তেতিয়াই আৰম্ভ হৈ গ’ল আচল নাটক।

আয়ুস্মান খুৰানা অভিনীত ‘বালা’ ছবি খন যিসকলে চাইছে তেওঁলোকে হয়তো ভালদৰেই জানে যে তপা মূৰৰ বাবেই সোণালী ভৱিষ্যতৰ সপোন বুকুত বান্ধি সংসাৰ আৰম্ভ কৰা বহুতৰে সংসাৰ কিদৰে ভাঙি থান-বান হয়।

‘বালা’ ছবিৰ কাহিনীৰ দৰেই মুম্বাইৰ মীৰা ৰোডৰ বাসিন্দা এহাল ন-দম্পতিৰ ক্ষেত্ৰতো তপা মূৰে মহা বিপাকৰ সৃষ্টি কৰিছে।

মুম্বাইৰ এগৰাকী ২৭ বছৰীয়া যুৱতীক কিছুদিন পূৰ্বে বিয়া কৰোৱাইছিল ২৯ বছৰীয়া এজন যুৱকে। যুৱতী গৰাকী পেছাত ছাৰ্টাৰ্ড একাউণ্টেণ্ট।বিয়াৰ দুদিনমানৰ পিচতে ন-কইনাই আবিষ্কাৰ কৰিলে যে স্বামীয়ে উইগ পিন্ধিহে তপা মূৰটো ঢাকি ৰাখি আহিছে।

বিয়াৰ আগৰে পৰাই এনেদৰে   উইগ পিন্ধি প্ৰতাৰণা কৰাৰ অভিযোগ আনি কইনাই মুম্বাইৰ নয়া নগৰ থানাত পতিৰ বিৰুদ্ধে এজাহাৰ দাখিল  কৰে।

আৰক্ষীয়ে উক্ত এজাহাৰৰ ওপৰত ভিত্তি কৰি স্বামীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৬ আৰ ৫০০ ধাৰাত গোচৰ ৰুজু কৰিছে।

গ্ৰেপ্তাৰৰ পৰা হাত সৰাৰ উদ্দেশে পতিয়ে জামিন বিচাৰি আদালতৰ কাষ চাপিছিল যদিও আদালতে পতিক থানাত আত্মসমৰ্পনৰ নিৰ্দেশহে দিছে।

তপা মূৰৰ বাবেই এনে বিড়ম্বনাৰ সন্মুখীন হ’ব লাগিব বুলি হয়তো পতিয়ে কেতিয়াও কল্পনাই কৰিব পৰা নাছিল।