NORTHEAST NOW (Assamese)

টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক; ভাৰোত্তলনত ৰূপ জিকিলে মীৰাবাই চানুৱে

July 24, 2021 12:48 pm · এন ই নাও নিউজ

ভাৰতৰ অনত্যম পদক বিজয়ীৰ সম্ভৱনাৰ তালিকাত থকা মীৰাবাই চানুৱে দেশৰ বাবে আনিলে প্ৰথমটো সুখৱৰ। ভাৰওোলনত দেশৰ একমাত্ৰ প্ৰতিনিধি আছিল মণিপুৰৰ খেলুৱৈ গৰাকী।

দেশবাসীৰ প্ৰত্যাশা পূৰণ কৰি চানুৱে আনিলে টকিঅ’ৰ পৰা প্ৰথমটো ভাল খৱৰ। ভাৰতৰ বাবে টকিঅ’ অলিম্পিকত প্ৰথমটো পদক দখল কৰিলে মীৰাবাই চানুৱে।

মহিলাৰ ভাৰোত্তলনৰ ৪৯কেজি শাখাত ৰূপৰ পদক জয় কৰিলে মীৰাবাই চানুৱে।

ক্লিন এণ্ড জাৰ্কত প্ৰথম প্ৰচেষ্টাত ১১০কেজি আৰু দ্বিতীয় প্ৰচেষ্টাত ১১৫কেজি ভাৰোত্তলন কৰে চানুৱে। তৃতীয় প্ৰচেষ্টাত ১১৭কেজি উত্তোলনৰ চেষ্টা কৰে যদিও সফল নহ’ল চানু।

চীনৰ ঝিহুই হোউৱে সোণৰ পদক লাভ কৰে।

Related News