NORTHEAST NOW (Assamese)

চামগুৰিত পুখুৰীত উদ্ধাৰ হ’ল বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা ব্যক্তিৰ মৃতদেহ

June 6, 2019 11:31 am · ভার্গব হাজৰিকা

চামগুৰিৰ ভৰাগুৰিত আজি পুৱাই এটা মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চামগুৰি আৰক্ষী থানাৰ অধীনৰ ভৰাগুৰিৰ পামগাঁৱত এটা পুখুৰীত পুৱা স্থানীয় ৰাইজে মৃতদেহটো উপঙি থকা দেখা পায়।

ইয়াৰ পিছতে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত স্থানীয় ৰাইজে মৃত ব্যক্তিজনক অঞ্চলটোৰ বহুতৰে ঘৰত বন কৰা প্ৰায় ৬০ বছৰীয়া গনেশ মুড়া বুলি চিনাক্ত কৰে।

উল্লেখযোগ্য যে, মৃত গনেশ মুড়া বুধবাৰৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। ইফালে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ দিহা কৰে চামগুৰি আৰক্ষীয়ে।

Related News