• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

জন্মভূমি ৰক্ষাৰ দায়িত্ব পালন কৰি ছুটীত নিজগৃহলৈ উভতি অহাৰ পথতে মিজোৰামৰ ক'লাচিবত একাংশ সুৰাসক্ত যুৱকৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱায় অসম ৰেজিমেণ্টৰ জোৱান জাকাৰিয়া লালহ্ৰিয়াতলুৱাংগাই

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2026 1:13 pm
ফটো: সংগৃহীত

ফটো: সংগৃহীত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ কৰ্মক্ষেত্ৰৰ পৰা ছুটীত ঘৰলৈ উভতি অহাৰ পথতে মিজোৰামৰ ক‘লাচিবত এক ভয়ংকৰ পথ-সংঘাতৰ বলি হৈ প্ৰাণ হেৰুৱাইছে এগৰাকী ২৯ বছৰীয়া সেনা জোৱানে। যোৱা ২০ ছেপ্টেম্বৰত লেংপুই বিমানবন্দৰৰ পৰা এখন ট্ৰাকেৰে নিজ গাঁও নিউ বুইলুমলৈ গৈ থকা অৱস্থাত বনভোজৰ পৰা উভতি অহা একাংশ যুৱকৰ সৈতে হোৱা সামান্য যান-বাহন বিতৰ্কৰ পৰিণতিত অসম ৰেজিমেণ্টৰ জোৱান জাকাৰিয়া লালহ্ৰিয়াতলুৱাংগাক মৰিয়াই মৰিয়াই হত্যা কৰা হয়।

 

Apply Now

জোৱানগৰাকীৰ মাতৃ লালথাজোৱীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, ২০ ছেপ্টেম্বৰৰ সন্ধিয়া জাকাৰিয়া আৰু তেওঁৰ বন্ধু জন লালটানপুইয়াই বুয়ালপুইত চাহ খাবলৈ ৰৈছিল। তাৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছতেই বেয়া পথৰ বাবে বিপৰীত দিশৰ পৰা ভুল পথেৰে আহি থকা এখন ট্ৰাকৰ সৈতে তেওঁলোকৰ মুখামুখি হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, জনে ট্ৰাক চালকজনক ৰ‘বলৈ কোৱাৰ সময়তে কাৱনপুই চহৰৰ এটা হকী দলৰ প্ৰায় ২০ জনীয়া যুৱকৰ দল এটা এখন পিক-আপ ভানত আহি উপস্থিত হয়। থিংডাউলৰ সমীপৰ এখন বনভোজস্থলীৰ পৰা বিজয় উৎসৱ পালন কৰি উভতি অহা যুৱকৰ দলটো সুৰাসক্ত অৱস্থাত আছিল বুলি সন্দেহ কৰা হৈছে। যুৱকসকলে বাহনৰ পৰা নামি আহি জনক বাহিৰলৈ টানি উলিয়াই প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। এই পৰিস্থিতিত জাকাৰিয়াই বাধা দিবলৈ চেষ্টা কৰোতেই তেওঁকো আক্ৰমণ কৰে। আনকি চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হোৱা তেওঁলোকৰ আন এগৰাকী বন্ধু লালচাৱিলিয়ানাকো যুৱকৰ দলটোৱে প্ৰহাৰ কৰে। এই আক্ৰমণৰ ফলত জাকাৰিয়াৰ থিতাতে মৃত্যু হয় আৰু ট্ৰাক চলাই অহা তেওঁৰ বন্ধু জন সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

 

২০১৭ চনত অসম ৰেজিমেণ্টত যোগদান কৰা জাকাৰিয়া শ্ৰীনগৰত নিয়োজিত হৈ আছিল। পাঁচগৰাকী ভাতৃ-ভগ্নীৰ মাজত দ্বিতীয় কনিষ্ঠ জাকাৰিয়াই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। তেওঁৰ ৬০ বছৰীয়া মাতৃ আৰু ৮০ বছৰীয়া পিতৃ ভি এল ডুৱাইলোভা বৃদ্ধাৱস্থাৰ বাবে উপাৰ্জন কৰিবলৈ অক্ষম। জাকাৰিয়াৰ কনিষ্ঠ ভাতৃ ষ্টিফেন লালৰিংঘেটাই দিনহাজিৰা কৰি পৰিয়ালটোক সহায় কৰে, আনহাতে জ্যেষ্ঠ ভাতৃ আৰু ভগ্নী নিজা পৰিয়ালৰ সৈতে পৃথককৈ থাকে। মাতৃ লালথাজোৱীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে ঘৰ নিৰ্মাণৰ বাবে জাকাৰিয়াই ঋণো লৈছিল আৰু তেওঁৰ মৃত্যুৱে সমগ্ৰ পৰিয়ালটোক দিশহাৰা কৰি তুলিছে। ঘটনাৰ ঠিক পূৰ্বে জাকাৰিয়াই মাতৃলৈ ফোন কৰি সন্ধিয়া প্ৰায় ৬.৩০ বজাত ঘৰ পাব বুলি জনাইছিল। নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱাত পৰিয়ালৰ লোকে পুনৰ ফোন কৰাত বেয়া পথৰ বাবে পলম হোৱা বুলি তেওঁ জনাইছিল, কিন্তু তাৰ কিছু সময়ৰ পাছতেই বন্ধু লালচাৱিলিয়ানাই এই মৰ্মান্তিক খবৰটো পৰিয়ালটোক দিয়ে।

 

দেশমাতৃৰ সেৱাত নিয়োজিত এগৰাকী সেনা জোৱানে নিজগৃহলৈ উভতি অহাৰ পথতে দুৰ্বৃত্তৰ আক্ৰমণত এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। পুত্ৰহাৰা মাতৃয়ে দোষীসকলক শীঘ্ৰে চিনাক্ত কৰি কঠোৰশাস্তি প্ৰদানৰ জৰিয়তে ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে। ইপিনে, আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে আৰু ইতিমধ্যে এই জঘন্য হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দুজন নাবালকসহ মুঠ আঠগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ নিৰপেক্ষ তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ অহাৰ লগতে দোষীয়ে দৃষ্টান্তমূলক শাস্তি লাভ কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd