NORTHEAST NOW (Assamese)
অসম

জন্মদিনৰ দিনাই শৰীৰ দান কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2019 6:28 pm

মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আজি জন্মদিন। জন্মদিনৰ দিনাই ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ শৰীৰ দান কৰি দেখুৱালে নিজৰ মহানুভৱতা।

কংগ্ৰেছী বিধায়ক গৰাকীয়ে আজি নিজৰ জন্মদিন উপলক্ষে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে। এই সংবাদমেলতে কুৰ্মীয়ে নিজৰ শৰীৰটো যোৰহাটৰ একলব্য ফাউণ্ডেশ্যনক আৰু দুয়োটা চকু জেউতি আই বেংকলৈ দান কৰে।

বিধায়কগৰাকীয়ে সংবাদমেলতেই ইয়াৰ চুক্তিনামা একলব্য ফাউণ্ডেশ্যনৰ ড০ দেবব্ৰত শৰ্মা আৰু জেউতি আই বেংকৰ অশোক সেনাপতিৰ হাতত প্ৰদান কৰে। লগতে দুয়োটা সংস্থালৈ ১০ হাজাৰ টকাকৈ আগবঢ়ায়।

সংবাদমেলত বিধায়ক কুৰ্মীয়ে কয় যে এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ অংগ ৬-৭ ঘণ্টাৰ ভিতৰত আন এজনৰ দেহত সংৰোপন কৰিব পাৰে। গতিকে এই অংগ সংৰোপন যাতে খৰতকীয়া কৰিব পাৰে তাৰবাবে তেওঁ অসম চৰকাৰক এখন এয়াৰ এম্বুলেঞ্চ ক্ৰয় কৰিবলৈ দাবী জনাব।

লগতে এয়াৰ এম্বুলেঞ্চ ক্ৰয় কৰাৰ বাবে তেওঁ এক লাখ টকা তেওঁৰ দৰমহাৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰিব বুলিও আজিৰ সংবাদমেলতে উল্লেখ কৰে।