• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Jorhat Mob lynching যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনা, ছ’চিয়েল মিডিয়াত প্ৰতিবাদ-শোকৰ বন্যা,কাৰ কেনে প্ৰতিক্ৰিয়া?

ঘটনাস্থলীৰ কাষেৰে নিৰ্বিকাৰভাবে গাড়ী চলাই পাৰ হৈ যোৱা 'সভ্য' মানুহক ছ'চিয়েল মিডিয়াত তুলাধুনা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 30, 2021 8:15 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন উঠি অহা যুৱকক যোৰহাট চহৰৰ মাজতে নিৰ্মম ভাবে গণপ্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই কেৱল অসমতে নহয়, সমগ্ৰ দেশকে জোকাৰি গৈছে।

এই ঘটনা সংঘটিত হৈ থকাৰ সময়তে ঘটনাস্থলীৰ কাষেৰে নিৰ্বিকাৰভাবে পাৰ হৈ যোৱা তথাকথিত সভ্য লোকসকলকো কঠোৰ সমলোচনা কৰিছে নেটিজেনসকলে। সেই ‘সভ্য’ লোকসকলে তাৎক্ষণিক ভাবে আৰক্ষীক খবৰ দি অথবা অন্য কোনো উপায়েৰে অনিমেষৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন বুলি নেটিজেনৰ মাজৰে বহুতে মন্তব্য কৰিছে।

Apply Now

আহক চাওঁ নেটিজেনৰ মাজৰে কোনে কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰেই কিয়দাংশ—

আছু নেতাক হত্যা কৰা লোক কেইজনক ফাঁচী দিব লাগেঃবিপুল দাস।

এনেকুৱা ঘটনাবোৰ দেখিলে ভয় হয় কিজানিবা মানৱৰ ঠাই দানৱে দখল কৰেঃ বনশ্ৰী দত্ত

মানুহক ঘৃণা কৰিবলৈ শিকোৱা হৈছে। সাধাৰণ কথাতে মাৰিবলে কাটিবলে উচটনি দিয়া হৈছে। হিংসাৰ প্ৰচাৰ পৰিকল্পিতভাৱে কৰা হৈছে। মানুহৰ মাজত হিংস্ৰতা সুঁচৰিছে। গোটেই দেশৰ পৰিৱেশটোৱে এনেকুৱা। হাত দীঘল থাকিলে, ৰাজনৈতিক দলৰ স’তে সংযোগ থাকিলে অপৰাধী সাৰি যায়ঃ প্ৰদ্যুম্ন কুমাৰ গগৈ।

এজনক এজাকে মৰিয়াই থাকে।
এচামে চাই থাকে। কাৰণ জেঙত সোমাব নোখোজে।
এচাম কাষেৰে পাৰ হৈ যায়। কাৰণ নিজৰ কোনো নহয় গতিকে ৰোৱাৰ দৰকাৰ নাই।
এতিয়া মানুহ এনেকুৱাই। কোনো কাৰো কাষত নাই।
(তাৰে কোনোবাই ভিডিঅ’ কৰে। যি মানসিকতাতে নকৰক সেই ভিডিঅ’ কিন্তু তদন্তত সহায় হয়।)
অনিমেষ ভূঞাৰ হত্যাকাৰীৰ শাস্তি হওক। কিন্তু কি শাস্তি দেখিমঃপ্ৰণৱজ্যোতি নদীয়াল।

যোৰহাট অভিজাত সংস্কৃতিৰ নগৰৰ মাজমজিয়াতে জংঘলী দানৱ থাকে। অনিমেষ হত্যা কাণ্ডই প্ৰমাণ কৰিলে। মাতৃৰ বুকুৰ উদং কৰা দানৱ বোৰক ৰাজপথৰ আনি দেহৰ অংগ হাত কাটি দিব লাগে।আইনৰ সুৰঙাৰে সাৰি যায়ঃমায়া বৰুৱা।

উফ! ক’বলৈ আৰু একো নাই। অঞ্চলটোৰ ৰাজনীতি, শিক্ষা আৰু সকলো সামাজিক কাম-কাজত সদা সক্ৰিয় এজন উদীয়মান দাদাক আমি আজি হেৰুৱালোঁ। আমি এই হত্যাৰ ন্যায় পামনে নাপাম নাজানোঁ। কিন্তু অপ্ৰিয় সত্য এইটোৱেই যে আমি আমাৰ অঞ্চলটোৰ এজন প্ৰতিভাৱান যুৱকক চিৰদিনলৈ হেৰুৱালোঁ। সাংস্কৃতিক নগৰী যোৰহাটত এজাক সংস্কৃতিৱান মানুহৰ(!)সমুখতে মৰিয়াই মৰিয়াই দেৰগাঁও ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক, আমাৰ সকলোৰে চিনাকি এজন দাদা অনিমেষ ভূঞাক হত্যা কৰা হ’ল। আমি এই হত্যাৰ ন্যায় পামনে? দিবনে ন্যায়?—সূৰ্যস্নাত বৰা অসম

এসময়ত অসমৰ সাংস্কৃতিক ৰাজধানী ৰূপে জনাজাত যোৰহাট নগৰত ২৯ নৱেম্বৰত যি বৰ্বৰ কাণ্ড সংঘটিত হ’ল তাৰ আঁৰৰ কাৰণ হৈছে ড্ৰাগছ আৰু সুৰাসক্তৰ সংখ্যা বৃদ্ধি।মাছৰহাটৰ বাসিন্দাই কৰা অপৰাধ আমি শৈশৱৰে পৰা দেখি আহিছো।কথা হ’ল নিজৰ জন্মভূমিৰ লোকে কৰা অপৰাধৰ বাবে আমি লজ্জা বোধ কৰো, কিন্তু অপ্ৰিয় সত্য হৈছে এওঁলোকৰ শুধৰণি নাই।মাছৰহাটৰ মস্তান ৰ দাদাগিৰিত এজনৰ প্ৰাণ গ’ল,কিন্তু আমাৰ সমাজত সৰু ল’ৰাৰ দৰে অপৰাধী কিয় দপদপাই ফুৰিব পাৰে সেইটোহে চিন্তনীয় বিষয়।আৰক্ষীৰ ভূমিকাও সন্দেহজনক!!—দেৱাশীষ প্ৰতাপ।

আৰু এজন নিৰীহ ল’ৰাৰ মৃত্যু ঘটিল মানুহ ৰূপী নৰপিশাচৰ হাতত .. পোক পৰুৱাৰ দৰে মানুহক মাৰি পেলালে,বাধা প্ৰদান কৰা কোনো নোলাল ..মানুহ বোৰে ভিডিও ,ফটো মাৰিব এৰি যদি বচাবলৈ গল হেতেন তেতিয়া অন্তত এজন ল’ৰাৰ মৃত্যু আমি নেদেখিলোঁ হেতেন …মানুহে যে তাক হে মাৰিছে মোক তো মৰা নাই ,সেই ভাব লৈ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈ অপৰাধ শেষ নহব … সুন্দৰ সুঠাম উঠি অহা ডেকা ল’ৰা এজনৰ মৃত্যু আজি পুনৰ যোৰহাটত সুলভ হৈ পৰিল ..দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে তাৰ বাবে দাবী জনালোঁঃ ৰীণা গোস্বামী।

ৰাজপথত যুৱকক মৰিয়াই হত্যা।।
যোৰহাটত অন্তত এনে ঘটনা হ’ব নালাগিছিল। এগৰাকী যোৰহটীয়া হিচাপে মৰ্মাহত, লজ্জিত। বৰ্বৰ কেইটাক প্ৰশাসনে উচিত শাস্তি প্ৰদান কৰক।— জোনজ্যোতি দত্ত বৰা।

তেজখোৱা বুলি যে কয়, নৰখাদক বুলি যে কয় আজি যোৰহাটৰ সেই নৰপিশাচ কেইটাকে কয়..উস ৰাম কেনেকৈ মাৰি মাৰি মাৰিয়েই পেলালিহক সেই ডেকা ল’ৰাটোকঃ অপৰূপা বৰঠাকুৰ

যোৰহাট নগৰৰ মাজমজিয়াত এদল জিঘাংসু লোকে অমানুষিক অত্যাচাৰ চলাই সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক হত্যা কৰিলে। এই আক্ৰমণত আহত হ’ল ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰণয় দত্ত আৰু প্ৰতিদিন টাইমৰ সাংবাদিক মৃদুষ্মন্ত বৰৱা নামৰ আন দুগৰাকী যুৱক । এই দুষ্কাৰ্যৰ গৰিহণাৰ ভাষা নাই‌। এই সমগ্ৰ ঘটনাৰ লগত জড়িত আটাইবোৰ অপৰাধীকে অনতি বিলম্বে গ্ৰেপ্তাৰ কৰাৰ লগতে ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ কৰি দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনালোঁঃ আজিজুৰ ৰহমান শইকীয়া।

“পথৰ সমস্যাবোৰ যেতিয়ালৈকে সকলোৱে “বাটৰ কচু” বুলি গা এৰা দি ফুৰিব সিমানে সমাজত উশৃঙ্খলতা সৃষ্টি হ’ব। ঘৰৰ বা পৰৰ বুলি কথা নাই দোষীয়ে শাস্তি পাব লাগে”— প্ৰিয়ম প্ৰিয়ম।

কালিৰ যোৰহাটৰ বৰ্বৰ হত্যাকাণ্ডক পুনৰ গৰিহণা দি কওঁযে এই কাণ্ডই সাংস্কৃতিক নগৰীক কলংকিত কৰিলে৷আমি দেৰগঞা বা উজনিৰ সকলে যোৰহাটক লৈ গৌৰৱ কৰো৷যোৰহাটে আমাক নেতৃত্ব দিয়ে৷কালিৰ ঘটনাটোত যোৰহাটৰ সচেতনলোক সকলৰ পৰা উচিত পদক্ষেপ আশা কৰিলোঁ৷— নুৰুল চুলতান

কোন দিশে ধাৱমান মানৱ জাতি!!! অনিমেশ ভূঞাৰ লগত সংঘটিত এই নাৰকীয় ঘটনাই যেন শেষৰটো ঘটনা হয়। নহ’লে আমি নিজকে মানুহ বুলি চিনাকি দিয়াৰ অধিকাৰ হেৰুৱাই পেলাম।— চন্দনা পৰাশৰ

যোৰহাটবাসী বুলি নহয়, মানুহ হিচাপেহে লজ্জানত হৈছো।—মেঘালী গগৈ

মানুহ ইমান অমানুহ কেনেকৈ হ’ব পাৰে ।কাৰ ঘৰৰ ল’ৰা এইবোৰ ইমান উগ্ৰ ইমান নিষ্ঠুৰ?মৰিয়াই মৰিয়াই মাৰি পেলাব পাৰিলে । ইমান ভিৰৰ মাজৰ পৰা দুই তিনিজন মানুহে ৰংচাই থকাতকৈ,ভিডিও উঠাই থকাতকৈ ধৰি বান্ধি ৰখাব নোৱাৰিলে নে ?—ৰুবী সিংহ

চাই থকাসোপা একেই নৰাধম পিশাচ…—নিৰ্মালী বৰা

নৰপিশাচ কলা ল’ৰাক গ্ৰেপ্তাৰ। অসমৰ সকলোৱে ইয়াৰ মৃত্যু বিচাৰিছে। বেচি দিন খোৱাই লাভ নাই। সময়ৰ কাম সময়ত কৰিব লাগে। একাধিক গোচৰ থকা এই পাষণ্ডটো মুকলিকৈ ঘুৰি থকাটোৱেই ৰহস্যৰ বিষয়।—সমীৰণ দিগন্ত

কালিৰে পৰা শান্তিত না খাব পাৰিছোঁ না শুৱ😥।মনলৈ সেই মৰমলগা লৰাটো । মৰা কেইটাৰ বাৰু চিন্তা শক্তি নাই ।কিন্তু ভিডিঅ টোত দেখিলো বহুত মানুহে চাই থকা , ভিডিঅ বনোৱা । সকলোৱে একগোট হৈ যদি ল’ৰা টোক বচাবলৈ আহিল হেঁতেন ,কথা বোৰ শুনিলে হেতেন ,প্ৰকৃততে কি হৈছে । লৰা টোক মৰিবলৈ এৰি দি চাই থকা বোৰো সমানেই দোষী।—গীতি ভট্টাচাৰ্য

মানুহ এটা মৰি যোৱালৈকে ভিডিঅ’ লব পৰা কেইটাক কি বুলিব? এনে আসুৰিক প্ৰবৃত্তিৰকেইটাৰ মাৰ খাই থকাটোলৈ অলপো মৰম নাজাগে, কিন্তু দৃশ্যটো উপভোগ কৰে।তাৰ ওপৰত পৰা প্ৰহাৰ অনুভৱ কৰিব নোৱাৰে।ধিক্ মানৱতা। নিৰাপদ দূৰত্বত থাকি আমি এফবিত ধিক্কাৰ দিয়াৰ বাহিৰে আমি কি কৰিব পাৰিছোঁ। সেইসময়ত আপুনি মই কাষেৰে পাৰ হৈ গলেও কিবা কৰিব পাৰিলোঁ হেতেন জানো? কিবা মাৰপিট লাগিছে বুলি লৰালৰিকৈ সেই স্থান ত্যাগ কৰিলোঁহেতেন।—কুন্তলা দত্ত

কোনোবা দানৱে কাৰোবাক উশাহ বন্ধ হৈ নোযোৱালৈকে মৰিয়াই থাকোঁতে হাতত মোবাইল ফোন লৈ কেনেকৈ ভিডিঅ’ ৰেকৰ্ডিং কৰি থাকিব পাৰে???তাৰ সলনি বাধা দিবলৈ আগবাঢ়ি কিয় নগ’ল তেওঁলোক??
বৰ অশান্তিত কটাইছোঁ কালিৰে পৰা।
মাননীয় আইন, আদালত.. আমাক দোষীক কৰায়ত্ব কৰি সকাহ দিব নালাগে, নিৰাময়ৰ উপায় কৰক !!—প্ৰতিমা মহন্ত

কেৱল ছটফটাইছো, হাহাকাৰ কৰিছে অন্তৰে। এটা সতেজ ডেকা ল’ৰাক চকুৰ আগত মাৰপিট কৰোতে কেনেকৈ চাই থাকিল আপোনালোক দৰ্শক সকলে। ঘটনাথলীত উপস্থিত থকা সকলো দোষী। আপোনালোকে নিজক ক্ষমা কৰিব পাৰিবনে!!! কেনেকৈ শান্তিত আছে এতিয়া আপোনালোক!!—স্মৃতি ৰেখা কলিতা

সেইজাক হায়েনা আছিল। গতিকে শাস্তিৰ উচিত বিচাৰ তেনেদৰেই আগবাঢ়ক—আগমনি ফুকন শইকীয়া

আজিও শুব পৰা নাই ঠিক অভি নীলৰ হত্যাকাণ্ডৰ দিনাৰ দৰে। প্ৰতিবাদ হৈছে সৰ্বত্ৰে, তাৰপিছত?শাস্তি?নে আকৌ একেই আগৰ দৰেই?এগৰাকী মাতৃ মাত্ৰ জ্বলি থাকিব জীৱনভৰ— ৰজনী গৌৰৱ

সৌ সিদিনা অভি-নীল,
আজি অনিমেষ।
কাইলৈ কিজানি নিজৰে আপোন এজন হয়!
সন্তানক এনে এখন পৃথিৱী উপহাৰ দি যাম য’ত অমানুহেই ভৰি পৰিছে। ভয় লাগিছে , ভীষণ ভয়। অনিমেষৰ মাতৃক কোনে কি বুজাব ?—দৰ্শনা কলিতা
প্ৰথম কথা এই স্কুটাৰৰ পৰা পৰা মানুহজনক(ক’লা ল’ৰাৰ দেউতাক)গ্ৰেপ্তাৰ কৰি(সম্ভৱ ইতিমধ্যে কৰিছে) উচিত শাস্তি দিব লাগে৷আৰু এই ক’লা ল’ৰাক অসমত পুলিছে বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰীৰ ওপৰত যি ব্যৱস্থা কৰিছে সেয়াই কৰিব লাগে৷ কোনো কথা নাই- ডাইৰেক্ট….—দীপেন কুমাৰ বৰা

উল্লেখ্য যোৰহাটৰ মাজমজিয়াত কালি বিয়লিৰ ভাগত গণপ্ৰহাৰত নিহত হৈছে এগৰাকী স্থানীয় আছু নেতা ।

নিহত ছাত্ৰ নেতা গৰাকীৰ নাম অনিমেষ ভূঞা।

জানিব পৰা মতে আজি বিয়লিৰ ভাগত এজন লোকে মদ খাই দুৰ্ঘটনাত পতিত হোৱাত লোক জনক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে অনিমেষ আৰু তেওঁৰ লগত থকা আন তিনি জন বন্ধুক একাংশ লোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

অনিমেষ আৰু আন তিনি জন যুৱকৰ বাবেই লোক জন দুৰ্ঘটনাত পতিত হোৱা বুলি অভিযোগ কৰিয়েই একাংশ লোকে তেওঁলোকক গণপ্ৰহাৰ কৰে।

যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ পৰা নিৰ্মল চাৰিআলি পৰ্যন্ত প্ৰায় ২০-২৫ মিনিট ধৰি যুৱক কেইজনক গণপ্ৰহাৰ কৰা হয়।

ফলত লগে লগে মৃত্যু ঘটে আছু নেতা অনিমেষ ভূঞাৰ।

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd