NORTHEAST NOW (Assamese)

ৰংঘৰত ভূমিকম্প! হঠাতে লাগিল হুৱাদুৱা,তাৰ পিছত কি কৰিলে প্ৰশাসনে?

January 5, 2022 3:16 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

হঠাৎ হুৱাদুৱা লাগিল ৰংঘৰ দৰ্শন কৰি থকা পৰ্যটকৰ মাজত।

ৰংঘৰ বাকৰিত উপস্থিত হল আৰক্ষী, NDRF, SDRF, অগ্নি নিৰ্বাপন বাহিনী আৰু স্বাস্থ্যকৰ্মী।

ৰংঘৰৰ পৰা ভূমিকম্পত আহত সকলক উদ্ধাৰ কৰিছে NDRF, SDRF বাহিনীয়ে। ততাতৈয়াকৈ চিকিৎসা কৰিছে স্বাস্থ্য কৰ্মীয়ে।

এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে ৰংঘৰত!

পিছে ৰ’ব। ভয় নাখাব। এয়া ভূমিকম্প নহয়। শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, অসামৰিক প্ৰতিৰক্ষা বিভাগ, NDRF, SDRF আৰু ১২ নং বেটেলিয়ানৰ এক বিশেষ অনুশীলনহে এয়া।

ভূমিকম্প হলে ঐতিহাসিক ৰংঘৰত থকা পৰ্যটক সকলক কেনেদৰে উদ্ধাৰ কাৰ্য কৰিব তাৰে এক যৌথ অনুশীলন চলালে NDRF, SDRF, চিভিল ডিফেঞ্চে।

Related News