মোদী চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে উত্তৰ-পূব বিদ্যুৎ শক্তি নিগম চমুকৈ নীপকোৰ (North Eastern Electric Power Corporation (NEEPCO) অংশ বিক্ৰী কৰিব।
এটা সূত্ৰই এই কথা দাবী কৰি কয় যে চৰকাৰে নিৰ্বিনিয়োগৰ জৰিয়তে চলিত বিত্তীয় বৰ্ষত প্ৰায় ৬৫ হাজাৰ কোটি টকা আহৰণৰ লক্ষ্য লৈছে আৰু এই লক্ষ্যত উপনীত হ’বৰ বাবে বিভিন্ন ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানত থকা চৰকাৰৰ অংশ বিক্ৰী কৰিব।
সূত্ৰটোৰ মতে নীপকোৰ লগতে চৰকাৰে টি এইচ্ছ ডি চি আই এলৰো (Tehri Hydro Development Corporation India Limited) অংশ বিক্ৰী কৰিব।
দুয়োটা প্ৰতিষ্ঠানত থকা চৰকাৰৰ অংশ আন এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান এন টি পি চিক (National Thermal Power Corporation Limited) বিক্ৰী কৰা হ’ব আৰু চৰকাৰে প্ৰায় ১০ হাজাৰ কোটি টকা লাভ কৰিব।
যোৱা বছৰৰ নৱেম্বৰত বিত্ত মন্ত্ৰ্যালয়ৰ দ্বাৰা নীপকো আৰু টি এইচ্ছ ডি চি আই এলত থকা চৰকাৰৰ অংশ বিক্ৰীৰ প্ৰস্তাৱ উত্থাপন ক ৰা হৈছিল আৰু এই প্ৰস্তাৱত অৰ্থনৈতিক বিষয়ক মন্ত্ৰী গোটে অনুমোদন জনাইছিল।
নীপকো উত্তৰ-পূব অঞ্চলত বিদ্যুৎ কেন্দ্ৰ স্থাপন, বিদ্যুৎ উৎপাদনৰ কামত নিয়োজিত হৈ আহিছে। ১৯৭৬ চনতে স্থাপন কৰা উদ্যোগ প্ৰতিষ্ঠানটো প্ৰথম শ্ৰেণীৰ মিনি ৰত্ন আখ্যা দিয়া হয়।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান আৰু এইবোৰত থকা চৰকাৰৰ অংশ বিক্ৰী কৰি আহিছে।
চৰকাৰে এই বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানবোৰত থকা চৰকাৰৰ অংশ বিক্ৰীৰ পৰা প্ৰথম অৱস্থাত প্ৰায় ১ লাখ কোটি টকা আহৰণৰ লক্ষ্য লৈছিল যদিও সেই লক্ষ্য পিছত সংশোধন কৰি ৬৫ হাজাৰ কোটি টকা কৰে।
চৰকাৰৰ সূত্ৰমতে, চৰকাৰ বৰ্তমানলৈকে এই নিৰ্বিনিয়োগৰ জৰিয়তে ১৮,৩৪৫.০৬ কোটি টকাহে আহৰণ কৰিবলৈ সক্ষম হৈছে।