মোদীৰ নতুন মন্ত্ৰীসভাখন: কোনে কি পালে দপ্তৰ, সৰ্বানন্দ সোণোৱাল,কিৰেণ ৰিজিজুৱে কি পালে,দপ্তৰসহ ৪৩ মন্ত্ৰীৰ সম্পূৰ্ণ তালিকা

mojk

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটায়। সেইমৰ্মে মোদীৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰে ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে।

ইয়াৰে বহুতেই্ আগৰে পৰা কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে যদিও বহু নতুন মুখেও মন্ত্ৰীসভা খনত ভুমুকি মাৰিছে। মোদীৰ নতুন মন্ত্ৰীসভাত ৯ গৰাকী মহিলামন্ত্ৰীকো স্থান দিয়া হৈছে।

ইয়াকেলৈ মন্ত্ৰীসভা খনত মহিলা মন্ত্ৰীৰ সংখ্যা হ’লগৈ ১১ গৰাকী।

মোদীৰ মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিয়া হৈছে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰীৰ দায়িত্ব।

উত্তৰ-পূৰ্বাঞ্চলৰ আন এগৰাকী কেবিনেট মন্ত্ৰী কিৰেন ৰিজিজুক দিয়া হৈছে আইন মন্ত্ৰালয়ৰ লগতে সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়ৰ দায়িত্ব।

আহক চাওঁ মোদী কেবিনেটত ৪৩ গৰাকী মন্ত্ৰীক দিয়া হ’ল কি কি দপ্তৰ—

১. নাৰায়ণ টাটু ৰাণে: ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ।
২. শ্ৰী সৰ্বানন্দ সোণোৱাল:বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ
৩ ড০ বীৰেন্দ্ৰ কুমাৰ: সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰ।

৪. শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া:অসামৰিক বিমান পৰিবহন ।
৫. শ্ৰী ৰামচন্দ্ৰ প্ৰসাদ সিং:তীখা দপ্তৰ।
৬. শ্ৰী অশ্বিনী বৈষ্ণৱ:ৰে’ল আৰু তথ্য প্ৰযুক্তি

৭. শ্ৰী পশু পতি কুমাৰ পাৰস:খাদ্য পুনৰ সংসাধন।
৮. শ্ৰী কিৰেন ৰিজিজু:আইন মন্ত্ৰালয়ৰ লগতে সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়।

৯. শ্ৰী ৰাজ কুমাৰ সিং: শক্তি দপ্তৰ।

১০. শ্ৰী হৰদীপ সিং পুৰী:পেট্রলিয়াম, আবাসন আৰু নগৰ কল্যাণ ।
১১. শ্ৰী মনসুখ মাণ্ডৱিয়া:স্বাস্থ্য দপ্তৰ।
১২. শ্ৰী ভূপেন্দৰ যাদৱ:পৰিবেশ আৰু শ্রম দপ্তৰ।

১৩. শ্ৰী পৰশত্তম ৰূপালা:মৎস্য, পশুপালন আৰু দুগ্ধজাত পণ্য দপ্তৰ।
১৪. শ্ৰী জি কিষাণ ৰেড্ডী:সংস্কৃতি, পর্যটন আৰু উত্তৰ-পূর্বাঞ্চল উন্নয়ন দপ্তৰ।
১৫. শ্ৰী অনুৰাগ সিং ঠাকুৰ:ক্ৰীড়া  আৰু তথ্য- সম্প্ৰচাৰ দপ্তৰ।

১৬. শ্ৰী পংকজ চৌধুৰী:অর্থ দপ্তৰৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ।
১৭.অনুপ্রিয়া সিং প্যাটেল- বাণিজ্য আৰু শিল্প দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
১৮.সত্যপাল সিং বাঘেল- আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

১৯.ৰাজীবচন্দ্র শেখৰ- কাৰিকৰী দক্ষতা আৰু শিল্প দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আৰু তথ্য-প্রযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২০.শোভা কৰণদোলজে- কৃষি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

২১.ভানুপ্ৰতাপ সিং বর্মা- ক্ষুদ্র, মজলীয়া উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২২.দর্শনা বিক্রম জার্দোশ- বস্ত্র আৰু ৰে’ল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৩.মীনাক্ষী লেখী- বিদেশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

২৪.অন্নপূর্ণা দেবী- শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৫.এ নাৰায়ণস্বামী- সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৬.কৌশল কিশোৰ:নগৰ আৰু গৃহনিৰ্মাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৭.অজয় ভাট- প্রতিৰক্ষা আৰু পৰ্যটন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

২৮.বি এল বর্মা- উত্তৰ-পূর্বাঞ্চল উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৯.অজয় কুমাৰ:গৃহ দপ্তৰৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩০.দেবুসিং চৌহান- যোগাযোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

৩১.ভগবন্ত খুবা- নবীকরণ ও পুনর্ব্যৱহাৰযোগ্য শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩২.কপিল মোৰেশ্বৰ পাটিল- পঞ্চায়তী ৰাজ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৩.প্রতিমা ভৌমিক- সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৪.ডা. সুভাষ সৰকাৰ: শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

৩৫.শান্তনু ঠাকুৰ: বন্দৰ জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৬.জন বাৰলা – সংখ্যলঘু সম্প্রদায় বিষয়ক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৭.নিশীথ প্রামাণিক– গৃহ আৰু ক্রীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৮.ভগবত কিষাণ ৰাও কাৰাড:অৰ্থ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

৩৯.ৰাজকুমাৰ ৰঞ্জন সিং-বিদেশ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৪০.ভাৰতী প্রবীণ পওৱাৰ:স্বাস্থ্য -পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৪১.বিশ্বেশ্বৰ টুডু- আদিবাসী বিষয়ক আৰু জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

৪২.মুঞ্জাপাৰা মহেন্দ্রভাই- নাৰী আৰু শিশু কল্যাণ,আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৪৩.এল মুৰুগান: মৎস্য, পশুপালন আৰু দুগ্ধজাত পণ্য , তথ্য -সম্প্রচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।