মোদী চৰকাৰে পাত্তা পোৱা নাই অৰ্থনীতিৰ; ই খচ্চৰ সদৃশ, গোঁৱাৰ

উচ্চতম ন্যায়ালয়ে জামিনত মুক্তি দিয়াৰ পিছতে প্ৰাক্তন বিত্ত মন্ত্ৰী চিদাম্বৰম

Modi Govt clueless about economy, it's stubborn, mulish: Chidambaram

চিদাম্বৰম। ছবি সৌজন্য-- টুইটাৰ।

ভাৰতৰ প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে আদালতৰ জামিন পোৱাৰ পিছতে বৃহস্পতিবাৰে কৈছে যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অৰ্থনীতিৰ একো পাত্তা (clue) পোৱা নাই; ই খচ্চৰসদৃশ (mulish) আৰু গোঁৱাৰ।

“চৰকাৰে অৰ্থনীতিৰ পাত্তা পোৱা নাই; বিমুদ্ৰাকৰণ, ত্ৰুটীপূৰ্ণ জি এছ টিৰ দৰে বৃহৎ ভুলক সুৰক্ষা দিয়াত ই (চৰকাৰ) গোঁৱাৰ, খচ্চৰৰ দৰে,” নতুন দিল্লীত সংবাদমেলযোগে চিদাম্বৰমে কয়।

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য, হাৰ্ভাৰ্দ ইকনমিষ্ট সুব্ৰমনিয়ন স্বামী, মোদীৰ পূৰ্বৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা অৰৱিন্দ সুব্ৰমনিয়নৰ পিছতে চিদাম্বৰমেও ভাৰতীয় অৰ্থনীতিক লৈ অনুৰূপ বিশ্লেষণ আগবঢ়াইছে।

স্বামী, অৰৱিন্দৰ দৰে চিদাম্বৰমেও মোদী চৰকাৰে দেখুওৱা দেশৰ অৰ্থনৈতিক বিকাশ হাৰ গণনাত ব্যৱহৃত পদ্ধতি (methodology)ত সন্দেহ প্ৰকাশ কৰিছে।

“অনুগ্ৰহ কৰি ডঃ অৰৱিন্দ সুব্ৰমনিয়নৰ সাৱধানবাণী মনত পেলাব যে, সন্দেহজনক পদ্ধতিৰ ফলত এই চৰকাৰৰ তলত ৫% নহয়, আচলতে ই প্ৰায় ১.৫%হে,” দেশৰ বৰ্তমানৰ জি ডি পিক লৈ চিদাম্বৰমৰ মন্তব্য।

চিদাম্বৰমে আনকি কৈছে যে চলিত বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশে যদি ৫ শতাংশও চোৱেগৈ সেয়া দেশৰ বাবে ভাগ্যৰ কথা হ’ব।

দেশৰ অৰ্থনীতিৰ বৃ্হৎ দুৰ্য্যোগ (catastrophic)ক তেওঁ “মানৱ-সৃষ্ট” বুলি মন্তব্য কৰিছে আৰু মোদীৰ “বিমুদ্ৰাকৰণ, ত্ৰুটীপূৰ্ণ জি এছ টি”ৰ দৰে পদক্ষেপলৈ আঙুলিয়াই প্ৰধান মন্ত্ৰীৰ মৌনতাক অস্বাভাৱিক বুলি অভিহিত কৰিছে।

“প্ৰধান মন্ত্ৰী অৰ্থনীতিক লৈ অস্বাভাৱিকভাৱে মৌন, তেওঁৰ মন্ত্ৰীসকলক অৰ্থহীন ডাঙৰ ডাঙৰ কথা কৈ থাকিবলৈ এৰি দিছে,” চিদাম্বৰমে কয়।

কংগ্ৰেছে এই মন্থৰতাৰ পৰা অৰ্থনীতিক মুক্ত কৰিব পাৰে, কিন্তু তেওঁলোক ভাল দিন অহালৈকে ৰ’ব লাগিব, চিদাম্বৰমে কয়।

“দেশৰ অৰ্থনীতিক এই মন্থৰতাৰ পৰা উলিয়াই আনিব পাৰি, কিন্তু সেই কামৰ বাবে এই চৰকাৰখন সক্ষম নহয়।”

পূৰ্বৰ ইউ পি এ চৰকাৰে ২০০৪ৰ পৰা ১৪ চনলৈকে এক দশকত দেশৰ ১৪ কোটি মানুহক দাৰিদ্ৰ্যমুক্ত কৰাৰ কথাও কংগ্ৰেছ নেতাজনে উল্লেখ কৰে।

“কিন্তু এন ডি এই ২০১৬ চনৰ পৰা লাখ লাখ মানুহক দাৰিদ্ৰ্য সীমাৰেখাৰ তললৈ থেলি দিছে।”

শেহতীয়াকৈ ন’বেল পোৱা অভিজিত বেনাৰ্জীৰ পৰা আৰম্ভ কৰি বিজেপি নেতা সুব্ৰমনিয়ন স্বামী হৈ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু চিদাম্বৰলৈকে সকলো অৰ্থনীতিবিদে ভাৰতীয় অৰ্থনীতিৰ সমস্যাটো “চাহিদা”ৰ বুলি বিশ্লেষণ কৰিছে।

সমস্যাটো কোনো অৰ্থনীতিবিদে “চক্ৰীয়” (cyclic) বুলি মানিব খোজা নাই আৰু তাৰ মোকাবিলাৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহক সমালোচনা কৰিছে।

স্বামীয়ে চৰকাৰক “কলা” বুলিছে, কৈছে সমস্যাটো “চাহিদা”ৰ, ক’ৰ্প’ৰে’ট টেক্স ৰেহাইৰ দৰে ব্যৱস্থাৰে উপভোক্তাৰ সমস্যাটো কিদৰে সমাধান কৰিব?

চিদাম্বৰমেও বৃ্হস্পতিবাৰে সদৃশ মন্তব্য কৰিছে। “চাহিদা কমিছে। কাৰণ মানুহে কিনা নাই। কাৰণ, মানুহৰ হাতত পইচা নাই,” চিদাম্বৰমে কয়।

লাইন-লেংথ বেলেগ হ’লেও সকলো অৰ্থনীতিবিদেই সমস্যাটো সন্দৰ্ভত একমত: সমাধানটো লাগে “চাহিদা” বৃদ্ধিৰ।

চৰকাৰক সমালোচনাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চিদাম্বৰমে কয় যে ভাৰতত বৰ্তমান সকলোতে ভয়ে দেখা দিছে, মিডিয়াকো ভয়ে ছানি ধৰিছে।

তেওঁক জে’ললৈ পঠিওৱা বিষয়টো আদালতৰ বিচাৰাধীন (sub judice) বুলি উল্লেখ কৰি চিদাম্বৰমে কয় যে সেই বিষয়ত অধিক জনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটো পঢ়ি চাব পাৰে।

 

জম্মু-কাশ্মীৰৰ লোকসকলক যোৱা ৪ আগষ্টৰ পৰা “মৌলিক স্বাধীনতা” দিয়া হোৱা নাই বুলি উল্লেখ কৰি চিদাম্বৰমে তালৈ তেওঁ যোৱাৰ ইচ্ছাও প্ৰকাশ কৰে।

“যদি চৰকাৰে অনুমতি দিয়ে,” চিদাম্বৰমে কয়।