কোভিড আক্ৰান্ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ আশু আৰোগ্য কামনা মোদীৰ

a mod12

কোভিড আক্ৰান্ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ আশু আৰোগ্য কামনা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে।টুইটাৰত মোদীয়ে ইমৰাণ খান শীঘ্ৰে কোভিডৰ পৰা মুক্ত হোৱাৰ কামনা কৰিছে।

উল্লেখ্য ভাৰতেও পাকিস্তানক কোভিডৰ ভেকচিন আগবঢ়াইছে যদিও ভাৰতৰ ভেকচিন গ্ৰহণ কৰাৰ পিছত ইমৰাণ খান কোভিডত আক্ৰান্ত হোৱা নাই।

চীনৰ ভেকচিন গ্ৰহণ কৰাৰ পিছতহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকী কোভিডত আক্ৰান্ত হৈছে।

কালি পাকিস্তানৰ মন্ত্ৰী ফৈজল চুলতানে কোভিডৰ ভেকচিন গ্ৰহণ কৰাৰ দুদিন পিছতে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান কোভিডত আক্ৰান্ত হোৱা বুলি ঘোষণা কৰিছিল।

ইফালে জন হপকিন্স বিশ্ববিদ্যালয়ৰ মতে পাকিস্তানত কোভিডত আক্ৰান্ত হৈ ১৩,৭৯৯ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৬,২৩,১৩৫ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

উল্লেখ্য যে একাল বিশ্বৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ আৰু বৰ্তমানৰ পাকিস্তানৰ ৬৮ বছৰীয়া প্ৰধানমন্ত্ৰী ইমৰাণ খানে দুদিন পূৰ্বে কোভিড১৯ৰ প্ৰথমটো ভেকচিন গ্ৰহণ কৰিছিল।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চীনত প্ৰস্তুত কৰা কোভিড ভেকচিন Sinovac গ্ৰহণ কৰিছিল।

চিকিৎসাৰ বিশেষজ্ঞৰ মতে কোভিড ভেকিচনক কোভিড১৯ প্ৰতিৰোধৰ বাবে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তি বৃদ্ধি কৰিবলৈ এসপ্তাহ সময়ৰ প্ৰয়োজন হয়।

সংবাদ সংস্থা ৰয়টাৰৰ মতে বিগত কিছুদিনৰ পৰা নিয়মীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজধানী ইছলামাবাদত বিভিন্ন অনুষ্ঠান আৰু বৈঠকত অংশগ্ৰহণ কৰি আহিছে।

আনহাতে শুকুৰবাৰে ইমৰাণ খানে মাস্ক পৰিধান নকৰাকৈয়ে এটা গৃহ প্ৰকল্প উদ্বোধন কৰিছিল য’ত বিশাল সংখ্যক লোক উপস্থিত আছিল।